কেতিয়া AI আপডেট লাভ কৰিব ভাৰতৰ iPhone 16 ব্যৱহাৰকাৰীয়ে ?
অহা সপ্তাহত যিকোনো সময়তে এপলে iOS 18.4 ৰ বিটা সংস্কৰণ মুকলি কৰিব পাৰে। ব্লুমবাৰ্গৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকেও এই সন্দৰ্ভত এক্সত পোষ্ট কৰিছে। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে, iOS 18 ৰ নতুন আপডেটত মানুহে বহুতো নতুন AI ফিচাৰ লাভ কৰিব।

যোৱা বছৰ যেতিয়া বিশ্বৰ সৰ্ববৃহৎ টেক কোম্পানী এপলে iPhone 16 Series মুকলি কৰিছিল, তেতিয়া iOS 18 ৰ নতুন আপডেট অনাৰ কথা কৈছিল। ইয়াত বহুতো AI প্ৰৱৰ্তন কৰাৰ কথা আছিল । কিছুদিনৰ আগতে যেতিয়া iOS 18.3 আপডেট মুকলি হৈছিল, তেতিয়া আমেৰিকাৰ মানুহে AI ফিচাৰ পাইছিল, কিন্তু ভাৰত আৰু চীনৰ ব্যৱহাৰকাৰীয়ে এই ফিচাৰ নাপালে।
ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি অহা সপ্তাহত যিকোনো সময়তে এপলে iOS 18.4 ৰ বিটা সংস্কৰণ মুকলি কৰিব পাৰে। ব্লুমবাৰ্গৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকেও এই সন্দৰ্ভত এক্সত পোষ্ট কৰিছে। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে, iOS 18 ৰ নতুন আপডেটত মানুহে বহুতো নতুন AI ফিচাৰ লাভ কৰিব।
এপল iOS 18 ৰ নতুন আপডেটৰ সকলো ফিচাৰ ইয়াৰ AI ব্যক্তিগত সহায়ক Siri ৰ জৰিয়তে লাভ কৰিব পাৰিব। এইটোও হ’ব Siri নতুন সংস্কৰণ। শেহতীয়াকৈ গুগলে নিজৰ AI Gemini ৰ নতুন আপডেট দিছে, আনহাতে Samsung য়ে নতুন S25 ফোন ছিৰিজত Galaxy AI ৰ উন্নত ফিচাৰ প্ৰদান কৰিছে।
যেতিয়া iOS 18.3 আপডেট মুকলি কৰা হৈছিল, তেতিয়া ইয়াৰ বহু ফিচাৰ ভাৰত আৰু চীনৰ দৰে দেশৰ এপল আইফোন ব্যৱহাৰকাৰীয়ে লাভ কৰা নাছিল। নতুন আপডেটৰ লগে লগে পূৰ্বৰ আপডেটৰ সকলো ফিচাৰ লাভ কৰিব ভাৰত আৰু চীনৰ গ্ৰাহকে।