৬২ শতাংশ পৰ্যন্ত আকৰ্ষণীয় ৰেহাই লাভ কৰিব এই কেইটা স্মাৰ্টফোনত... | Diwali Sale 2024 : Discount on Nothing Phone 2a Plus, Samsung Galaxy S23 FE, Vivo T3 Ultra in Amazon Flipkart Assam news - Assam Tv9

Diwali Sale 2024 : ৬২ শতাংশ পৰ্যন্ত আকৰ্ষণীয় ৰেহাই লাভ কৰিব এই কেইটা স্মাৰ্টফোনত…

ফ্লিপকাৰ্ট দীপাৱলী বিক্ৰী আৰু আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল বিক্ৰী ২০২৪ত ভাল ব্ৰেণ্ডৰ স্মাৰ্টফোন এতিয়া ৩০ হাজাৰতকৈও কম মূল্যত উপলব্ধ হৈছে । ৰেহাই সৈতে আপুনি ক্ৰয় কৰিব পৰা এনে তিনিটা স্মাৰ্টফোনৰ বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

Diwali Sale 2024 : ৬২ শতাংশ পৰ্যন্ত আকৰ্ষণীয় ৰেহাই লাভ কৰিব এই কেইটা স্মাৰ্টফোনত...

স্মাৰ্টফোনত আকৰ্ষণীয় ৰেহাই

Updated On: 

23 Oct 2024 13:23 PM

দীপাৱলীৰ পূৰ্বে নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? প্ৰতিটো ই-কমাৰ্চ প্লেটফৰ্মতে এতিয়া আকৰ্ষণীয় ৰেহাই মূল্যত উপলব্ধ হৈছে স্মাৰ্টফোন । ফ্লিপকাৰ্ট দীপাৱলী বিক্ৰী আৰু আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল বিক্ৰী ২০২৪ত ভাল ব্ৰেণ্ডৰ স্মাৰ্টফোন এতিয়া ৩০ হাজাৰতকৈও কম মূল্যত উপলব্ধ হৈছে । ৰেহাই সৈতে আপুনি ক্ৰয় কৰিব পৰা এনে তিনিটা স্মাৰ্টফোনৰ বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, ৰেহাইৰ উপৰিও ফ্লিপকাৰ্ট চেল আৰু আমাজন চেলত বেংক কাৰ্ড আৰু পুৰণি ফোন বিনিময়ৰ ক্ষেত্ৰতো অতিৰিক্ত ৰেহাইৰ সুবিধা লাভ কৰিব। কেৱল এয়াই নহয়, গ্ৰাহকৰ সুবিধাৰ বাবে সুতমুক্ত EMIৰ সুবিধাও উপলব্ধ কৰা হৈছে ।

Nothing Phone 2a Plus

নথিং ব্ৰেণ্ডৰ এই ফোনটোত আছে মিডিয়াটেক ডাইমেনচন 735 প্ৰ’ 5G প্ৰচেছৰ, 6.7 ইঞ্চি ফুল এইচডি প্লাছ ডিছপ্লে, 50 মেগাপিক্সেল ডুৱেল ৰিয়াৰ কেমেৰা আৰু 50 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা। এই ফোনটোৰ 8জিবি/256জিবি ভেৰিয়েন্ট আমাজনত ২৩,৪৪৪ টকাত উপলব্ধ হোৱাৰ বিপৰীতে ফ্লিপকাৰ্টত একে মডেল ৰেহাইৰ পিছত ২৩,৯৯৯ টকাত উপলব্ধ।

Samsung Galaxy S23 FE Price in India

ছেমছাঙৰ এই স্মাৰ্টফোনটোৰ প্ৰকৃত মূল্য হৈছে ৫৯,৯৯৯ টকা । কিন্তু ফ্লিপকাৰ্ট বিক্ৰীত ৬২ শতাংশ ৰেহাইৰ সৈতে ২৮,৯৯৯ টকাত উপলব্ধ হৈছে। এই মূল্যত আপুনি এই ফোনটোৰ 8GB/128GB ভেৰিয়েন্ট ক্ৰয় কৰিব পাৰিব । আনহাতে, একেটা মডেলকে আমাজনৰ বিক্ৰীত ৩২,৮৭০ টকাত বিক্ৰী কৰা হৈছে। 6.4 ইঞ্চি Full HD Plus AMOLED স্ক্ৰীণৰ এই ফোনটোত Exynos 2200 প্ৰচেছৰ, 10 মেগাপিক্সেলৰ চেলফি আৰু 50 মেগাপিক্সেলৰ ডুৱেল ৰিয়াৰ কেমেৰা আছে।

Vivo T3 Ultra

উন্নত প্ৰদৰ্শনৰ বাবে এই ভিভ’ স্মাৰ্টফোনত মিডিয়াটেক ডাইমেনচন 9200 প্লাছ প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে। এই ফোনটোত 80 ৱাট চাৰ্জিং আৰু 5500 mAh বেটাৰীৰ সৈতে 6.78 ইঞ্চি AMOLED ডিছপ্লে আছে।

এই ফোনত আছে 50 মেগাপিক্সেলৰ ডুৱেল ৰিয়াৰ কেমেৰা আৰু 50 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা। যদিও এই ফোনটোৰ 8GB/128GB ভেৰিয়েন্ট ৩১,৯৯৯ টকাত বিক্ৰী কৰা হৈছে, কিন্তু বেংক কাৰ্ডৰ ৰেহাইৰ পিছত আপুনি এই ফোনটো ৩০ হাজাৰতকৈও কম মূল্যত পাব।

ভাত কেৰেলা খাই ভাল পায় নে ? জানক ভাত কেৰেলাৰ উপকাৰিতাৰ বিষয়ে...
LICৰ আকৰ্ষণীয় পলিচি: এবাৰতে পাব ২৪ লাখ টকা
আৰ্থিক সমস্যা দূৰ কৰিবলৈ ঘৰ মোচা পানীত মিহলি কৰক এই সামগ্ৰী...
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ এই পাঁচবিধ শাক খাদ্যৰ তালিকাত ৰাখক...