5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Jio Bharat Phone : দীপাৱলীৰ ডাঙৰ উপহাৰ মুকেশ আম্বানীৰ, ৬৯৯ টকাত ক্ৰয় কৰক 4G ফোন…

জিঅ’ৰ সকলো 4G ব্যৱহাৰকাৰীয়ে এই উপহাৰৰ সুবিধা ল’ব পাৰিব। মাত্ৰ কেইমাহমানৰ আগতে ৰিলায়েন্সে ভাৰতত Jio Bharat ফোন মুকলি কৰিছিল আৰু এতিয়া কোম্পানীটোৱে এই উপহাৰৰ জৰিয়তে 4G সেৱা সকলোৰে হাতলৈ আনিছে।

Jio Bharat Phone : দীপাৱলীৰ ডাঙৰ উপহাৰ মুকেশ আম্বানীৰ, ৬৯৯ টকাত ক্ৰয় কৰক 4G ফোন…
JioBharat ফোন
manas-borah
Manas Borah | Updated On: 27 Oct 2024 22:45 PM

দিপাৱলীৰ উপলক্ষে মুকেশ আম্বানীৰ জিঅ’য়ে গ্ৰাহকৰ বাবে আগবঢ়াইছে ডাঙৰ উপহাৰ। জিঅ’ৰ সকলো 4G ব্যৱহাৰকাৰীয়ে এই উপহাৰৰ সুবিধা ল’ব পাৰিব। মাত্ৰ কেইমাহমানৰ আগতে ৰিলায়েন্সে ভাৰতত Jio Bharat ফোন মুকলি কৰিছিল আৰু এতিয়া কোম্পানীটোৱে এই উপহাৰৰ জৰিয়তে 4G সেৱা সকলোৰে হাতলৈ আনিছে। দীপাৱলীৰ অফাৰত আপুনি ৩০ শতাংশ ৰেহাইত জিঅ’ ভাৰতৰ ফোন ক্ৰয় কৰিব পাৰিব আৰু এই ফোনটো ব্যৱহাৰ কৰিবলৈ প্ৰতিমাহে ১২৩ টকা ৰিচাৰ্জ কৰিব লাগিব। য’ত আপুনি সীমাহীন বিনামূলীয়া ভইচ কলৰ সৈতে ১৪ জিবি ডাটা লাভ কৰিব ।

জিঅ’ ভাৰত ফোনত ব্যৱহৃত মাহিলী প্লেন মাত্ৰ ১২৩ টকা, যিটো এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ প্লেনতকৈ ৪০ শতাংশ কম। এই ফোনত আপুনি ৪৫৫ টাতকৈও অধিক লাইভ চেনেল, চিনেমাৰ প্ৰিমিয়াৰ আৰু QR ক’ড স্কেনিঙৰ দৰে সুবিধা পাব। লগতে ফোনত জিঅ’পে আৰু জিঅ’চাটৰ দৰে প্ৰিলোড কৰা এপৰ সুবিধা থাকিব । ষ্ট’ৰৰ বাহিৰেও জিঅ’মাৰ্ট বা আমাজনৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব।

ইয়াৰ পূৰ্বে ৰিলায়েন্স জিঅ’ই ১৫ অক্টোবৰত ইণ্ডিয়া ম’বাইল কংগ্ৰেছত দুটা নতুন 4G ফিচাৰ ফোন মুকলি কৰিছিল। V3 আৰু V4 এই দুয়োটা 4G ফিচাৰ থকা ফোন Jio Bharat Series ৰ অধীনত মুকলি কৰা হৈছিল । কোম্পানীটোৱে বজাৰত মুকলি কৰিছিল ১০৯৯ টকাৰ এই নতুন মডেল। যোৱা বছৰ কোম্পানীটোৱে মুকলি কৰিছিল Jio Bharat V2 মডেল। কোম্পানীটোৱে সেই সময়ত দাবী কৰিছিল যে, জিঅ’ ভাৰতৰ ফিচাৰ ফোনযোগে লাখ লাখ ২জি গ্ৰাহকে ৪জি নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিছে।

শেহতীয়াকৈ কোম্পানীটোৱে এই দুয়োটা ফোন 1000 mAh শক্তিশালী বেটাৰী, 128 GB লৈকে এক্সপাণ্ডেবল ষ্ট’ৰেজৰ সৈতে মুকলি কৰিছিল । এই ফিচাৰ ফোনটোত ২৩টা ভাৰতীয় ভাষা সমৰ্থন কৰে।

Latest News