বাম্পাৰ অফাৰঃ মাত্ৰ ৩৯৯ টকাৰ ৰিছাৰ্জতে ১০০০ জিবি ডাটাৰ লগতে বহু সুবিধা দিছে এই টেলিকম প্ৰতিষ্ঠানে
BSNL- এ গ্ৰাহকসকলৰ সুবিধাৰ বাবে কম মূল্যৰ প্লেনতে বহু আকৰ্ষণীয় সুবিধাৰে এক কথাত বাম্পাৰ অফাৰ আগবঢ়াইছে। টেলিকম প্ৰতিষ্ঠানটোৱে ফাইবাৰ বেচিক প্লাছ প্লেনৰ জৰিয়তে গ্ৰাহকসকললৈ আনলিমিটেড কলিং, বিনামূলীয়া এছএমএছ, অ’টিটি চাবস্ক্ৰিপচন আৰু ১০০০ জিবিতকৈ অধিক ডাটা প্ৰদান কৰিছে।
ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে সম্প্ৰতি অধিকাংশ লোকে ফাইবাৰৰ সংযোগ ল’বলগা হৈছে। জিঅ’, এয়াৰটেল, ভোডাফোন আদি টেলিকম কোম্পানীসমূহৰ লগতে BSNL- এও গ্ৰাহকৰ বাবে ফাইবাৰ সেৱা আগবঢ়াইছে। BSNL- এ গ্ৰাহকসকলৰ সুবিধাৰ বাবে কম মূল্যৰ প্লেনতে বহু আকৰ্ষণীয় সুবিধাৰে এক কথাত বাম্পাৰ অফাৰ আগবঢ়াইছে। টেলিকম প্ৰতিষ্ঠানটোৱে ফাইবাৰ বেচিক প্লাছ প্লেনৰ জৰিয়তে গ্ৰাহকসকললৈ আনলিমিটেড কলিং, বিনামূলীয়া এছএমএছ, অ’টিটি চাবস্ক্ৰিপচন আৰু ১০০০ জিবিতকৈ অধিক ডাটা প্ৰদান কৰিছে।
ফাইবাৰ সেৱাৰ ক্ষেত্ৰত BSNL- এ ডাটা আৰু আনলিমিটেড ফোন কলৰ সুবিধাৰ লগতে OTT প্লেটফৰ্মৰ চাবস্ক্ৰিপচনো প্ৰদান কৰিছে। এই অ’টিটি প্লেটফৰ্মসমূহৰ ভিতৰত ডিজনী প্লাছ হটষ্টাৰ প্ৰিমিয়াম, চনী লিভ আৰু Voot অন্যতম। ৯৯৯ টকাতে গ্ৰাহকসকলে লাভ কৰিব হাই স্পীড ইন্টাৰনেট ডাটা, আনলিমিটেড কলিং আৰু বিনামূলীয়া অ’টিটি চাবস্ক্ৰিপচন।
লগতে গ্ৰাহকসকলে BSNL ৰ ৩৯৯ টকীয়া প্লেনৰ সুবিধাও গ্ৰহণ কৰিব পাৰিব। এই প্লেনত এমাহৰ বৈধতা লাভ কৰিব গ্ৰাহকসকলে। এই প্লেনত ৩০ Mbps গতিৰে ১০০০ জিবি ডাটা প্ৰদান কৰা হৈছে। ডাটাৰ লগতে ফিক্সড কানেকচনৰ জৰিয়তে সমগ্ৰ দেশতে বিনামূলীয়া কলিঙৰ সুবিধাও লাভ কৰিব। ইফালে BSNL ৰ ৯৯৯ টকীয়া প্লেনত গ্ৰাহকসকলে ১৫০ Mbps ৰ হাই স্পীড আৰু ২০০০ জিবি ডাটা লাভ কৰিব।
এই প্লেনত গ্ৰাহকসকলে দৈনিক ৬০GB তকৈ অধিক ডাটা ব্যৱহাৰ কৰিব পাৰিব। প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ফিক্সড কানেকচনৰ জৰিয়তে সমগ্ৰ দেশতে বিনামূলীয়াকৈ ফোন কৰিব পাৰিব। যদি আপোনাৰ হাতত BSNL নম্বৰ নাই, তেন্তে তলত দিয়া প্ৰক্ৰিয়াৰে আপুনি নিজৰ ফোন নম্বৰ BSNL লৈ পৰিৱৰ্তন কৰিব পাৰিব।
ইয়াৰ বাবে আপুনি মাত্ৰ আপোনাৰ মোবাইল নম্বৰৰ পিছত ‘PORT’ লিখি ১৯০০ নম্বৰত এছএমএছ প্ৰেৰণ কৰিব লাগিব। ইয়াৰ আপুনি এটা ইউনিক পৰ্টিং ক’ড (UPC) লাভ কৰিব। ইয়াৰ পিছত BSNL ৰ Customer Care Center (CSC) বা যিকোনো চৰকাৰী দোকানলৈ যাওক। ইয়াত আপুনি গ্ৰাহক আবেদন প্ৰ-পত্ৰ (CAF) পূৰণ কৰি পৰ্টিং মাচুল জমা কৰিব লাগিব। ইয়াৰ পিছত আপুনি পূৰ্বৰ নম্বৰতে BSNL চিম কাৰ্ড লাভ কৰিব।