শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ATM ৰ পৰা ধন উলিওৱা হৈ পৰিব ব্যয়বহুল, ১ মে’ৰ পৰা ভৰিব লাগিব অতিৰিক্ত মাচুল…

ATM ব্যৱহাৰ কৰে নেকি? এতিয়াৰ পৰা ATM ৰ যোগেদি ধন উলিয়াবলৈ গ্ৰাহকে ভৰিব লাগিব অধিক মাচুল। ১ মে'ৰ পৰা সলনি হ'ব এই নিয়ম। ইয়াৰ অধীনত গ্ৰাহকে ভৰিব লাগিব অধিক টকা।

ATM ৰ পৰা ধন উলিওৱা হৈ পৰিব ব্যয়বহুল, ১ মে’ৰ পৰা ভৰিব লাগিব অতিৰিক্ত মাচুল…
এটিএমImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 Mar 2025 12:17 PM

দেশত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। কিন্তু ইয়াৰ মাজতে জনতাৰ ওপৰত আন এক মাধমাৰ সোধাইছে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে। আজিকালি ডিজিটেলৰ যুগ। যাৰ বাবে টকা-পইচাৰ লেনদনো অনলাইনৰ যোগেদি হয়। কিন্তু তাৰ পাছতো নগদ ধনৰ প্ৰয়োজন নুই কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত নগদ ধনৰ বাবে গ্ৰাহকে ATM  ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু এতিয়া  ATM  ৰ পৰা ধন উলিওৱাও হৈ পৰিব ব্যয়বহুল। কিয়নো ATM  ৰ পৰা ধন উলিয়ালে গ্ৰাহকে দিব লাগিব অধিক টকা। ১ মে’ৰ পৰা বৃদ্ধি হ’ব ATM  ৰ পৰা ধন উলিওৱাৰ খৰচ।

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক এটিএমৰ মাচুল বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে। ফলত এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ বৃদ্ধি হ’ব। জানিব পৰা মতে, এটিএমৰ পৰা ফাইনেনচিয়েল লেনদেনৰ মাচুল ২ টকা আৰু  ননফাইনেনচিয়েল লেনদেনৰ মাচুল ১ টকাকৈ বৃদ্ধি পাইছে। যাৰ বাবে এতিয়াৰে পৰা এটিএমৰ পৰা ধন উলিয়াওতে ১৯ টকা চাৰ্জ কৰ্তন কৰা হ’ব। পূৰ্বে ইয়াৰ পৰিমাণ আছিল ১৭ টকা। আনহাতে, বেলেঞ্চ পৰীক্ষা কৰিবলৈ বা আন কোনো তথ্য লাভ কৰিবলৈ এটিএম ব্যৱহাৰ কৰিলে ১ মে’ৰ পৰা ৬ টকাৰ পৰিৱৰ্তে ৭ টকা খৰচ কৰিব লাগিব গ্ৰাহকে।

উল্লেখ্য যে, এটিএমৰ পৰা ধন উলিওৱাৰ বাবে প্ৰতিমাহে এটা নিৰ্দিষ্ট মাচুল কৰ্তন কৰা হয়। মেট্ৰ’ চহৰত প্ৰথম ৫টা লেনদেনৰ বাবে কোনো মাচুল লোৱা নহয় । নন-মেট্ৰ’ চহৰত এটিএমৰ পৰা নগদ ধন ৩ বাৰলৈকে বিনামূলীয়াকৈ উলিয়াব পাৰি। তাৰ পিছত প্ৰতিবাৰেই এটিএমৰ পৰা ধন উলিয়ালে, ১৭ টকা মাচুল দিব লাগে। কিন্তু এতিয়াৰ পৰা এই পৰিমাণ বৃদ্ধি পাব আৰু ১ মে’ৰ পৰা ১৯ টকাকৈ কৰ্তন কৰা হ’ব।

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যন (এন পি চি আই)ৰ পৰামৰ্শৰ পিছত আৰ বি আইৰ অনুমোদিত পুনৰীক্ষণৰ অংশ হিচাপে এই এ টি এম মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰোপৰি এ টি এমৰ মাচুল বৃদ্ধি কৰাৰ বাবে বেংকসমূহে দীৰ্ঘদিন ধৰি অনুৰোধ জনাই আহিছিল।

এটিএমৰ মাচুল বৃদ্ধিৰ লগে লগে নিয়মীয়া এটিএম ব্যৱহাৰকাৰীসকলে অতিৰিক্ত চাৰ্জৰ পৰা হাত সাৰিবলৈ ডিজিটেল পেমেণ্ট ব্যৱহাৰ বৃদ্ধি কৰিব পাৰে। ইয়াৰোপৰি কিছুমানে বিনামূলীয়া লেনদেনৰ বাবে ঘৰুৱা বেংকৰ এটিএমৰ পৰা নগদ ধন উলিয়াব পাৰে। উল্লেখ্য যে, ২০২১ চনৰ জুন মাহত এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ বৃদ্ধি কৰা হৈছিল। গতিকে পুনৰ এই মাচুল বৃদ্ধিয়ে দেশৰ লাখ লাখ গ্ৰাহকক প্ৰভাৱিত কৰিব পাৰে।