শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইলন মাস্কৰ এক্স- এ লগালে অথন্তৰঃ ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ, হ’ল এনে পৰিস্থিতি

ইলন মাস্ক মালিকানাধীন জনপ্ৰিয় মাইক্ৰ’ব্লগিং প্লেটফৰ্ম ‘এক্স’- এ আজি বিশ্বজুৰি লগালে অথন্তৰ। দিনত কেইবাবাৰো এক্সৰ চাৰ্ভাৰ ক্ৰেচ হোৱাৰ ফলত ব্যৱহাৰকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। চাৰ্ভাৰ ক্ৰেচৰ ফলত এক্স ব্যৱহাৰ কৰাত ব্যৱহাৰকাৰীসকল সন্মুখীন হৈছে সমস্যাৰ।

ইলন মাস্কৰ এক্স- এ লগালে অথন্তৰঃ ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ, হ’ল এনে পৰিস্থিতি
এক্সৰ অথন্তৰ
monjit-dutta
Monjit Dutta | Published: 10 Mar 2025 23:07 PM

বিশ্বৰ ধনাঢ্য ব্যক্তি ইলন মাস্ক মালিকানাধীন জনপ্ৰিয় মাইক্ৰ’ব্লগিং প্লেটফৰ্ম ‘এক্স’- এ আজি বিশ্বজুৰি লগালে অথন্তৰ। দিনত কেইবাবাৰো এক্সৰ চাৰ্ভাৰ ক্ৰেচ হোৱাৰ ফলত ব্যৱহাৰকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। চাৰ্ভাৰ ক্ৰেচৰ ফলত এক্স ব্যৱহাৰ কৰাত ব্যৱহাৰকাৰীসকল সন্মুখীন হৈছে সমস্যাৰ। অধিকাংশ ব্যৱহাৰকাৰীয়েই এই প্লেটফৰ্মত লগইন কৰাতো বিফল হোৱা বুলি উল্লেখ কৰিছে। আনহাতে আন একাংশ লোকে কোনো ধৰণৰ পোষ্ট কৰা বা প্ৰতিক্ৰিয়া প্ৰকাশত সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিছে।

সামাজিক মাধ্যমত এই সন্দৰ্ভত বহু লোকে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। বিয়লি ৩ বজাৰ পৰা ৯ বজাৰ ভিতৰত চাৰিবাৰকৈ এক্সৰ চাৰ্ভাৰ ক্ৰেচ হোৱা বুলি জানিব পৰা গৈছে। ডাউনডিটেক্টৰৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ ৬১ শতাংশ ব্যৱহাৰকাৰীয়ে এক্সৰ ৱেবছাইটত সমস্যাৰ সন্মুখীন হৈছে। একে সময়তে ৩৮ শতাংশ ব্যৱহাৰকাৰীয়ে এক্সৰ মোবাইল এপ চলোৱাত সমস্যাৰ সন্মুখীন হৈছে।

ব্ৰিটেইন আৰু আমেৰিকাৰ ব্যৱহাৰকাৰীসকলে এপটো ৰিফ্ৰেছ কৰাৰ সময়ত বা লগইন কৰাৰ সময়ত ‘Something went wrong’ বুলি বাৰ্তা দেখিবলৈ পোৱা বুলি উল্লেখ কৰিছে। ভাৰততো ২৫০০ৰো অধিক ব্যৱহাৰকাৰীয়ে এক্স ব্যৱহাৰত সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে। ভাৰতীয় ব্যৱহাৰকাৰীসকলেও এক্সৰ ৱেবছাইট আৰু এপ- দুয়োটা ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হৈছে।

ব্ৰিটেইনৰ পৰা স্বতন্ত্ৰ প্লেটফৰ্ম ডাউনডিটেক্টৰত ৯ হাজাৰতকৈ অধিক অভিযোগ পঞ্জীয়নৰ তথ্য পোৱা গৈছে। আনহাতে আমেৰিকাত প্ৰতি মিনিটত ১৭ হাজাৰ অভিযোগ পঞ্জীয়নৰ তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে বিগত বৰ্ষতো ইলন মাস্ক মালিকানাধীন এক্সৰ সেৱা কেইবাবাৰো ডাউন হৈছিল। চাৰ্ভাৰ ক্ৰেচৰ এই প্ৰভাৱ ব্যৱহাৰকাৰীসকলৰ ওপৰত স্পষ্টকৈ দেখা গৈছিল। এক্স এৰি বহু সংখ্যক লোকে আন সামাজিক মাধ্যমৰ আশ্ৰয় লৈছিল।