প্ৰতিদিনে ৫ টকা ব্যয় কৰি লাভ কৰক BSNL ৰ আনলিমিটেড ডাটা
দীৰ্ঘদিনীয়া বৈধতা আৰু সুলভ মূল্যৰ BSNL প্ৰিপেইড প্লেনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব। কোম্পানীটোৰ ৮৯৭ টকাৰ প্ৰিপেইড প্লেনে প্ৰতিদিনে মাত্ৰ ৫ টকাতকৈ কম মূল্যত ব্যৱহাৰকাৰীক ডাঙৰ সুবিধা প্ৰদান কৰে। জানক এই প্লেনৰ সুবিধাবোৰ...

BSNL য়ে দ্ৰুতগতিত 4G নেটৱৰ্ক সম্প্ৰসাৰণ কৰি শীঘ্ৰে 5G সেৱাৰ পৰীক্ষণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে । চৰকাৰী টেলিকম কোম্পানীটোৱে চলিত বৰ্ষৰ প্ৰথমাৰ্ধৰ ভিতৰত সমগ্ৰ দেশতে ১ লাখ নতুন 4G মোবাইল টাৱাৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এতিয়ালৈকে ৬৫ হাজাৰৰো অধিক 4G টাৱাৰ লাইভ কৰা হৈছে। BSNL য়ে নিজৰ সস্তীয়া আৰু দীঘলীয়া বৈধতা প্লেনৰ জৰিয়তে ব্যক্তিগত টেলিকম কোম্পানীৰ সৈতে কঠোৰ প্ৰতিযোগিতাত নামিছে ।
BSNLৰ ১৮০ দিনৰ প্লেন
দীৰ্ঘদিনীয়া বৈধতা আৰু সুলভ মূল্যৰ BSNL প্ৰিপেইড প্লেনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব। কোম্পানীটোৰ ৮৯৭ টকাৰ প্ৰিপেইড প্লেনে প্ৰতিদিনে মাত্ৰ ৫ টকাতকৈ কম মূল্যত ব্যৱহাৰকাৰীক ডাঙৰ সুবিধা প্ৰদান কৰে।
BSNLৰ এই প্লেনৰ লাভ
BSNLৰ এই প্লেনত আপুনি আনলিমিটেড কলিং, নেচনেল ৰোমিং, দৈনিক ১০০ SMS আৰু সকলো নেটৱৰ্কতে মুঠ 90GB ডাটা লাভ কৰিব। ইয়াত আপোনাৰ কোনো দৈনিক সীমা নাথাকিব। লগতে, BSNL ৰ এই প্লেনত আপুনি BiTV (450+ লাইভ টিভি চেনেল আৰু বহুতো OTT এপ) চাবস্ক্ৰিপচন বিনামূলীয়াকৈ লাভ কৰিব।
BSNLৰ নতুন প্লেন
ট্ৰাইৰ নিৰ্দেশ অনুসৰি BSNL য়ে ৯৯ টকাৰ পৰা আৰম্ভ কৰি দুটা নতুন প্লেন আৰম্ভ কৰিছে, য’ত কেৱল আনলিমিটেড কলিং সুবিধা প্ৰদান কৰা হৈছে।
BSNL বনাম ব্যক্তিগত কোম্পানী
বিএছএনএলৰ ১৮০ দিনৰ প্লেনৰ সৈতে কেৱল ভোডাফোন আইডিয়া (Vi)য়েহে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । ইয়াৰ কাৰণ জিঅ’ আৰু এয়াৰটেলৰ ইমান দীঘলীয়া বৈধতাৰ কোনো প্লেন নাই। এনে পৰিস্থিতিত যিসকল ব্যৱহাৰকাৰীয়ে দীৰ্ঘদিনীয়া বৈধতা আৰু সুলভ মূল্যত সীমাহীন কলিং বিচাৰে তেওঁলোকৰ বাবে BSNL উত্তম বিকল্প হৈ পৰিছে।