Amazon ত ১ লাখ টকীয়া স্মাৰ্টফোন ক্ৰয় কৰক মাত্ৰ ৪২ হাজাৰ টকাত...! | Diwali offers: amazon discount on samsung galaxy s23 ultra vivo smartphone; details in assamese Assam news - Assam Tv9

Diwali offer : আকৰ্ষণীয় অফাৰ ! Amazon ত ১ লাখ টকীয়া স্মাৰ্টফোন ক্ৰয় কৰক মাত্ৰ ৪২ হাজাৰ টকাত…!

দীপাৱলীৰ উপলক্ষে আমাজনে স্মাৰ্টফোনত আগবঢ়াইছে আকৰ্ষণীয় অফাৰ । এই সময়ত বিশেষ কেইটামান ফোনত ৫৩ শতাংশ পৰ্যন্ত ৰেহাইৰ সুবিধা ল'ব পাৰে গ্ৰাহকে । এই প্ৰতিবেদনত এই স্মাৰ্টফোন কেইটাৰ বিষয়ে সবিশেষ উল্লেখ কৰা হৈছে ।

Diwali offer : আকৰ্ষণীয় অফাৰ ! Amazon ত ১ লাখ টকীয়া স্মাৰ্টফোন ক্ৰয় কৰক মাত্ৰ ৪২ হাজাৰ টকাত...!

নতুন স্মাৰ্টফোন

Updated On: 

28 Oct 2024 19:38 PM

বৰ্তমান সময়ত স্মাৰ্টফোন ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰতিজন গ্ৰাহকে কেমেৰাৰ ওপৰত অধিক গুৰুত্ব দিয়ে । গ্ৰাহকে স্মাৰ্টফোন ক্ৰয় কৰাৰ পূৰ্বেই প্ৰথমে কেমেৰাটো পৰীক্ষা কৰে । আজি এই প্ৰতিবেদনত ভাল কেমেৰা ফিচাৰ প্ৰদান কেইটামান স্মাৰ্টফোনৰ বিষয়ে উল্লেখ কৰা হৈছে । দীপাৱলীৰ এই সময়ত আপুনি ৫২ শতাংশ পৰ্যন্ত অফাৰ মূল্যত এই ফোন কেইটা ক্ৰয় কৰিব পাৰিব ।

Samsung Galaxy S23

এই ফোনটোৰ মূল মূল্য ৮৯,৯৯৯ টকা যদিও আপুনি ইয়াক আমাজনত ৫২ শতাংশ ৰেহাইৰ সৈতে প্ৰায় ৪২,৯৯৮ টকাত ক্ৰয় কৰিব পাৰিব । ইয়াৰ উপৰিও এই প্লেটফৰ্মে আপোনাক ২৫,৭০০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰ প্ৰদান কৰিছে । অৰ্থাৎ এক্সচেঞ্জ অফাৰত আৰু কম মূল্যত এই ফোনটো ক্ৰয় কৰিব পাৰিব। যদি আপুনি একেলগে সম্পূৰ্ণ নগদ ধন দিব নিবিচাৰে, তেন্তে আপুনি ন’ কষ্ট ইএমআইৰ সুবিধাও গ্ৰহণ কৰিব পাৰে ।

Samsung Galaxy S23 Ultra

Samsung Galaxy S23 Ultra ৰ 256 GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ১,৪৯,৯৯৯ টকা । যদি এই সময়ত এই ফোনটো ক্ৰয় কৰিব বিচাৰে তেন্তে আপুনি আমাজনৰ পৰা ৫০ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৭৪,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। এই প্লেটফৰ্মত ২৫,৭০০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰো আগবঢ়োৱা হৈছে । যদি আপুনি এক্সচেঞ্জ অফাৰৰ সুবিধা লোৱাত সফল হয় তেন্তে আপুনি এই ফোনটো ৪৯,২৯৯ টকাত কিনিব পাৰিব। যদি আপুনি ইয়াক ইএমআইত ল’ব বিচাৰে, তেন্তে ইয়াৰ মাহিলী ইএমআইৰ হ’ব মাত্ৰ ৩,৬৩৬ টকা।

Vivo V30e 5G Smartphone

২৮ শতাংশ ৰেহাইৰ সৈতে Vivo V30e 5G Smartphone মাত্ৰ ২৫,২৪০ টকাত ক্ৰয় কৰিব পাৰিব । তদুপৰি আপুনি এই ফোনটোত এক্সচেঞ্জ অফাৰৰ সুবিধা পাব পাৰে। এক্সচেঞ্জ অফাৰত ২১,১৫০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব গ্ৰাহকে ।

শৰীৰৰ পুষ্টিৰ অভাৱ পূৰণৰ বাবে তালিকাত ৰাখক এই চাৰিবধি খাদ্য...
এমাহ ধৰি খায়ছে নেকি গেছৰ টেবলেট? কদাপি নকৰিব এনে ভুল, হ’ব পাৰে বিষম পৰিস্থিতি
শুভ ফল লাভৰ বাবে ঘৰৰ এই দিশত ৰোপণ কৰক এজোপা তুলসী গছ
মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গ'ল এছিয়াটিক সোণালী মেকুৰী...