স্মাৰ্টফোনত ডাঙৰ ৰেহাই, কেতিয়াৰ পৰা আৰম্ভ হ'ব Big Billion Days ? | Flipkart Big Billion Days Sale 2024 Date Grab Discounts on Smartphones, Updates in Assamese Assam news - Assam Tv9

কেতিয়াৰ পৰা আৰম্ভ হ’ব Flipkart Big Billion Days ? স্মাৰ্টফোনত কিমান ৰেহাই লাভ কৰিব গ্ৰাহকে ? জানক

Updated On: 

14 Sep 2024 11:52 AM

গ্ৰাহকৰ বাবে অতি সোনকালে আৰম্ভ হ’ব Flipkart Big Billion Days Sale 2024 । এইবাৰ স্মাৰ্টফোন ক্ৰয় কৰাৰ সকলে ডাঙৰ ৰেহাই লাভ কৰাৰ সম্ভাৱনা আছে ।

কেতিয়াৰ পৰা আৰম্ভ হব Flipkart Big Billion Days ? স্মাৰ্টফোনত কিমান ৰেহাই লাভ কৰিব গ্ৰাহকে ? জানক
Follow Us On

উৎসৱৰ বতৰত এইবাৰ ফ্লিপকাৰ্ট আৰু আমাজনে বাম্পাৰ চেলৰ বাবে সাজু হৈছে। গ্ৰাহকৰ বাবে অতি সোনকালে আৰম্ভ হ’ব Flipkart Big Billion Days Sale 2024 । এইবাৰ স্মাৰ্টফোন ক্ৰয় কৰাৰ সকলে ডাঙৰ ৰেহাই লাভ কৰাৰ সম্ভাৱনা আছে । যদিও ই-কমাৰ্চ প্লেটফৰ্মটোৱে Big Billion Days Sale ৰ তাৰিখ ঘোষণা কৰা নাই তথাপিও বিক্ৰীত উপলব্ধ চুক্তিসমূহ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে।

Flipkart Sale 2024 ৰ বাবে এইচ ডি এফ চি বেংকৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে । অৰ্থাৎ যদি আপুনি বিগ বিলিয়ন ডেজ চেলৰ সময়ত বজাৰ কৰাৰ বাবে এইচ ডি এফ চি বেংক কাৰ্ড ব্যৱহাৰ কৰে তেন্তে অতিৰিক্ত ৰেহাই লাভ কৰিব পাৰে ।

Flipkart Sale Deals: এই বিক্ৰীত এই স্মাৰ্টফোনসমূহৰ ৰেহাই দিয়া হ’ব-

ফ্লিপকাৰ্ট এপত দিয়া তথ্য অনুসৰি এইবাৰ Big Billion Days Sale ত Vivo T3X 5G, Realme 12X 5G, Oppo K12X 5G, Realme P1 5G, Vivo T3 Lite 5G, Moto G64 5G, CMF Phone 1 আদি স্মাৰ্টফোন বৃহৎ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। পকেট ফ্ৰেণ্ডলী মোবাইল ডিলৰ কথা ক’বলৈ গ’লে Nothing Phone 2a, Vivo T3 Pro 5G, Poco X6 Pro 5G, Moto Edge 50 Fusion, Realme P1 Pro 5G, Moto G85 5G সস্তাতে ক্ৰয় কৰিব পাৰিব গ্ৰাহকে । প্ৰিমিয়াম স্মাৰ্টফোন ডিলৰ কথা ক’বলৈ গ’লে Moto Edge 50, Pixel 8, Motorola Edge 50 Pro, Oppo Reno 12 5G, Vivo V40 ৰ দৰে স্মাৰ্টফোনত বৃহৎ ৰেহাই লাভ কৰিব ।

আল্ট্ৰা প্ৰিমিয়াম স্মাৰ্টফোন ডিলছ ছেকচনলৈ চালে দেখা যায় যে, বিক্ৰীৰ সময়ত আপুনি iPhone 15, iPhone 15 Plus, iPhone 15 Pro Max, Google Pixel 9, Samsung Galaxy S24 Plus, Galaxy S24 Ultra দৰে ফ্লেগশ্বিপ ফোন ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব ।

উল্লেখ্য যে, ফ্লিপকাৰ্ট বিক্ৰীৰ সময়ত গ্ৰাহকে কেৱল এই ২৪টা মডেলত ৰেহাইৰ সুবিধা লাভ কৰিব এনে নহয়, বিক্ৰীৰ সময়ত আৰু বহু মডেল কম মূল্যত উপলব্ধ হ’ব। বৰ্তমান ফ্লিপকাৰ্ট এপত তথ্য দিয়া হৈছে যে, এই ২৪টা স্মাৰ্টফোন বিক্ৰীৰ সময়ত ৰেহাই মূল্যত বিক্ৰী কৰা হ’ব। বৰ্তমান ৰেহাইৰ পিছত এই মডেলসমূহৰ দাম কিমান হ’ব সেই সন্দৰ্ভত ফ্লিপকাৰ্ট এপত কোনো তথ্য উল্লেখ কৰা নাই ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version