নৱৰাত্ৰিৰ আনন্দতে পৰিয়ালৰ সদস্য কৰি ল’ব পাৰে ১০ লাখতকৈয়ো কম মূল্যৰ এনে এখন বাহন

সাধাৰণতে ভাৰতীয় বজাৰত মাৰুতি চুজুকি, হুণ্ডাই, টাটা মটৰ্ছ, মহিন্দ্ৰা, কিয়াৰ দৰে কোম্পানীৰ বাহনৰ প্ৰচলন অধিক। শাৰদীয় উৎসৱৰ বতৰতে এই কোম্পানীসমূহৰ কেইখনমান বাহনৰে এখন আপুনি নিজৰ পৰিয়ালৰ নতুন সদস্য কৰি তুলিব পাৰে। আপোনাৰ বাজেট অনুসৰি ১০ লাখ টকাতকৈ কম মূল্যত উপলব্ধ কেইখনমান বাহনৰ বিষয়ে চাওক।

নৱৰাত্ৰিৰ আনন্দতে পৰিয়ালৰ সদস্য কৰি ল’ব পাৰে ১০ লাখতকৈয়ো কম মূল্যৰ এনে এখন বাহন

দহ লাখতকৈ কম মূল্যৰ বাহন

Updated On: 

03 Oct 2024 18:30 PM

আজি নৱৰাত্ৰিৰ প্ৰথম দিন। দেশৰ অধিকাংশ প্ৰান্তৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৰম আকাংক্ষিত এই ক্ষণ। নৱৰাত্ৰিৰ লগে লগে আজিৰ পৰা আৰম্ভ হৈছে উৎসৱৰ বতৰ। সাধাৰণতে উৎসৱৰ বতৰত দেশৰ বজাৰত প্ৰচলিত বাহন নিমাৰ্তা কোম্পানীসমূহে বাহনসমূহত আগবঢ়ায় আকৰ্ষণীয় অফাৰ আৰু এই অফাৰৰ সুযোগ গ্ৰহণ কৰি এই উৎসৱৰ বতৰতে এখন বাহন ক্ৰয়ৰ পৰিকল্পনা ৰচে বহু লোকে। এই শাৰদীয় উৎসৱৰ বতৰত আপুনিও যদি ১০ লাখ টকাৰ বাজেটৰ ভিতৰত এখন নতুন বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছে, তেন্তে চাওঁ আহক এই বাজেটত আপুনি পূজাৰ সময়ত ক্ৰয় কৰিবপৰা এনে কেইখনমান বাহনৰ বিষয়ে।

সাধাৰণতে ভাৰতীয় বজাৰত মাৰুতি চুজুকি, হুণ্ডাই, টাটা মটৰ্ছ, মহিন্দ্ৰা, কিয়াৰ দৰে কোম্পানীৰ বাহনৰ প্ৰচলন অধিক। শাৰদীয় উৎসৱৰ বতৰতে এই কোম্পানীসমূহৰ কেইখনমান বাহনৰে এখন আপুনি নিজৰ পৰিয়ালৰ নতুন সদস্য কৰি তুলিব পাৰে। আপোনাৰ বাজেট অনুসৰি ১০ লাখ টকাতকৈ কম মূল্যত উপলব্ধ হ’ব এই কোম্পানীসমূহৰ এই বাহনকেইখন-

Maruti Suzuki Swift: মাৰুতি চুজুকিয়ে এই বছৰ গ্ৰাহকৰ বাবে মুকলি কৰিছিল কোম্পানীটোৰ অত্যন্ত জনপ্ৰিয় বাহন Swiftৰ নতুন মডেল। আপুনি এই জনপ্ৰিয় বাহনখন পেট্ৰ’ল আৰু চিএনজি ভেৰিয়েন্টত ক্ৰয় কৰিব পাৰে। এই বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৬ লাখ ৪৯ হাজাৰ টকাৰ পৰা ৯ লাখ ৫৯ হাজাৰ ৪৯৯ টকালৈকে।

Hyundai Exter: হুণ্ডাইৰ এই SUV খনৰ দেশৰ বজাৰত যথেষ্ট চাহিদা আছে। এই বাহনখনৰ বেচ ভেৰিয়েন্টৰ এক্স-শ্ব’ৰুম মূল্য ৫ লাখ ৯৯ হাজাৰ ৯০০ টকাৰ পৰা ১০ লাখ ৪২ হাজাৰ ৮০০ টকা পৰ্যন্ত হ’ব।

Tata Punch: টাটা মটৰ্ছৰ এই জনপ্ৰিয় এছ ইউ ভিখন পেট্ৰ’ল, চি এন জি আৰু ইলেক্ট্ৰিক ভেৰিয়েণ্টত উপলব্ধ। অৱশ্যে ১০ লাখ টকাৰ ভিতৰত বাহনখনৰ ইলেক্ট্ৰিক ভাৰ্চন ক্ৰয় কৰিব নোৱাৰিব। অৰ্থাৎ ১০ লাখ টকাতকৈ কম মূল্যত এই বাহনখনৰ পেট্ৰ’ল আৰু চিএনজি ভেৰিয়েন্টহে ক্ৰয় কৰিব পাৰিব। এই SUV ৰ এক্স শ্ব’ৰুম মূল্য ৬ লাখ ১২ হাজাৰ ৯০০ টকাৰ পৰা ৯ লাখ ৯৯ হাজাৰ ৯০০ টকা।

Mahindra XUV 3XO: মহিন্দ্ৰা কোম্পানীৰ এই SUV খনৰ এক্স শ্ব’ৰুম মূল্য ৭ লাখ ১৯ হাজাৰ টকাৰ পৰা ১৫ লাখ ৪৯ হাজাৰ টকা। পূজাৰ বতৰত এই বাহনখনো কৰি তুলিব পাৰে আপোনাৰ পৰিয়ালৰ সদস্য।

Kia Sonet:কিয়াৰ এই SUV খন গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। এই বাহনখনৰ বেচ ভেৰিয়েন্টৰ এক্স শ্ব’ৰুম মূল্য ৭ লাখ ৯৯ হাজাৰ ৯০০ টকাৰ পৰা ১৪ লাখ ৯১ হাজাৰ ৯০০ টকা। নৱৰাত্ৰিৰ সময়ত আপুনি এই বাহনখন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে