জিঅ’ নে এয়াৰটেল, এয়াৰফাইবাৰৰ ক্ষেত্ৰত কোন কোম্পানীয়ে গ্ৰাহকক দিয়ে অধিক সুবিধা!
সাধাৰণতে কম মূল্যত অধিক সুবিধা প্ৰদান কৰা সেৱাৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি পায়। সেয়ে জিঅ’ এয়াৰফাইবাৰ আৰু এয়াৰটেল এয়াৰফাইবাৰৰ মাজত কোনোবিধে অধিক সুবিধা প্ৰদান কৰে, সেই বিষয়ত গ্ৰাহকৰ মনত উদয় হোৱা প্ৰশ্নও অমূলক নহয়। গতিকে দুয়োটা কোম্পানীয়ে এয়াৰবাৰৰ জৰিয়তে গ্ৰাহকলৈ আগবঢ়োৱা সেৱাৰ প্লেনৰ দাম আৰু সুবিধাৰ বিষয়ে চাওঁ আহক।
![জিঅ’ নে এয়াৰটেল, এয়াৰফাইবাৰৰ ক্ষেত্ৰত কোন কোম্পানীয়ে গ্ৰাহকক দিয়ে অধিক সুবিধা! জিঅ’ নে এয়াৰটেল, এয়াৰফাইবাৰৰ ক্ষেত্ৰত কোন কোম্পানীয়ে গ্ৰাহকক দিয়ে অধিক সুবিধা!](https://images.assamtv9.com/uploads/2025/02/AirFiber.jpg?w=1280)
বৰ্তমান সময়ত ইণ্টাৰনেটৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে মোবাইল ইণ্টাৰনেটৰ সমান্তৰালকৈ গ্ৰাহকৰ মাজত ব্ৰডবেণ্ড সেৱা যথেষ্ট জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন টেলিকম কোম্পানীসমূহে গ্ৰাহকক এনে ব্ৰডবেণ্ড সেৱা প্ৰদান কৰি আহিছে। গ্ৰাহকসকলে সম্প্ৰতি টেলিকম কোম্পানীসমূহে প্ৰদান কৰা ৱায়াৰলেছ ব্ৰডবেণ্ড সেৱা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দেশৰ দুই প্ৰধান কোম্পানী এয়াৰটেল আৰু জিঅ’ই প্ৰদান কৰা এয়াৰফাইবাৰৰ ভিতৰত কোনটো কোম্পানীয়ে অধিক সুবিধা প্ৰদান কৰে, সেই বিষয়ে জানিবলৈ বহু গ্ৰাহকে ইচ্ছা কৰে।
সাধাৰণতে কম মূল্যত অধিক সুবিধা প্ৰদান কৰা সেৱাৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি পায়। সেয়ে জিঅ’ এয়াৰফাইবাৰ আৰু এয়াৰটেল এয়াৰফাইবাৰৰ মাজত কোনোবিধে অধিক সুবিধা প্ৰদান কৰে, সেই বিষয়ত গ্ৰাহকৰ মনত উদয় হোৱা প্ৰশ্নও অমূলক নহয়। গতিকে দুয়োটা কোম্পানীয়ে এয়াৰবাৰৰ জৰিয়তে গ্ৰাহকলৈ আগবঢ়োৱা সেৱাৰ প্লেনৰ দাম আৰু সুবিধাৰ বিষয়ে চাওঁ আহক-
ৰিলায়েন্স জিঅ’ৰ এয়াৰফাইবাৰ সেৱাৰ প্লেন ৫৯৯ টকাৰ পৰা ৩৯৯৯ টকালৈকে উপলব্ধ। কোম্পানীটোৰ ৫৯৯ টকাৰ প্লেনত ৩০ Mbps স্পীডৰ সৈতে ১০০০ জিবি ডাটা, ৮০০ৰো অধিক টিভি চেনেল আৰু ১২টা অ’টিটি এপৰ চাবস্ক্ৰিপচন লাভ কৰিব। কোম্পানীটোৱে 30Mbps ৰ আন এটা প্লেনো আগবঢ়ায়। এই প্লেনৰ দাম ৮৮৮ টকা। এই প্লেনত আন সকলো সুবিধা ৫৯৯ টকাৰ প্লেনৰ দৰেই লাভ কৰে। মাত্ৰ ১২টা অ’টিটি এপৰ সলনি ১৫টা অ’টিটি এপৰ চাবস্ক্ৰিপচনৰ সুবিধা দিয়া হৈছে।
কোম্পানীটোৱে ১০০Mbps স্পীডৰ দুটা প্লেন আগবঢ়ায়। এই প্লেন দুটা প্লেনৰ মূল্য ৮৯৯ টকা আৰু ১১৯৯ টকা। ৮৯৯ টকাৰ প্লেনত ১০০০ জিবি ডাটা, ৮০০ৰো অধিক টিভি চেনেল, ফ্ৰী কলিং আৰু ১২টা অ’টিটি এপৰ সুবিধা প্ৰদান কৰে। ১১৯৯ টকীয়া প্লেনত এই সকলোবোৰ সুবিধাৰ বাহিৰেও ১৬টা অ’টিটি এপৰ সুবিধা প্ৰদান কৰে।
জিঅ’ৰ ৩০০এমবিপিএছ স্পীড প্লেনৰ মূল্য ১৪৯৯ টকা, এই প্লেনত ১০০০ জিবি ডাটা, ফ্ৰী কলিং, ৮০০ৰো অধিক লাইভ টিভি চেনেল আৰু ১৬টা অ’টিটি এপৰ সুবিধা পোৱা যায়। এই সকলোবোৰ সুবিধাৰ লগতে ৫০০ Mbps আৰু ১ Gbps প্লেনো আগবঢ়ায় কোম্পানীটোৱে। এই প্লেনসমূহৰ মূল্য ক্ৰমে ২৪৯৯ আৰু ৩৯৯৯ টকা।
আনহাতে এয়াৰটেলৰ তিনিটা এয়াৰফাইবাৰ প্লেনৰ মূল্য ক্ৰমে ৬৯৯ টকা, ৭৯৯ টকা আৰু ৮৯৯ টকা। কোম্পানীটোৱে ৬৯৯ টকাৰ প্লেনত ৪০ Mbps স্পীড পোৱাৰ বিপৰীতে ৭৯৯ টকা আৰু ৮৯৯ টকাৰ প্লেনত ১০০ Mbps স্পীড আছে। ৬৯৯ টকা আৰু ৮৯৯ টকাৰ দুয়োটা প্লেনতে ৩৫০ টাতকৈও অধিক টিভি চেনেলৰ উপৰিও ২২ টাতকৈও অধিক অ’টিটি প্লেটফৰ্মৰ সুবিধাও লাভ কৰিব।
এয়াৰটেলে গ্ৰাহকসকলৰ বিনামূলীয়া ৰাউটাৰ আৰু ইনষ্টলেচনৰ সুবিধা প্ৰদান কৰিছে। আনহাতে আনফালে ৰিলায়েন্স জিঅ’ৰ অফিচিয়েল ৱেবছাইট অনুসৰি কোম্পানীটোৱে প্ৰথমে ১০০০ টকা ইনষ্টলেচন চাৰ্জ লৈছিল যদিও এতিয়া এই চাৰ্জ লোৱা নহয়।