মাত্ৰ ১ টকাত ১ জিবি ডাটা! জানক BSNL ৰ নতুন ৰিচাৰ্জ প্লেনৰ বিষয়ে…
যোৱা কেইটামান মাহৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে BSNL য়ে। ইযাৰ মাজতে টেলিকম কোম্পানীটোৱে লৈ আহিছে বিশেষ ৰিচাৰ্জ প্লেন। যাৰ অধীনত গ্ৰাহকে ১ টকাত ১ জিবি ডাটা লাভ কৰিব।

মাত্ৰ ১ টকাত লাভ কৰিব ১ জিবি ডাটা। শেহতীয়াকৈ BSNL য়ে আৰম্ভ কৰা এক ৰিচাৰ্জ প্লেনে গ্ৰাহকক দিব বহু সুবিধা। বিশেষকৈ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে এই প্লেন লাভজনক হ’ব। যোৱা কেইটামান মাহৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে টেলিকম কোম্পানী BSNL য়ে। ২০২৪ চনৰ জুলাই মাহতগ্ৰেণ্ড কামবেকৰ পিছৰে পৰা BSNL য়েনিজৰ মোবাইল নেটৱৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে নতুন ৰিচাৰ্জ প্লেন আৰম্ভ কৰিছে, যিয়ে ব্যক্তিগত টেলিকম কোম্পানীসমূহকো আচৰিত কৰি তুলিছে।
বিশেষকৈ যিসকলে ইণ্টাৰনেটৰ বহু পৰিমাণে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এই ৰিচাৰ্জ প্লেন সুবিধাজনক। অ’টিটি প্লেটফৰ্মত ষ্ট্ৰীমিঙৰ ক্ষেত্ৰতো এই ৰিচাৰ্জ প্লেন লাভজনক হ’ব।
আই পি এলৰ ছিজনৰ প্ৰতি লক্ষ্য ৰাখি বি এছ এন এলে ২৫১ টকাৰ বিশেষ ৰিচাৰ্জ প্লেন আৰম্ভ কৰিছে। ২৫১ টকাৰ এই প্লেন ক্ৰিকেট প্ৰেমীসকলৰ বাবে অতি সুবিধাজনক হ’ব। ইয়াৰ অধীনত গ্ৰাহকে ২৫১ জিবি হাই-স্পীড ডাটা লাভ কৰিব। এক কথাত ১ টকাত ১ জিবি ডাটা লাভ কৰিব। এই ৰিচাৰ্জ প্লেনৰ বৈধতা ৬০ দিন। অৰ্থাৎ দুমাহৰ বাবে কোনো ধৰণৰ বাধা নোহোৱাকৈ গ্ৰাহকে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব।
এই সন্দৰ্ভত বিএছএনএলে এক্সত পোষ্ট কৰিছে যে মাত্ৰ ২৫১ টকাত ২৫১ জিবি হাইস্পীড ডাটা উপলব্ধ হ’ব, আৰু ৬০ দিন ধৰি ক্ৰিকেট মেচ অবিৰতভাৱে চাই থাকিলেও কোনো সমস্যা নপৰিব।
অৱশ্যে এই প্লেন লোৱাৰ আগতে আপুনি জনা উচিত যে ইয়াত কোনো ধৰণৰ কলিং বা এছএমএছৰ সুবিধা নাই। কল বা এছএমএছ কৰিব বিচাৰিলে বেলেগে ৰিচাৰ্জ কৰিব লাগিব।