27 Nov 2024 16:18 PM
স্মাৰ্টফোন আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংশ হৈ পৰিছে । পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্ৰায়ে আমাৰ হাতত মোবাইল ফোনটো থাকে । ইয়াৰ মাজতে মোবাইলৰ চাৰ্জৰ সমস্যাই প্ৰায়ে অসুবিধাৰ সৃষ্টি কৰে ।
মোবাইল চাৰ্জিঙত কেতিয়াবা এনেকুৱা সমস্যা সৃষ্টি হয় যে, সম্পূৰ্ণ চাৰ্জ দিয়াৰ পাছতো অতি কম সময়ৰ ভিতৰতে চাৰ্জ ৩০-৪০ শতাংশলৈ কমি যায়। আপোনাৰ ফোনত এনেকুৱা সমস্যা হৈছে নেকি?
এই ধৰণৰ সমস্যা সৃষ্টি হ’লে কেইটামান কথা গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । প্ৰথম কথা হ’ল, কেতিয়াও ১০০ শতাংশ চাৰ্জ কৰাৰ প্ৰয়োজন নাই। যদি চাৰ্জ ২০ শতাংশৰ তললৈ নামি যায় তেন্তে লগে লগে ফোনটো চাৰ্জ কৰিব লাগে।
একেদৰে ফোনটো দেৰিকৈ চাৰ্জ হোৱাৰ এটা কাৰণ হ’ল বেয়া চাৰ্জাৰ বা চকেট। যদি চাৰ্জিং পৰ্ট বা এডাপ্টাৰ বেয়া হয়, তেন্তে মোবাইলৰ চাৰ্জিঙত বহু সময় লাগে। অত্যন্ত গৰম বা ঠাণ্ডা বতৰতো মোবাইল চাৰ্জিঙৰ এই সমস্যা সৃষ্টি হয় । গৰমত মোবাইল চাৰ্জিং পলম হয়।
উল্লেখ্য যে, চাৰ্জ কৰাৰ সময়ত ফোনটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত ফোনটোৰ বেটাৰীত চাপ পৰে। ইয়াৰ ফলত চাৰ্জিঙৰ সমস্যা হয়। কেতিয়াবা চাৰ্জিং পৰ্ট লেতেৰা হয় বা ধূলি জমা হোৱাৰ বাবে চাৰ্জিঙৰ সমস্যা সৃষ্টি হয়।