WhatsApp যোগে পাইছে নেকি চাকৰিৰ অফাৰ? সাৱধান, কদাপি নকৰিব এনে ভুল…

আজিকালি হোৱাটছএপত চাকৰিৰ অফাৰ পোৱাটো এক সাধাৰণ কথা হৈ পৰিছে। হোৱাটছএপত অহা এনে চাকৰিৰ অফাৰসমূহৰ ক্ষেত্ৰত বিশেষকৈ যুৱক-যুৱতীসকলে আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ পৰা আকৰ্ষণীয় দৰমহাৰ প্ৰস্তাৱ লাভ কৰে। কিন্তু এই অফাৰবোৰ সঁচাকৈয়ে বিশ্বাসযোগ্য হয়নে?

WhatsApp যোগে পাইছে নেকি চাকৰিৰ অফাৰ? সাৱধান, কদাপি নকৰিব এনে ভুল...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Sep 2024 23:25 PM

সাম্প্ৰতিক সময়ত ব্যক্তিৰ জীৱনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক উপাৰ্জন অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। এনে পৰিস্থিতিত স্বাভাৱিকতেই অধিক উপাৰ্জনক্ষম চাকৰিৰ আশাত সন্ধান চলাই থাকে যুৱক যুৱতীসকলে। গতিকে যেতিয়াই কোনো চাকৰিৰ খবৰ পায়, সেই খবৰ ভালদৰে চোৱাটো একপ্ৰকাৰে অভ্যাসেই হৈ পৰিছে বহু লোক। আজিকালি হোৱাটছএপতো এনে চাকৰিৰ অফাৰ পোৱাটো এক সাধাৰণ কথা হৈ পৰিছে। হোৱাটছএপত অহা এনে চাকৰিৰ অফাৰসমূহৰ ক্ষেত্ৰত বিশেষকৈ যুৱক-যুৱতীসকলে আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ পৰা আকৰ্ষণীয় দৰমহাৰ প্ৰস্তাৱ লাভ কৰে।

কিন্তু এই অফাৰবোৰ সঁচাকৈয়ে বিশ্বাসযোগ্য হয়নে? প্ৰায়ে এনে অফাৰবোৰ অত্যন্ত আকৰ্ষণীয় হোৱা দেখা যায়। এনে অফাৰবোৰত ঘৰৰ পৰাই কাম কৰাৰ সুযোগ, ভাল দৰমহা আৰু কম কামৰ প্ৰতিশ্ৰুতিও দিয়া হয়। বহু লোকে এই ধৰণৰ অফাৰত বিশ্বাস কৰাও দেখা যায়। কিন্তু এই ধৰণৰ অফাৰক বিশ্বাস কৰা কেতিয়াও উচিত নহয়। কাৰণ এনে অফাৰসমূহ প্ৰকৃততে ভুৱা।

এনে ধৰণৰ চাকৰিৰ অফাৰৰ দ্বাৰা চাইবাৰ অপৰাধীয়ে আপোনাক আন্তঃৰাষ্ট্ৰীয় চাকৰি এটাৰে প্ৰলোভিত কৰি ফান্দত পেলাবলৈ চেষ্টা কৰে। এই প্ৰৱঞ্চকসকলে আপোনাক এটা চাকৰিৰ প্ৰস্তাৱ পত্ৰ প্ৰেৰণ কৰে, যিটো দেখাত সঁচা যেনেই লাগে। এনে পত্ৰত কোম্পানীটোৰ ল’গ’, ঠিকনা আৰু অন্যান্য তথ্য সন্নিবিষ্ট কৰাও দেখিবলৈ পোৱা যায়। কিন্তু এই সকলোবোৰ হৈছে প্ৰকৃততে ভুৱা।

যদি ভাবি গুণি নাচায়, এই অফাৰত ভোল গৈ আপুনি পৰিব পাৰে চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ জালত। বৰ্তমান সময়ত ঘৰৰ পৰা কাম কৰা সুবিধা আৰু পাৰ্ট টাইম চাকৰিৰ চাহিদা বেছি। আৰু ইয়াৰ সুবিধা লৈ প্ৰৱঞ্চকে আপোনাক এনেধৰণৰ চাকৰি আগবঢ়ায়। অচিনাকি হোৱাটছএপ নম্বৰৰ পৰা অহা অফাৰক বিশ্বাস নকৰিব: যদি আপুনি অচিনাকি নম্বৰৰ পৰা হোৱাটছএপৰ জৰিয়তে চাকৰিৰ অফাৰ লাভ কৰে, তেন্তে সাৱধান হওক।

কোম্পানীটোৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰকঃ অফাৰ দিয়া কোম্পানীটোৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। কোম্পানীটোৰ ৱেবছাইটত গৈ বা অনলাইনত সন্ধান কৰি আপুনি কোম্পানীটো সঁচা হয় নে নহয় জানিব পাৰিব।

টকা দিয়াৰ পূৰ্বে সাৱধান হওকঃ যদি কোনো কোম্পানীয়ে কামৰ বাবে টকা বিচাৰে, তেন্তে সাৱধান হওক। কোনো প্ৰকৃত কোম্পানীয়ে চাকৰিৰ বাবে টকা নিবিচাৰে।

বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ পৰা পৰামৰ্শ লওকঃ যদি আপুনি এইদৰে চাকৰিৰ প্ৰস্তাৱ লাভ কৰে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ পৰা পৰামৰ্শ লওক।

অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰকঃ যদি আপুনি কোনো কোম্পানীত কাম কৰিব বিচাৰে তেন্তে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত গৈ পোনপটীয়াকৈ আবেদন কৰক। ইয়াৰ উপৰিও বিশ্বাসযোগ্য জব পৰ্টেলো ব্যৱহাৰ কৰিব পাৰে।

নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!
অৱসৰৰ পিছতে কন্যাৰ পৰা অশ্বিনে পালে এনে বিশেষ উপহাৰ, লাভ কৰিছে ব্যাপক চৰ্চা