২৮,২৩,৪৩,৭১,০০,০০ টকাত xAI ক X প্লেটফৰ্ম বিক্ৰী কৰিলে ইলন মাস্কে , এই xAI কি জানেনে ?

হঠাতে সকলোকে আচৰিত কৰি সিদ্ধান্ত লয় ইলন মাস্কে । শেহতীয়াকৈ তেনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ইলন মাস্কে । মাস্কে নিজৰ মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X নিজৰ কোম্পানী xAIক বিক্ৰী কৰিছে। এই চুক্তি ৩৩ বিলিয়ন ডলাৰ (প্ৰায় ২৮,২৩,৪৩,৭১,০০,০০ টকা)ৰ বাবে কৰা হৈছে । মন কৰিব যে, এইটো এটা ষ্টক চুক্তি।

২৮,২৩,৪৩,৭১,০০,০০ টকাত xAI ক X প্লেটফৰ্ম বিক্ৰী কৰিলে ইলন মাস্কে , এই xAI কি জানেনে ?

ইলন মাস্কে এক্স বিক্ৰী কৰিলে

Published: 

29 Mar 2025 15:09 PM

ইলন মাস্কে নিজৰ সিদ্ধান্তৰে সমগ্ৰ বিশ্বকে আচৰিত কৰে । হয়তো ইলন মাস্কৰ এয়া পুৰণি অভ্যাস । হঠাতে সকলোকে আচৰিত কৰি সিদ্ধান্ত লয় মাস্কে । শেহতীয়াকৈ তেনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ইলন মাস্কে । মাস্কে নিজৰ মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X নিজৰ কোম্পানী xAIক বিক্ৰী কৰিছে। এই চুক্তি ৩৩ বিলিয়ন ডলাৰ (প্ৰায় ২৮,২৩,৪৩,৭১,০০,০০ টকা)ৰ বাবে কৰা হৈছে । মন কৰিব যে, এইটো এটা ষ্টক চুক্তি।

এই চুক্তিক লৈ মাস্কে কি কয়?

এক্স হেণ্ডেলত দিয়া এটা পোষ্টত ইলন মাস্কে কয় যে, দুবছৰ আগতে প্ৰতিষ্ঠা হোৱাৰ পৰাই xAI দ্ৰুতগতিত বিশ্বৰ অন্যতম আগশাৰীৰ AI লেবত পৰিণত হৈছে। ইফালে, এক্স হৈছে ডিজিটেল কেম্পাছ য’ত ৬০০ মিলিয়নতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰী আছে । তেওঁ লগতে কয় যে, xAI আৰু X’ ৰ ভৱিষ্যত আন্তঃসংলগ্ন। আজি আমি আনুষ্ঠানিকভাৱে একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো। এই একত্ৰিকৰণে xAI ৰ উন্নত AI ক্ষমতা আৰু দক্ষতাক X ৰ বিশাল পৰিসৰৰ সৈতে মিলি এক অপৰিসীম সম্ভাৱনা মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে ইলন মাস্কে ।

xAI কি?

xAI হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ৰাজহুৱা স্বাৰ্থ জড়িত এক নিগম, যিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কাম কৰে। এই কোম্পানীটো ২০২৩ চনত ইলন মাস্কে নিজেই আৰম্ভ কৰিছিল । এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত অৱস্থিত।

ইলন মাস্কে কিমান মূল্যত টুইটাৰ কিনিছিল ?

টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কে ২০২২ চনত ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল। টুইটাৰ ক্ৰয় কৰাৰ পিছত তেওঁ প্লেটফৰ্মত বহু ডাঙৰ পৰিৱৰ্তন আনে আৰু এই ডাঙৰ পৰিৱৰ্তনৰ ভিতৰত এটা আছিল নামটোৰ সন্দৰ্ভত। টুইটাৰৰ নাম সলনি কৰি এক্স ৰখা হয় । কেৱল নাম সলনি কৰাই নহয় মাস্কে ঘৃণামূলক ভাষণ আৰু ব্যৱহাৰকাৰীৰ পৰীক্ষণ আৰু ভুল তথ্য প্ৰচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত নীতিও সলনি কৰে ।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...