কি কথাত খং উঠিল জুকাৰবাৰ্গৰ! একেলগে কেইবাজনো কৰ্মচাৰীক কৰিলে বহিষ্কাৰ | Mark Zuckerberg's company Meta fired 24 employee for this reason Assam news - Assam Tv9

কি কথাত খং উঠিল জুকাৰবাৰ্গৰ! একেলগে কেইবাজনো কৰ্মচাৰীক কৰিলে বহিষ্কাৰ

সামাজিক মাধ্যম ক্ষেত্ৰখনৰ প্ৰায় একচেটিয়া অধিকাৰী কোম্পানী মেটাই সময়ে সময়ে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰি কৰ্মচাৰী বহিষ্কাৰৰ দৰে পদক্ষেপ লৈ আহিছে। এইবাৰ পুনৰ মেটাই ২৪ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে. এই কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আঁৰত এক অতি অদ্ভুত যুক্তি দিছে মেটাই।

কি কথাত খং উঠিল জুকাৰবাৰ্গৰ! একেলগে কেইবাজনো কৰ্মচাৰীক কৰিলে বহিষ্কাৰ

মেটাৰ স্বত্বাধিকাৰী জুকাৰবাৰ্গ

Published: 

18 Oct 2024 20:45 PM

সামাজিক মাধ্যমৰ ক্ষেত্ৰখন একপ্ৰকাৰে প্ৰায় একচেটিয়াভাৱে দখল কৰিছে মেটাই। এনে পৰিস্থিতিত বহল ৰূপত বিস্তৃত হৈ পৰিছে কোম্পানীটোৰ পৰিসৰ। বিশ্বজুৰি জনপ্ৰিয় ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু থ্ৰেটৰ দৰে সামাজিক মাধ্যম প্লেটফৰ্মৰ মূল কোম্পানী মেটাৰ আছে অলেখ অসংখ্য কৰ্মচাৰী। পিছে সময়ে সময়ে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰি কৰ্মচাৰী বহিষ্কাৰৰ দৰে পদক্ষেপ লৈ আহিছে কোম্পানীটোৱে। এইবাৰ পুনৰ মেটাই ২৪ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

এই কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আঁৰত এক অতি অদ্ভুত যুক্তি দিছে মেটাই। কোম্পানীটোৱে নিজৰ কৰ্মচাৰীসকলক কৰ্তব্যৰত সময়ত খাদ্য খাবলৈ ফুড ভাউচাৰ দিয়ে। জানিব পৰা মতে কোম্পানীটোৱে কৰ্মচাৰীসকলক দুপৰীয়াৰ আহাৰত ২৫ ডলাৰ, ব্ৰেকফাষ্টৰ বাবে ২০ ডলাৰ আৰু ৰাতিৰ আহাৰত ২৫ ডলাৰৰ ভাউচাৰ দিয়ে।

এতিয়া মেটাই অভিযোগ কৰিছে যে যিসকল কৰ্মচাৰীক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে, তেওঁলোকে খাদ্যৰ ভাউচাৰসমূহ ভুল ঠাইত ব্যৱহাৰ কৰিছে। এই অভিযোগতে মেটাই নিজৰ ২৪ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। তথ্য অনুসৰি মেটা কৰ্মচাৰীয়ে কোম্পানীয়ে দিয়া ফুড ভাউচাৰেৰে টুথপেষ্ট, ৱাশ্বিং পাউদাৰ, ব্ৰণৰ পেড আৰু ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ বাবে চাকৰি হেৰুৱাইছে।

প্ৰতিবেদন অনুসৰি মাজে মাজে এই নিয়ম উলংঘা কৰাসকলক সকীয়নি দিয়া হৈছিল যদিও যিসকল কৰ্মচাৰীয়ে এই সতৰ্কবাণী আওকাণ কৰিছিল, সেইসকল কৰ্মচাৰীক মেটাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ইফালে চাকৰিৰ পৰা বৰ্খাস্ত কৰা একাংশ কৰ্মচাৰীয়ে তেওঁলোকক মেটাই তেনে কোনো সতৰ্কবাণী দিয়া নাছিল বুলি অভিযোগ উত্থাপন কৰিছে।

লগতে একাংশ কৰ্মচাৰীয়ে কয় যে তেওঁলোকে তিনিমাহ পূৰ্বে এই খাদ্য ভাউচাৰ ব্যৱহাৰ কৰা বন্ধ কৰি দিছিল যদিও মেটাই তেওঁলোকৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে শেহতীয়া সময়ছোৱাত কৰ্মচাৰী বৰ্খাস্তকৰণৰ বাবে সততে চৰ্চালৈ আহি আছে মেটা। কোম্পানীটোৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে গ্ৰহণ কৰা ব্যয় হ্ৰাসৰ আৰু পুনৰ্গঠনৰ পদক্ষেপৰ ফলত ইতিমধ্যে হাজাৰ হাজাৰ চাকৰি হ্ৰাস হৈছে।

বিগত দুটা বছৰত কোম্পানীটোৱে প্ৰায় ২১,০০০ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। বিগত বৰ্ষৰ জুন মাহলৈকে কোম্পানীটোৱে প্ৰায় ৭১ হাজাৰ কৰ্মচাৰীক নিযুক্তি দিছিল যদিও এতিয়া হোৱাটছএপ আৰু ইনষ্টাগ্ৰামকে ধৰি বিভিন্ন বিভাগৰ পুনৰ্গঠনত মনোনিৱেশ কৰিছে। ইয়াৰ ফলস্বৰূপে চাকৰি হেৰুৱাইছে কোম্পানীটোৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে।

তথ্য মতে, মেটা প্লেটফৰ্মত ২০২২ চনত মুঠ ৮৬,৪৮২ জন কৰ্মচাৰী আছিল যদিও বিগত বৰ্ষৰ ডিচেম্বৰলৈকে এই সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই ৬৭,৩১৭জনত উপনীত হৈছিল। ইফালে, মেটাৰ এই চাকৰি কৰ্তন পদক্ষেপে প্ৰযুক্তি উদ্যোগসমূহৰ নিয়োজিত কৰ্মচাৰীসকলৰ চাকৰিৰ নিশ্চয়তা সম্পৰ্কতো অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?