বজাৰলৈ আহিছে এই স্কুটাৰখন
এই বিশেষ সংস্কৰণৰ স্কুটাৰখনৰ দৈৰ্ঘ্য ১৮৮১মিমি, প্ৰস্থ ৭৩১মিমি, হুইলবেছ ১৩০০মিমি। ইয়াৰ ওজন ১০৯ কিলোগ্ৰাম আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স ১৫৫মি.মি.। ইয়াৰ আসনৰ উচ্চতা ৭৭০মি.মি.।
হিৰো জুম কম্বেট এডিচনত আছে সম্পূৰ্ণ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, যিটো ব্লুটুথ সংযোগ, কল/এছএমএছ এলাৰ্ট, ফোন বেটাৰীৰ অৱস্থা, ৰিয়েল টাইম মাইলেজ ডিছপ্লে, স্পীডমিটাৰ, অড’মিটাৰৰ সৈতে আহে।
এই নতুন স্কুটাৰত আছে ইউএছবি চাৰ্জিং পৰ্ট, কৰ্ণাৰিং লেম্প, এলইডি টেইললাইট, প্ৰজেক্টৰ এলইডি হেডলাইট আৰু বুট লাইট। ইয়াৰ চকা ১২ ইঞ্চি, ইয়াৰে সন্মুখৰ টায়াৰ ৯০ ছেকচন আৰু পিছফালৰ টায়াৰ ১০০ ছেকচন।
Hero Xoom 110 Combat Edition ত আছে 110.9 cc ৰ একক চিলিণ্ডাৰ, এয়াৰ কুলড ইঞ্জিন, যিটো i3S প্ৰযুক্তিৰ সৈতে আহে। এই ছেটআপে ৮.০৫পিএছ শক্তি আৰু ৮.৭০এনএমৰ টৰ্ক উৎপন্ন কৰে।