কেতিয়াৰ পৰা আৰম্ভ হ'ব Flipkart Big Billion Days Sale 2024 ? জানক | Flipkart Big Billion Days Sale 2024 Date, check offers; Details in Assamese Assam news - Assam Tv9

Flipkart Big Billion Days Sale 2024: উৎসৱৰ বতৰত গ্ৰাহকৰ বাবে বিক্ৰীৰ তাৰিখ ঘোষণা ফ্লিপকাৰ্টৰ

Published: 

17 Sep 2024 20:50 PM

Flipkart Big Billion Days Sale 2024 ৰ তাৰিখ ঘোষণা কৰা হৈছে। ফ্লিপকাৰ্টৰ এই সময়ছোৱাত গ্ৰাহকে অতি কম মূল্যত স্মাৰ্টফোন, স্মাৰ্ট টিভি, ঘৰুৱা সামগ্ৰী, লেপটপ, টেবলেটকে ধৰি বহুতো সামগ্ৰী ডাঙৰ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব । এই প্ৰতিবেদনৰ জৰিয়তে জানক Flipkart Sale 2024 কেতিয়া আৰম্ভ হ’ব ?

Flipkart Big Billion Days Sale 2024: উৎসৱৰ বতৰত গ্ৰাহকৰ বাবে বিক্ৰীৰ তাৰিখ ঘোষণা ফ্লিপকাৰ্টৰ

কেতিয়াৰ পৰা আৰম্ভ হ'ব Flipkart Big Billion Days Sale 2024 ? জানক

Follow Us On

উৎসৱৰ বতৰত গ্ৰাহকক ৰেহাই মূল্য প্ৰদান কৰাৰ Flipkart Big Billion Days Sale 2024 ৰ তাৰিখ ঘোষণা কৰা হৈছে। ফ্লিপকাৰ্টৰ এই সময়ছোৱাত গ্ৰাহকে অতি কম মূল্যত স্মাৰ্টফোন, স্মাৰ্ট টিভি, ঘৰুৱা সামগ্ৰী, লেপটপ, টেবলেটকে ধৰি বহুতো সামগ্ৰী ডাঙৰ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব । এই প্ৰতিবেদনৰ জৰিয়তে জানক Flipkart Sale 2024 কেতিয়া আৰম্ভ হ’ব ?

ফ্লিপকাৰ্টৰ বেনাৰৰ পৰা প্ৰকাশ পাইছে যে, ২৭ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকৰ বাবে Flipkart Big Billion Days Sale 2024 আৰম্ভ হ’ব। যদি আপুনি Flipkart Plus ৰ সদস্য তেন্তে আপোনাৰ বাবে Flipkart Big Billion Days বিক্ৰী এদিন আগতে অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। এই সময়ছোৱাত আপুনি কেৱল বাম্পাৰ ডিছকাউণ্টেই নহয়, যদি আপুনি অতিৰিক্ত ধন ৰাহি কৰিব বিচাৰে, তেন্তে কিছুমান অফাৰো থাকিব যিয়ে আপোনাক ধন ৰাহি কৰাত সহায় কৰিব।

যদি আপোনাৰ হাতত এইচডিএফচি বেংকৰ ডেবিট বা ক্ৰেডিট কাৰ্ড আছে, তেন্তে বিল পৰিশোধ কৰাৰ সময়ত আপুনি ১০ শতাংশ পৰ্যন্ত অতিৰিক্ত ৰেহাই লাভ কৰিব। ইয়াৰ উপৰিও যদি আপুনি আপোনাৰ পুৰণি ফোন বা যিকোনো পুৰণি সামগ্ৰী বিনিময় কৰে, তেন্তে আপুনি ভাল অফাৰ লাভ কৰিব ।

ইয়াৰ উপৰিও আপুনি যদি ইএমআইত নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে চিন্তা নকৰিব। গ্ৰাহকৰ সুবিধাৰ বাবে ফ্লিপকাৰ্ট বিক্ৰীৰ সময়ত সুতমুক্ত ইএমআই অৰ্থাৎ ন’ কষ্ট ইএমআইৰ সুবিধাও থাকিব। HDFC Bank কাৰ্ডৰ উপৰিও যিসকল লোকৰ হাতত ফ্লিপকাৰ্ট এক্সিছ বেংক ক্ৰেডিট কাৰ্ড আছে তেওঁলোকেও বিক্ৰীৰ সময়ত অতিৰিক্ত ৰেহাই লাভ কৰিব ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version