নতুন ফিচাৰৰ সৈতে মুকলি হ’ল Xiaomi ৰ নতুন স্মাৰ্টফোন ছিৰিজ, জানক ইয়াৰ দাম…

আনুষ্ঠানিকভাৱে Xiaomi য়ে মুকলি কৰিলে নতুন স্মাৰ্টফোন ছিৰিজ । আকৰ্ষণীয় ফিচাৰৰ সৈতে মুকলি কৰিছে স্মাৰ্টফোনৰ এই নতুন ছিৰিজ । ইয়াৰ লগতে কোম্পানীটোৱে মুকলি কৰিছে ইয়াৰবাড Redmi Buds 6 আৰু আউটড’ৰ স্পীকাৰ ।

নতুন ফিচাৰৰ সৈতে মুকলি হল Xiaomi ৰ নতুন স্মাৰ্টফোন ছিৰিজ, জানক ইয়াৰ দাম...

অৱশেষত Redmi Note 14 Series মুকলি

Published: 

09 Dec 2024 17:31 PM

অৱশেষত আনুষ্ঠানিকভাৱে Xiaomi য়ে মুকলি কৰিলে নতুন স্মাৰ্টফোন ছিৰিজ । আকৰ্ষণীয় ফিচাৰৰ সৈতে মুকলি কৰিছে স্মাৰ্টফোনৰ এই নতুন ছিৰিজ । এই ছিৰিজত কোম্পানীটোৱে তিনিটা ভেৰিয়েণ্ট মুকলি কৰিছে । সেই কেইটা হৈছে Redmi Note 14, Redmi Note 14 Pro আৰু Redmi Note 14 Pro Plus। যিসকলে Redmi স্মাৰ্টফোন ব্যৱহাৰ কৰি ভাল পায় তেওঁলোকে এই ছিৰিজত আকৰ্ষণীয় ফিচাৰৰ সুবিধা লাভ কৰিব । ইয়াৰ লগতে কোম্পানীটোৱে মুকলি কৰিছে ইয়াৰবাড Redmi Buds 6 আৰু আউটড’ৰ স্পীকাৰ ।

Redmi Note 14 5G Series: বৈশিষ্ট্যসমূহ

Redmi Note 14 Pro+ ত আপুনি 6.67 ইঞ্চি AMOLED ডিছপ্লে পাব। ইয়াত 1.5K ৰিজ’লিউচন আৰু 120Hz ৰিফ্ৰেছ ৰেট আছে। স্মাৰ্টফোনটোত Snapdragon 7s Generation 3 চিপছেট আছে। এই স্মাৰ্টফোনত আপুনি 16GB ৰেম আৰু 512GB ইণ্টাৰনেল ষ্ট’ৰেজ লাভ কৰিব। এই ছিৰিজত AI ফিচাৰৰ সমৰ্থনও প্ৰদান কৰা হৈছে। শেহতীয়া এই ছিৰিজটো Android 15 ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াত HyperOS 2.0 অপাৰেটিং চিষ্টেম দিয়া হৈছে ।

Redmi Note 14 ৰ কেমেৰা আৰু বেটাৰী

ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে এই ছিৰিজত আপোনাৰ সুবিধা হোৱাকৈ কেমেৰা প্ৰদান কৰিছে কোম্পানীটোৱে । ইয়াৰ প্ৰাইমেৰী কেমেৰা 50MP ৰ সৈতে অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) Sony LYT-600 প্ৰদান কৰা হৈছে । 12MP ছেকেণ্ডাৰী কেমেৰা দিয়া হৈছে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ফোনত 16MPৰ ফ্ৰন্ট কেমেৰা লাভ কৰিব । ইয়াৰ লগতে 5110mAh ৰ শক্তিশালী বেটাৰী লাভ কৰাৰ লগতে 45W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সুবিধা লাভ কৰিব ।

Redmi Note 14 Pro Plus ত আপুনি 6200mAh বেটাৰী পাব যিয়ে 90W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে। Redmi Note 14 Pro ত আপুনি 5500mAh বেটাৰী পাব যিয়ে 45W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে।

Redmi ৰ শেহতীয়া স্মাৰ্টফোনৰ মূল্য

Redmi Note 14 series ৰ আৰম্ভণিৰ মূল্য ১৭,৯৯৯ টকা আৰু এই মূল্য ২০,৯৯৯ টকালৈ বৃদ্ধি কৰা হৈছে । আনহাতে Redmi Note 14 Pro Plusত আপুনি ইয়াক তিনিটা ষ্ট’ৰেজ অপচনত লাভ কৰিব । 8GB-128GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ২৯,৯৯৯ টকা,8GB-256GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ৩১,৯৯৯ টকা আৰু 128GB-512GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ৩৪,৯৯৯ টকা। গ্ৰাহকে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট আৰু ই-কমাৰ্চ প্লেটফৰ্ম আমাজন আৰু ফ্লিপকাৰ্টৰ পৰা এই ছিৰিজৰ স্মাৰ্টফোন ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক : আজি মুকলি কৰা হ’ব Redmi Note 14 Series, কি কি ফিচাৰ থাকিব পাৰে জানক…

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?