এই ৫ খন বাহনে দিব যথেষ্ট মাইলেজ, কম হ’ব খৰচোঃ জানিবলৈ চাওক এই লেখা | CNG cars under 10 lakhs better mileage Maruti Suzuki Tata Hyundai Assam news - Assam Tv9

এই ৫ খন বাহনে দিব যথেষ্ট মাইলেজ, কম হ’ব খৰচোঃ জানিবলৈ চাওক এই লেখা

Published: 

15 Jul 2024 18:51 PM

ইন্ধনৰ ক্ৰমবৰ্ধিত দৰৰ এই সময়ত অধিক মাইলেজ দিয়া অথচ কম খৰচী এখন বাহন স্বাভাৱিকতেই সকলোৱে আদৰি ল’ব। যদি আপুনিও অধিক মাইলেজৰ সুবিধা থকা আৰু কম খৰচী এখন চিএনজি বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি এই ৫খন বাহন চাব পাৰে। এই পাঁচখন চিএনজি বাহনৰ দাম ১০ লাখতকৈও কম।

1 / 5Maruti

Maruti Suzuki Alto K10 CNG: এই বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৫.৭৩ লাখ টকাৰ পৰা আৰম্ভ হয়। মাৰুতি চুজুকিয়ে দাবী কৰিছে যে অল্ট’ কে১০ চিএনজিয়ে প্ৰতি কিলোগ্ৰাম চিএনজিত ৩৩.৮৫ কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিব পাৰে।

2 / 5

Maruti Suzuki S-Presso: এই বাহনখনে প্ৰতি কিলোগ্ৰাম চিএনজিত ৩২.৭৩ কিলোমিটাৰ মাইলেজ দিব পাৰে। বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৫.৯১ লাখ টকাৰ পৰা আৰম্ভ হয়।

3 / 5

Maruti Suzuki WagonR CNG: ভাৰতৰ অন্যতম বেষ্ট চেলাৰ গাড়ী WagonR CNG সংস্কৰণতো পোৱা যায়। এই বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৬.৪৪ লাখ টকাৰ পৰা আৰম্ভ হয়। এই চিএনজি বাহনখনে প্ৰতি কিলোগ্ৰাম চিএনজিত ৩৪.০৫ কিলোমিটাৰ মাইলেজ দিয়ে।

4 / 5

Hyundai Grand i10 Nios: এই বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৭.৬৮ লাখ টকাৰ পৰা আৰম্ভ হয়। এই চিএনজি বাহনখনে প্ৰতি কিলোগ্ৰাম চিএনজিত প্ৰায় ২৫.৬১ কিলোমিটাৰ মাইলেজ দিয়ে।

5 / 5

Tata Tiago iCNG: টাটা মটৰ্ছৰ চিএনজি বাহনত iCNG প্ৰযুক্তি উপলব্ধ। টাটাৰ এই বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৮.২৯ লাখ টকাৰ পৰা আৰম্ভণি হয়। এই গাড়ীখনে আপোনাক প্ৰতি কিলোগ্ৰাম চিএনজিত ২৬.৪৭ কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিব পাৰে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?