ৰিলায়েন্স জিঅ’য়ে আৰম্ভ কৰিলে ‘জিঅ’ চাউণ্ড পে’ সেৱা, কেনেদৰে উপকৃত হ’ব ক্ষুদ্ৰ ব্যৱসায়ীসকল…?
জিঅ’ ভাৰতৰ ডিভাইচত ৰিলায়েন্স জিঅ’ই আৰম্ভ কৰিছে ‘জিঅ’ চাউণ্ড পে’ সেৱা। এই নতুন ফিচাৰৰ জৰিয়তে এতিয়া সৰু সৰু দোকানীসকলে প্ৰতিটো ইউপিআই পেমেণ্ট লাভ কৰাৰ সুবিধা লাভ কৰাৰ লগতে বিনামূলীয়া পেমেণ্ট চাউণ্ড বক্স ব্যৱহাৰ কৰিব পাৰিব ।
টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’য়ে PhonePe আৰু Paytm দৰে বৃহৎ পেমেণ্ট কোম্পানীক প্ৰত্যাহ্বান জনাই নতুন সেৱা আৰম্ভ কৰিছে । টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই বাজেট ফোন জিঅ’ ভাৰতত নতুন বিনামূলীয়া সেৱা আৰম্ভ কৰিছে। Jio Bharat Phone ডিভাইচ ব্যৱহাৰ কৰি গ্ৰাহকে এই সেৱাৰ সুবিধা লাভ কৰিব পাৰে ।
যোৱা শুকুৰবাৰৰ পৰা জিঅ’ ভাৰতৰ ডিভাইচত ৰিলায়েন্স জিঅ’ই আৰম্ভ কৰিছে ‘জিঅ’ চাউণ্ড পে’ সেৱা। এই নতুন ফিচাৰৰ জৰিয়তে এতিয়া সৰু সৰু দোকানীসকলে প্ৰতিটো ইউপিআই পেমেণ্ট লাভ কৰাৰ সুবিধা লাভ কৰাৰ লগতে বিনামূলীয়া পেমেণ্ট চাউণ্ড বক্স ব্যৱহাৰ কৰিব পাৰিব । এই সেৱাৰ বাবে তেওঁলোকে কোনো ধৰণৰ ধন পৰিশোধ কৰিব নালাগে।
Jio Bharat ডিভাইচত এই সেৱা আৰম্ভ কৰি ৰিলায়েন্স জিঅ’য়ে PhonePe, Paytm ৰ দৰে কোম্পানীসমূহৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। বৰ্তমান এই কোম্পানীসমূহ পেমেণ্ট সেৱা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট জনপ্ৰিয়। কিন্তু তেওঁলোকৰ পেমেণ্ট চাউণ্ড বক্স ব্যৱহাৰ কৰিবলৈ দোকানীসকলে প্ৰতিমাহে প্ৰায় ১২৫ টকা দিব লাগে।
এতিয়া জিঅ’ ভাৰতৰ ডিভাইচত এই সেৱা বিনামূলীয়া হোৱাৰ লগে লগে ক্ষুদ্ৰ দোকানীসকলে বছৰি ১৫০০ টকা ৰাহি কৰিব পাৰে। কোম্পানীটোৰ বিবৃতিত কোৱা হৈছে যে, ৰিলায়েন্স জিঅ’ ভাৰত চাউণ্ড পে সেৱাই ক্ষুদ্ৰ দোকানীৰ পৰা আৰম্ভ কৰি শাক-পাচলি বিক্ৰেতা আৰু পথ বিক্ৰেতালৈকে সকলোকে উপকৃত কৰিব। Jio Bharat ডিভাইচত উপলব্ধ Jio Sound Pay সেৱা বহু ভাষাত উপলব্ধ হ’ব। ইয়াৰ দ্বাৰা গ্ৰাহকে তৎক্ষণাত পেমেণ্ট নিশ্চিত কৰিব পাৰিব।