Artificial Intelligence: এ আই, চাট জিপিটি, ডিপছেক ব্যৱহাৰত নিষেধাজ্ঞা কিয়?

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলো কৰ্মচাৰীকে কোনো কাৰ্যালয়ৰ কামত Chat GPT বা DeepSecৰ দৰে কোনো ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে । কাৰণ এই ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে বিভিন্ন ধৰণৰ চৰকাৰী আৰু গোপন তথ্য আন দেশে লাভ কৰাৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাব ।

Artificial Intelligence: এ আই, চাট জিপিটি, ডিপছেক ব্যৱহাৰত নিষেধাজ্ঞা কিয়?

এ আই, চাট জিপিটি, ডিপছেক ব্যৱহাৰত নিষেধাজ্ঞা কিয়?

Published: 

05 Feb 2025 20:30 PM

চাট জিপিটি নে চীনৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ডিপছেক, কোন বেছি শক্তিশালী ? ইয়াকে লৈ এতিয়া চলি আছে এক শীতল যুদ্ধ। ইফালে আমাৰ দেশৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে তাত কৰ্মৰত কৰ্মচাৰীসকলক জাৰি কৰিছে এক নিৰ্দেশ । কিন্তু কেৱল ভাৰতেই এনে সিদ্ধান্ত লোৱা নাই । শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু ইটালীয়েও লৈছে একেধৰণৰ সিদ্ধান্ত ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সকলো কৰ্মচাৰীকে কোনো কাৰ্যালয়ৰ কামত Chat GPT বা DeepSecৰ দৰে কোনো ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে । কাৰণ এই ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে বিভিন্ন ধৰণৰ চৰকাৰী আৰু গোপন তথ্য আন দেশে লাভ কৰাৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাব । ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়া আৰু ইটালী চৰকাৰে ডিপছেকৰ ওপৰতো আৰোপ কৰিছিল একেধৰণৰ নিষেধাজ্ঞা ।

অ’পেন এআইৰ প্ৰতিষ্ঠাপক ছেম অল্টমেনে বুধবাৰে ভাৰত ভ্ৰমণ কৰাৰ কথা । জানিব পৰা মতে, ছেম অল্টমেনে সাক্ষাৎ কৰিব ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বনী বৈষ্ণৱক । তেওঁৰ ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল চাট জিপিটি বা ডিপছেকৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ।

২৯ জানুৱাৰীত বিত্ত মন্ত্ৰালয়ে জাৰি কৰা পৰামৰ্শত কোৱা হয় কাৰ্যালয়ৰ কম্পিউটাৰ আৰু অন্যান্য যন্ত্ৰত বিভিন্ন কৃত্ৰিম বুদ্ধিমত্তা আৰু এপ ব্যৱহাৰে চৰকাৰী নথি-পত্ৰৰ গোপনীয়তাৰ প্ৰতি বিপদৰ সৃষ্টি কৰে । বিত্ত মন্ত্ৰালয় বা ChatGPT ৰ মালিক, OpenO AI বা DeepSec ৰ কৰ্তৃপক্ষই এই বিষয়ত কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই । কিন্তু বিত্ত মন্ত্ৰালয়ত কৰ্মৰত তিনিজন কৰ্মচাৰীৰ মতে এই পৰামৰ্শ প্ৰকৃততে আভ্যন্তৰীণভাৱে জাৰি কৰা হৈছে ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে