শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Airtel, Jio আৰু Vi ৰ এই কম মূল্যৰ ৰিচাৰ্জ প্লেনত উপলব্ধ Jio Hotstar, কিমান টকা খৰচ কৰিব লাগিব ?

আকৰ্ষণীয়া সুবিধা আগবঢ়াইছে Airtel,Vi আৰু Jio য়ে । এই তিনিটা টেলিকম কোম্পানীৰ প্ৰিপেইড ৰিচাৰ্জ প্লেনত আপুনি JioHotstar ৰ চাবস্ক্ৰিপচন লাভ কৰিব।

Airtel, Jio আৰু Vi ৰ এই কম মূল্যৰ ৰিচাৰ্জ প্লেনত উপলব্ধ Jio Hotstar, কিমান টকা খৰচ কৰিব লাগিব ?
কম মূল্যৰ ৰিচাৰ্জ প্লেন
manas-borah
Manas Borah | Updated On: 23 Mar 2025 13:30 PM

আই পি এল ২০২৫ ৰ সংস্কৰণ উপভোগ কৰাৰ বাবে আকৰ্ষণীয়া সুবিধা আগবঢ়াইছে Airtel,Vi আৰু Jio য়ে । এই তিনিটা টেলিকম কোম্পানীৰ প্ৰিপেইড ৰিচাৰ্জ প্লেনত আপুনি JioHotstar ৰ চাবস্ক্ৰিপচন লাভ কৰিব। ইয়াৰ উপৰিও এড-অন প্লেনৰ সুবিধাও ল’ব পাৰিব। JioHotstar ৰ বিনামূলীয়া চাবস্ক্ৰিপচন লাভ কৰিবলৈ কম মূল্য প্লেনৰ বাবে কিমান টকা খৰচ কৰিব লাগিব চাওক।

Airtel ৰিচাৰ্জ প্লেন

Airtel,Vi আৰু Jio ৰ প্ৰিপেইড ৰিচাৰ্জ পেকত JioHotstar চাবস্ক্ৰিপচন দিয়া হৈছে। JioHotstar ৰ বিনামূলীয়া চাবস্ক্ৰিপচনৰ সৈতে দুটা নতুন ক্ৰিকেট পেক মুকলি কৰিছে Airtel য়ে। ১০০ টকাৰ প্ৰিপেইড ৰিচাৰ্জ পেকত ৩০ দিনৰ বৈধতা আৰু মুঠ 5GB ডাটা লাভ কৰিব এই প্লেনত। এই প্লেনত ৩০ দিনৰ বাবে কোনো বাধা নোহোৱাকৈ Jio Hotstar ৰ সুবিধা লাভ কৰিব। ১৯৫ টকীয়া প্লেন ল’লে 15GB ডাটা লাভ কৰিব । ইয়াৰ উপৰিও Jio Hotstar ৰ ৯০ দিনৰ চাবস্ক্ৰিপচন উপলব্ধ। এই প্লেনৰ বৈধতা ৯০ দিনৰ।

এই দুয়োটা প্ৰিপেইড ৰিচাৰ্জ প্লেন ডাটা ভাউচাৰ। এই প্লেনত আপুনি কলিং সুবিধা লাভ নকৰে । আপুনি আপোনাৰ সক্ৰিয় ৰিচাৰ্জ প্লেনত এড অনৰ সৈতে এই সুবিধাসমূহ লাভ কৰিব পাৰে।

Vi ৰিচাৰ্জ প্লেন

Vi য়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক ডাটা ভাউচাৰ আৰু দুটা প্ৰিপেইড ৰিচাৰ্জ প্লেন আগবঢ়ায়। এই প্লেনসমূহৰ সৈতে JioHotstar চাবস্ক্ৰিপচন আহে। যদি আপুনি এজন Vi ব্যৱহাৰকাৰী তেন্তে IPL 2025 চোৱাৰ আটাইতকৈ সুলভ উপায় হ’ল ১০১ টকাৰ ডাটা ভাউচাৰ ৰিচাৰ্জ কৰক। তিনি মাহৰ JioHotstar চাবস্ক্ৰিপচনৰ সৈতে ইয়াৰ বৈধতা ৩০-দিনৰ। ইয়াত মুঠ 5GB ডাটা উপলব্ধ। কিন্তু ইয়াৰ বাবে প্ৰথমে আপোনাৰ এটা সক্ৰিয় ৰিচাৰ্জ প্লেন থাকিব লাগিব।

Jio ৰ ৰিচাৰ্জ প্লেন

Jio ৰ ১০০ টকীয়া প্লেনত ৯০ দিনৰ বৈধতা পোৱা যায়। মুঠ 5GB ডাটা প্ৰদান কৰা এই প্লেনত আপুনি JioHotstarৰ বিনামূলীয়া চাবস্ক্ৰিপচন পাব।

প্ৰিপেইড প্লেনত JioHotstar চাবস্ক্ৰিপচন কেনেকৈ পাব ?

যদি আপুনি প্ৰিপেইড ৰিচাৰ্জ প্লেনত Jio Hotstar চাবস্ক্ৰিপচন পাইছে, তেন্তে ব্যৱহাৰ কৰিবলৈ আপুনি বিশেষ একো কৰিব নালাগে। আপুনি মাত্ৰ আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰৰ সৈতে Jio Hotstar ত লগইন কৰিব লাগিব। ইয়াৰ পিছত সেই নম্বৰত OTP আহিব। OTP ত দিয়াৰ লগে লগে Jio Hotstar চাব পাৰিব।