শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতত কিমান সুলভ হ’ব Starlink ইণ্টাৰনেট সেৱা ? আমেৰিকাত ইয়াৰ মাহিলী খৰচ কিমান ?

চেটেলাইটৰ সেৱাৰ খৰচ বেছি যদিও এয়াৰটেল আৰু জিঅ’ৰ অংশীদাৰিত্বৰ ফলত ষ্টাৰলিংক ডিভাইচৰ খৰচ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। এয়াৰটেল আৰু জিঅ’ৰ সৈতে ষ্টাৰলিংকৰ চুক্তি সকলো পক্ষৰ বাবে উপকাৰী।

ভাৰতত কিমান সুলভ হ’ব Starlink ইণ্টাৰনেট সেৱা ? আমেৰিকাত ইয়াৰ মাহিলী খৰচ কিমান ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 15 Mar 2025 09:16 AM

ষ্টাৰলিংক ইণ্টাৰনেট সেৱাৰ বাবে স্পেচএক্সৰ সৈতে ভাৰতৰ বৃহৎ টেলিকম কোম্পানী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ই চুক্তি স্বাক্ষৰ কৰাৰ পাছতে বিভিন্ন চৰ্চা আৰম্ভ হৈছে । প্ৰকাশিত বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে, ষ্টাৰলিংকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ পৰিৱৰ্তে এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ জৰিয়তে মানুহৰ বাবে ষ্টাৰলিংক সেৱা উপলব্ধ হ’ব। ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি, এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ই সহজ পেমেণ্ট আৰু ইনষ্টলেচন বিকল্পৰ সৈতে ষ্টাৰলিংক সেৱা উপলব্ধ কৰিব পাৰে। ইয়াৰ দ্বাৰা ষ্টাৰলিংক সেৱা ভাৰতৰ লোকসকলৰ বাবে এক সুলভ বিকল্প হৈ উঠিব পাৰে।

বিশ্লেষকসকলৰ মতে, ভাৰতীয় বজাৰত ফাইবাৰ আৰু ফিক্সড বেতাঁৰ সেৱা সুলভ বিকল্প হৈ থাকিব । কিন্তু যিবোৰ অঞ্চলত এই সেৱা উপলব্ধ নহয় তেনে অঞ্চলৰ লোকে ষ্টাৰলিংক সেৱাৰ সুবিধা ল’ব বিচাৰিব। টেলিকম খণ্ডৰ নেতা প্ৰশান্ত সিংঘালে দ্য ইকনমিক টাইমছৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত কয় যে, স্থানীয় টেলিকম কোম্পানীসমূহৰ সৈতে ষ্টাৰলিংকৰ অংশীদাৰিত্বৰ দ্বাৰা মানুহে লাভৱান হ’ব।

চেটেলাইটৰ সেৱাৰ খৰচ বেছি যদিও এয়াৰটেল আৰু জিঅ’ৰ অংশীদাৰিত্বৰ ফলত ষ্টাৰলিংক ডিভাইচৰ খৰচ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। এয়াৰটেল আৰু জিঅ’ৰ সৈতে ষ্টাৰলিংকৰ চুক্তি সকলো পক্ষৰ বাবে উপকাৰী। প্ৰশান্ত সিংঘালে কয় য, ভাৰতত চেটেলাইট ব্ৰডবেণ্ডৰ সফলতা সঠিক মূল্য নিৰ্ধাৰণৰ ওপৰত নিৰ্ভৰশীল।

দামৰ সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে, উপগ্ৰহ যোগাযোগ সেৱা আৰু হাৰ্ডৱেৰৰ খৰচ অতি বেছি যাৰ বাবে কম সংখ্য়ক লোকেহে এই সেৱা গ্ৰহণ কৰিব পাৰে। আমেৰিকাত ষ্টাৰলিংকৰ মাহিলী খৰচ ১২০ ডলাৰ (প্ৰায় ১০৪৩৪ টকা)ৰ পৰা ৫০০ ডলাৰ (প্ৰায় ৪৩৪৭৭ টকা)ৰ ভিতৰত। ইয়াৰ উপৰিও এককালীন হাৰ্ডৱেৰ খৰচ বাবে ৫৯৯ ডলাৰ (প্ৰায় ৫২০৮৫ টকা)ৰ পৰা ২৫০০ ডলাৰ (প্ৰায় ২১৭৩৮৬ টকা) খৰচ কৰিব লাগে। কেনিয়াৰ দৰে দেশত ই অলপ সস্তা, য’ত মাহিলী প্লেনৰ মূল্য ১০ ডলাৰ (প্ৰায় ৮৬৯ টকা)ৰ পৰা আৰম্ভ হয় আৰু হাৰ্ডৱেৰৰ খৰচ ১৭৮ ডলাৰ (প্ৰায় ১৫৪৭৭ টকা)ৰ পৰা ৩৮১ ডলাৰ (প্ৰায় ৩৩২১৬ টকা)লৈকে।