শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইনষ্টাগ্ৰামত বাৰে বাৰে এনে ভুল কৰিছে নেকি? সাৱধান, বন্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট

ধৰণৰ সামাজিক মাধ্যম প্লেটফৰ্মসমূহত এতিয়া যুৱক-যুৱতীসকলে দিনটোৰ আজৰি সময় কটোৱা পৰিলক্ষিত হয়। আন প্লেটফৰ্মসমূহৰ লগতে এতিয়া যুৱক-যুৱতীসকলৰ মাজত ইনষ্টাগ্ৰামৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পিছে এই সামাজিক মাধ্যমসমূহ ব্যৱহাৰৰ সময়ত ব্যৱহাৰকাৰীসকল বহুক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন হয়।

ইনষ্টাগ্ৰামত বাৰে বাৰে এনে ভুল কৰিছে নেকি? সাৱধান, বন্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট
ইনষ্টাগ্ৰাম ব্যৱহাৰৰ সময়ত সাৱধান
monjit-dutta
Monjit Dutta | Published: 21 Feb 2025 23:12 PM

এতিয়া ডিজিটেল যুগ। অধিকাংশ লোকেই এতিয়া অভ্যস্ত হৈ পৰিছে ইণ্টাৰনেট ব্যৱহাৰত। এই ডিজিটেল সময়ত এতিয়া ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমসমূহ। বিভিন্ন ধৰণৰ সামাজিক মাধ্যম প্লেটফৰ্মসমূহত এতিয়া যুৱক-যুৱতীসকলে দিনটোৰ আজৰি সময় কটোৱা পৰিলক্ষিত হয়। আন প্লেটফৰ্মসমূহৰ লগতে এতিয়া যুৱক-যুৱতীসকলৰ মাজত ইনষ্টাগ্ৰামৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পিছে এই সামাজিক মাধ্যমসমূহ ব্যৱহাৰৰ সময়ত ব্যৱহাৰকাৰীসকল বহুক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন হয়।

আন সামাজিক মাধ্যম প্লেটফৰ্মসমূহৰ লগতে ইনষ্টাগ্ৰামতো বহু নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে। যদি এই নীতি নিয়মসমূহ উলংঘা কৰে, ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ হৈ পৰাৰো আশংকা থাকে। যদি ইনষ্টাগ্ৰামৰ এটা গাইডলাইনো উলংঘা কৰা হয়, তেতিয়া লাখ লাখ ফ’ল’ৱাৰ থাকিলেও আপোনাৰ একাউণ্টৰ ক্ষেত্ৰত ৰেহাই নিদিয়ে কৰ্তৃপক্ষই। গতিকে বাৰে বাৰে ইনষ্টাগ্ৰামত কিছুমান ভুল কৰাৰ পৰা বিৰত থকা উচিত।

যদি আপোনাৰ একাউণ্টে Instagram Community Guidelines অনুসৰণ নকৰে, তেতিয়া যিকোনো ক্ষণতে আপোনাৰ একাউণ্ট ব্লক কৰা হ’ব পাৰে। যদি আপুনি নিজা একাউণ্ট যোগে যিকোনো ধৰণৰ অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰে, তেতিয়া আপোনাৰ একাউণ্ট বন্ধ কৰি ৰখা হ’ব পাৰে। ইয়াৰ উপৰিও যদি আপুনি আপোনাৰ পোষ্ট বা ৰিলত নিষিদ্ধ হেচটেগ ব্যৱহাৰ কৰে, তেতিয়াও একাউণ্ট বন্ধ হৈ পৰিব পাৰে।

যদিহে ইনষ্টাগ্ৰামত আপোনাৰ প্ৰফাইল ভুৱা বুলি প্ৰমাণিত হয় বা কোনো ধৰণৰ প্ৰতাৰণাৰ অংশ বুলি ধৰা পৰে, তেতিয়াও আপোনাৰ একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইনষ্টাগ্ৰামত ব্যৱহাৰকাৰীসকলে যিকোনো বিষয়ৰ ওপৰত পোষ্ট কৰিব পাৰে। কিন্তু এইক্ষেত্ৰত ইনষ্টাগ্ৰামৰ কমিউনিটি গাইডলাইন সম্পূৰ্ণৰূপে মানি চলিব লাগিব। কোনো নিষিদ্ধ হেচটেগ ব্যৱহাৰ নকৰিব।

লগতে দেশ বিৰোধী বা ৰাজনৈতিক মতামত প্ৰকাশ কৰা যিকোনো কথা শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক। যদি আপোনাৰ কোনো ভুলৰ বাবে কেতিয়াবা একাউণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়, তেতিয়া কিদৰে আপুনি এনে পদক্ষেপৰ পৰা ৰেহাই পাব, সেই বিষয়েও জনাটো প্ৰয়োজন। ইয়াৰ বাবে প্ৰথমে আপোনাৰ ইনষ্টাগ্ৰাম খুলিব। Settings লৈ গৈ Help Center ত ক্লিক কৰক। ইয়াত আপুনি “My Instagram account has been disabled” বুলি লিখা দেখা পাব। ইয়াত ক্লিক কৰক।

ইয়াৰ পিছত আপোনাৰ একাউণ্টৰ সবিশেষ পূৰণ কৰক। ইয়াত ব্যৱহাৰকাৰীৰ নাম, ইমেইল, ফোন নম্বৰৰ দৰে সবিশেষ তথ্য সাৱধানে পূৰণ কৰক। এতিয়া একাউণ্ট বন্ধ কৰাৰ কাৰণ নিৰ্বাচন কৰক। ইনষ্টাগ্ৰামৰ কোনটো নিৰ্দেশনা অমান্য কৰাৰ বাবে আপোনাৰ একাউণ্ট নিষিদ্ধ কৰা হৈছে, সেয়া নিৰ্বাচন কৰক। এতিয়া এই পদক্ষেপৰ বিপক্ষে আপীল দাখিল কৰক। এইদৰে আপুনি ইনষ্টাগ্ৰামৰ কঠোৰ পদক্ষেপৰ বিপক্ষে আপীল কৰিব পাৰে।