Flipkart Big Saving Days Sale : কেতিয়াৰ পৰা আৰম্ভ হ’ব ফ্লিপকাৰ্টৰ এই বিশেষ বিক্ৰী ? কি কি সামগ্ৰীত লাভ কৰিব আকৰ্ষণীয় ৰেহাই ?

গ্ৰাহকসকলে ফ্লিপকাৰ্ট আৰু আমাজনৰ দৰে প্লেটফৰ্মৰ বিশেষ বিক্ৰীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। যদি আপুনিও কম বাজেটত সামগ্ৰী ক্ৰয় কৰিবলৈ অনলাইন বিশেষ বিক্ৰীৰ বাবে অপেক্ষা কৰি আছে, তেন্তে অতি সোনকালে ফ্লিপকাৰ্টত আৰম্ভ হ'ব নতুন Flipkart Big Saving Days Sale।

Flipkart Big Saving Days Sale : কেতিয়াৰ পৰা আৰম্ভ হব ফ্লিপকাৰ্টৰ এই বিশেষ বিক্ৰী ? কি কি সামগ্ৰীত লাভ কৰিব আকৰ্ষণীয় ৰেহাই ?

Flipkart Big Saving Days Sale

Published: 

15 Dec 2024 22:07 PM

ই-কমাৰ্চ প্লেটফৰ্মৰ অনলাইন বিক্ৰীত কম বাজেটত বহু ভাল ভাল সামগ্ৰী ক্ৰয় কৰিব পাৰি। সেইবাবেই গ্ৰাহকসকলে ফ্লিপকাৰ্ট আৰু আমাজনৰ দৰে প্লেটফৰ্মৰ বিশেষ বিক্ৰীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। যদি আপুনিও কম বাজেটত সামগ্ৰী ক্ৰয় কৰিবলৈ অনলাইন বিক্ৰীৰ বাবে অপেক্ষা কৰি আছে, তেন্তে অতি সোনকালে ফ্লিপকাৰ্টত আৰম্ভ হ’ব নতুন বিক্ৰী। Flipkart Big Saving Days Sale ত আপুনি আইফোন, স্মাৰ্টৱাচ, স্মাৰ্টফোনকে ধৰি বিভিন্ন সামগ্ৰী কম মূল্যত ক্ৰয় কৰাৰ সুযোগ পাব। ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ফ্লিপকাৰ্ট বিগ চেভিং ডেজ চেল।

আগন্তুক ফ্লিপকাৰ্টৰ বিক্ৰীৰ জৰিয়তে আপুনি কেৱল বজাৰ কৰাই নহয়, ধন সঞ্চয় কৰিব পাৰিব। ইয়াত আপুনি আকৰ্ষণীয় ৰেহাইৰ সুবিধা লাভ কৰিব । গতিকে যদি আপুনি কোনো নতুন সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াৰ পৰা তালিকা প্ৰস্তুত কৰক ।

যদি আপুনি কম মূল্যত স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি Flipkart Big Saving Days Sale ৰ পৰা ক্ৰয় কৰিব পাৰিব। এই বিক্ৰী ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২৫ চনৰ ২৫ ডিচেম্বৰলৈকে চলিব। ইয়াত iPhone 15 Plus, Nothing CMF Phone 1, Vivo T3 Pro, Poco M6 5G ৰ দৰে স্মাৰ্টফোনত আকৰ্ষণীয় ৰেহাই উপলব্ধ হ’ব।

Flipkart Big Saving Days Sale ত স্মাৰ্টৱাচ ক্ৰয় কৰাৰ ক্ষেত্ৰত সঞ্চয়ৰ সুবিধা প্ৰদান কৰিব। এই বিক্ৰী আৰম্ভ হ’লে আপুনি মাত্ৰ ৯৯৯ টকাৰ আৰম্ভণিৰ মূল্যত নতুন স্মাৰ্টৱাচ ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰিও চাৰ্জাৰত ৭০ শতাংশ পৰ্যন্ত ৰেহাই আৰু কেবল আৰু ম’বাইল কভাৰৰ আৰম্ভণিৰ মূল্য ৪৯৯ টকাত উপলব্ধ হ’ব। ফাষ্ট চাৰ্জিং পাৱাৰ বেংকত আপুনি কমেও ৫০ শতাংশ ৰেহাই লাভ কৰাৰ সম্ভাৱনা আছে ।

আগন্তুক ফ্লিপকাৰ্টৰ বিক্ৰীত কেৱল গেজেটেই নহয়, অন্যান্য সামগ্ৰীও কম দামত উপলব্ধ হ’ব। যদি আপুনি ঘৰৰ বাবে নতুন বিচনা কিনাৰ কথা ভাবিছে তেন্তে ফ্লিপকাৰ্টৰ বিক্ৰীত ৬,৯০০ টকাৰ আৰম্ভণি মূল্যত নতুন বিচনা পাব। অফিচ চকীৰ মূল্য ২৪৯০ টকাৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?
শীতকালত বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান কেঁচা হালধি! এইদৰে ব্যৱহাৰ কৰক
শীতকালত ‘দেহৰ বন্ধু’ কমলা? কমলাৰ গুণৰ বিষয়ে জানিলে উপকৃত হ’ব আপুনি
বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি