শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ এটা ফোন কলে হেক কৰি দিব পাৰে জীৱন ! কল মাৰ্জিঙৰ জৰিয়তে কেনেকৈ প্ৰৱঞ্চনা কৰে চাইবাৰ অপৰাধীয়ে ?

শেহতীয়াকৈ কল মাৰ্জিঙৰ জৰিয়তে এক নতুন পদ্ধতিৰে চাইবাৰ অপৰাধ সংঘটিত কৰিছে অপৰাধীয়ে । য’ত প্ৰৱঞ্চকে ভুক্তভোগীৰ হোৱাটছএপ, জিমেইল, বেংক একাউণ্ট আৰু অন্যান্য ডিজিটেল ডাটাৰ হেক কৰে। এই প্ৰৱঞ্চকসকলে বিশেষকৈ চিকিৎসক, ব্যৱসায়ী আৰু উচ্চ পদবীত থকা বিষয়াসকলক লক্ষ্য কৰি লৈছে।

মাত্ৰ এটা ফোন কলে হেক কৰি দিব পাৰে জীৱন ! কল মাৰ্জিঙৰ জৰিয়তে কেনেকৈ প্ৰৱঞ্চনা কৰে চাইবাৰ অপৰাধীয়ে ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 22 Mar 2025 11:46 AM

দেশত চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । চাইবাৰ অপৰাধীয়ে নতুন পদ্ধতি গ্ৰহণ কৰি মানুহক প্ৰতাৰণা কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে। শেহতীয়াকৈ কল মাৰ্জিঙৰ জৰিয়তে এক নতুন পদ্ধতিৰে চাইবাৰ অপৰাধ সংঘটিত কৰিছে অপৰাধীয়ে । য’ত প্ৰৱঞ্চকে ভুক্তভোগীৰ হোৱাটছএপ, জিমেইল, বেংক একাউণ্ট আৰু অন্যান্য ডিজিটেল ডাটাৰ হেক কৰে। এই প্ৰৱঞ্চকসকলে বিশেষকৈ চিকিৎসক, ব্যৱসায়ী আৰু উচ্চ পদবীত থকা বিষয়াসকলক লক্ষ্য কৰি লৈছে।

কল মাৰ্জিং জালিয়াতি কেনেকৈ কৰে?

এই অপৰাধীয়ে প্ৰথমে কোনো চিনাকি ব্যক্তিৰ মাতত ফোন কৰে বা বিশ্বাসযোগ্য নাম ব্যৱহাৰ কৰি নিজৰ পৰিচয় দিয়ে। তাৰ পিছত কোনো অজুহাতত তেওঁলোকে ভুক্তভোগীক ফোন মাৰ্জিং কৰিবলৈ কয়, যেন ই কোনো পৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ।

কল মাৰ্জ হোৱাৰ লগে লগে অপৰাধীয়ে অ’টিপি জনাৰ চেষ্টা কৰে । অ’টিপি লাভ কৰাৰ লগে লগে তেওঁলোকে ভুক্তভোগীৰ একাউণ্ট হেক কৰে আৰু তেওঁৰ ইমেইল, ফটো, বেংকৰ তথ্য আৰু স্থানৰ সকলো ডাটা লাভ কৰে। two-factor authentication জৰিয়তে হোৱাটছএপ হেকিঙৰ চেষ্টা কৰে অপৰাধীয়ে । হোৱাটছএপ হেক কৰাৰ লগে লগে ভুক্তভোগীৰ সৈতে যোগাযোগত থকা লোকসকলকো লক্ষ্য কৰি লয় ।

এই প্ৰৱঞ্চনাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

  • কল মাৰ্জিঙৰ পৰা আঁতৰি থাকক: যদি কোনোবাই আপোনাক কল মাৰ্জ কৰিবলৈ কয়, তেন্তে তৎক্ষণাত সতৰ্ক হওক। কোনো অজ্ঞাত নম্বৰৰ পৰা অহা ফোনক বিশ্বাস নকৰিব।
  • কাৰো লগত অ’টিপি শ্বেয়াৰ নকৰিব: কোনোবাই নিজকে বেংকৰ বিষয়া বা চৰকাৰী কৰ্মচাৰী বুলি পৰিচয় দিলেও কেতিয়াও অ’টিপি শ্বেয়াৰ নকৰিব।
  • সন্দেহজনক ফোন পৰীক্ষা কৰক: যদি কোনো অচিনাকি ব্যক্তিয়ে অস্বাভাৱিক কিবা এটা দাবী কৰে, তেন্তে ফোনটো কাটি দিয়ক আৰু ব্যক্তিজনক নিজেই ফোন কৰক আৰু পৰীক্ষা কৰক।
  • বেংকিং আৰু ইউপিআই লেনদেনৰ ওপৰত সীমা নিৰ্ধাৰণ কৰক: এই প্ৰৱঞ্চকৰ পৰা হাত সাৰিবলৈ ইউপিআই আৰু বেংক একাউণ্টত লেনদেনৰ সীমা নিৰ্ধাৰণ কৰক।

প্ৰৱঞ্চনাৰ বলি হ’লে কি কৰিব?

  • লগে লগে ১৯৩০ চাইবাৰ হেল্পলাইনত ফোন কৰি ঘটনাৰ বিৱৰণ দিব।
  • আপোনাৰ বেংকক অৱগত কৰক যাতে সন্দেহজনক লেনদেন বন্ধ কৰিব পৰা যায়।
  • তৎক্ষণাত হোৱাটছএপ আৰু জিমেইলৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়া আৰম্ভ কৰক আৰু আপোনাৰ একাউণ্ট সুৰক্ষিত কৰক।
  • কল মাৰ্জিং কেলেংকাৰী হৈছে এক নতুন আৰু বিপজ্জনক চাইবাৰ অপৰাধ, যাৰ বিৰুদ্ধে সতৰ্কতাই হৈছে সুৰক্ষাৰ আটাইতকৈ উপায়। প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সজাগ হওক আৰু আপোনাৰ ডিজিটেল একাউণ্টসমূহ সুৰক্ষিত ৰাখক।