5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মোবাইল হেৰালে লগে লগে কৰক এইকেইটা কাম, নহ’লে হ’ব পাৰে বিপদ…

কেনেবাকৈ মোবাইলটো হেৰুৱালে কেৱল আৰ্থিক লোকচানেই নহয়, আমাৰ ব্যক্তিগত তথ্য চুৰি হোৱাৰো সংশয় থাকে। অৱশ্যে প্ৰযুক্তিৰ বিকাশৰ লগে লগে এইদৰে হেৰুওৱা ফোনটো ট্ৰেক কৰা বা ৰিছেট কৰাৰ কিছুমান সহজ পদ্ধতিও এতিয়া উপলব্ধ।

মোবাইল হেৰালে লগে লগে কৰক এইকেইটা কাম, নহ’লে হ’ব পাৰে বিপদ…
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 08 Sep 2024 19:10 PM

সাম্প্ৰতিক সময়ত স্মাৰ্টফোনটো আমাৰ দৈনন্দিন জীৱনৰ এৰাব নোৱাৰা সম্পদ হৈ পৰিছে। হাতৰ এই মোবাইলটোতে আমি কঢ়িয়াই ফুৰো আমাৰ প্ৰায় প্ৰতিটো ব্যক্তিগত তথ্য। গতিকে কেনেবাকৈ মোবাইলটো হেৰুৱালে কেৱল আৰ্থিক লোকচানেই নহয়, আমাৰ ব্যক্তিগত তথ্য চুৰি হোৱাৰো সংশয় থাকে। অৱশ্যে প্ৰযুক্তিৰ বিকাশৰ লগে লগে এইদৰে হেৰুওৱা ফোনটো ট্ৰেক কৰা বা ৰিছেট কৰাৰ কিছুমান সহজ পদ্ধতিও এতিয়া উপলব্ধ। গতিকে আপোনাৰ হেৰুওৱা ফোনটো যাতে কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে ফোনটো ট্ৰেক আৰু ৰিছেট কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

হেৰুৱা ফোন এটা কেনেকৈ ট্ৰেক কৰিব-

Google Find My Device: যদি আপোনাৰ Android ফোনটো হেৰাই যায়, তেন্তে আপুনি Google Find My Device সুবিধাৰ সহায়ত ফোনটো ট্ৰেক কৰিব পাৰে। অৱশ্যে যদিহে আপুনি ইতিমধ্যেই গুগল একাউণ্টৰ দ্বাৰা ফোনটো চাইন ইন কৰিছে তেতিয়াহে এই সুবিধাই কাম কৰিব। Google Find My Device ত গুগল একাউণ্টৰ সৈতে চাইন ইন কৰা হেৰুওৱা ফোনটো নিৰ্বাচন কৰক আৰু লোকেচন অনুসৰণ কৰক।

অৱশ্যে যদি আপোনাৰ ফোনটো অন হৈ থাকে আৰু ইণ্টাৰনেট সক্ৰিয় হৈ থাকে তেতিয়াহে লোকেচন অনুসৰণ কৰিব পাৰিব। ইচ্ছা কৰিলে ইয়াৰ পৰাই ফোনত এলাৰ্ম বজাব পাৰিব। ইয়াৰ উপৰিও Erase Data ৰ বিকল্পই ফোনটোৰ সকলো ডাটা ডিলিট কৰাৰ সুবিধা প্ৰদান কৰে। ইয়াৰ পৰা ফোনটোও লক কৰিব পাৰিব।

Apple Find My: যদি আপোনাৰ হেৰুওৱা ফোনটো এপ’ল কোম্পানীৰ হয়, তেন্তে এই সুবিধাৰ দ্বাৰা ফোনটোৰ লোকেচন চাব পাৰিব। ‘Apple Find My’ সুবিধা ব্যৱহাৰ কৰি আপুনি আপোনাৰ আইফোনটো ট্ৰেক কৰিব পাৰে। ইয়াৰ পৰা আপুনি আইফোনটো ৰিছেট কৰিব পাৰিব। এই সেৱাই Google Find My Device ৰ দৰেই কাম কৰে।

যদি আপুনি অনুভৱ কৰে যে আপোনাৰ ফোনটো ঘূৰাই পোৱাৰ সম্ভাৱনা নাই, তেতিয়া ফেক্টৰ ৰিছেট কৰিব পাৰে। ইয়াৰ দ্বাৰা ফোনত থকা সকলো ডাটা ডিলিট কৰিব পৰা হ’ব। আপুনি ‘গুগল ফাইণ্ড মাই ডিভাইচ’ আৰু ‘এপল ফাইণ্ড মাই’ৰ জৰিয়তে এই কাম কৰিব পাৰে।

যদি আপুনি আপোনাৰ ফোনটো হেৰুৱায়, তেতিয়া এনে ব্যৱস্থা লগে লগে গ্ৰহণ কৰা উচিত-

চিম কাৰ্ড ব্লক কৰকঃ আপুনি ব্যৱহাৰ কৰা ছিম কাৰ্ডৰ সেৱা প্ৰদানকাৰী টেলিকম কোম্পানীটোলৈ ফোন কৰি লগে লগে চিম কাৰ্ড ব্লক কৰক।

আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰকঃ যদি আপুনি অনুভৱ কৰে যে আপোনাৰ ফোনটো চুৰি হৈছে, তেন্তে তৎক্ষণাত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰক।

আপোনাৰ বেংক আৰু ক্ৰেডিট কাৰ্ড কোম্পানীক অৱগত কৰকঃ যদি হেৰুওৱা ফোনটোত আপোনাৰ বেংক বা ক্ৰেডিট কাৰ্ডৰ তথ্য আছে, তেন্তে তৎক্ষণাত আপোনাৰ বেংক আৰু ক্ৰেডিট কাৰ্ড কোম্পানীক জনাওক।

ছ’চিয়েল মিডিয়া একাউণ্টসমূহ সুৰক্ষিত কৰকঃ হেৰুওৱা মোবাইলটোত খুলি থোৱা আপোনাৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ সুৰক্ষিত কৰিবলৈ লগে লগে পাছৱৰ্ড সলনি কৰক।

Latest News