ব্ৰেথ এনালাইজাৰত কিদৰে ধৰা পৰে সুৰা পান কৰোঁতা, জানেনে?

নৱবৰ্ষৰ আনন্দ উদযাপনৰ মাজত সুৰা পানৰ দৃশ্য তেনেই স্বাভাৱিক। পিছে সুৰা পানৰ ফলত এই সময়ত বহু দুৰ্ঘটনাও সংঘটিত হোৱা দেখা যায়। এনে ধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ-প্ৰশাসনে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে বাহন চালকসকলৰ পৰীক্ষা কৰিছে। পিছে এই মেচিনটোৱে কিদৰে সুৰাপায়ী লোকসকলক ধৰা পেলায়, সেই সন্দৰ্ভত সকলোৰে মনত প্ৰশ্ন উদয় হয়। এই বিষয়ে জানো আহক।

ব্ৰেথ এনালাইজাৰত কিদৰে ধৰা পৰে সুৰা পান কৰোঁতা, জানেনে?

কিদৰে কাম কৰে ব্ৰেথ এনালাইজাৰে?

Published: 

30 Dec 2024 20:45 PM

নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সকলো। সেয়ে কেওফালে দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশ। সপৰিয়ালে বা বন্ধু-বান্ধৱ তথা সতীৰ্থৰ সৈতে নৱবৰ্ষৰ আনন্দ উপভোগৰ বাবে বহু লোক গৈছে পিকনিকলৈ। অথবা কোনো স্থানত সমবেত হৈ সকলোৱে লগেভাগে এসাঁজ খাই হাঁহি স্ফুৰ্তি কৰিছে। এই আনন্দৰ মাজত কোনো কোনোৱে নিশ্চয়কৈ সুৰা পান নকৰাকৈ থকা নাই। কোনো উৎসৱ বা এনে আনন্দ উদযাপনৰ সময়ত ৰাজ্যত সুৰা বিক্ৰীৰ অভিলেখৰ তথ্য পোহৰলৈ আহে।

পিছে সুৰা পানৰ ফলত এই সময়ত বহু দুৰ্ঘটনাও সংঘটিত হোৱা দেখা যায়। এনে ধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ-প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ঠায়ে ঠায়ে চেকিং পইণ্ট স্থাপন কৰি আৰক্ষী-প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে। সুৰা পান কৰি যাতে কোনোৱে বাহন নচলায়, সেয়া নিশ্চিত কৰিবলৈকে এনে পন্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

চালকসকলে সুৰা পান কৰিছে নে নাই কৰা তাৰ নিশ্চয়তা ল’বলৈ আৰক্ষীয়ে এক বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰিছে। ব্ৰেথ এনালাইজাৰ নামৰ যন্ত্ৰৰ সহায়ত আৰক্ষী প্ৰশাসনে চালকসকলৰ পৰীক্ষা চলাইছে। পিছে এই ব্ৰেথ এনালাইজাৰ মেচিনে কিদৰে সুৰা পান কৰিছে নে নাই কৰা সেয়া ধৰা পেলায়, সেই লৈ সকলোৰে মনত এক প্ৰশ্নৰ অৱতাৰণা হয়। আপুনিও কেতিয়াবা এই বিষয়ে নিশ্চয় নভৱাকৈ থকা নাই।

আচলতে সুৰা পান কৰাৰ পিছত সুৰাপায়ী লোকসকলৰ তেজৰ কোষৰ জৰিয়তে এই সুৰা তেজত মিহলি হৈ যায়। মদ্যপান কৰা ব্যক্তিৰ হাওঁফাওঁত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। ইয়াৰ পৰাই আৰম্ভ হয় সমগ্ৰ সমস্যা। হাওঁফাওঁত মদ্যপানৰ প্ৰভাৱৰ বাবেই বেয়া গোন্ধ ওলায়। এনে পৰিস্থিতিত মদ খোৱা ব্যক্তিয়ে যেতিয়াই উশাহ এৰি দিয়ে তেতিয়াই তেওঁৰ মুখ আৰু নাকেৰে সুৰাৰ গোন্ধ আহে।

ইয়াতেই ব্ৰেথ এনালাইজাৰ মেচিনটোৱে কামত আহে। সেই মেচিনটোৱে মুখৰ পৰা ওলোৱা বতাহৰ জৰিয়তে তেজত থকা এলক’হলৰ মাত্ৰা পৰীক্ষা কৰে আৰু তেতিয়াই সুৰাপায়ী লোকসকল ধৰা পৰে। এই মেচিনটোত তিনিটা ভিন্ন ধৰণৰ লাইট থাকে- সেউজীয়া, হালধীয়া আৰু ৰঙা। এই মেচিনত ফু দিয়াৰ পিছত এই লাইটকেইটাৰ কোনটো জ্বলি উঠে, তাৰ ভিত্তিতে প্ৰমাণ ওলায় সুৰা সেৱনৰ।

মেচিনত যদি সেউজীয়া লাইট জ্বলে, তাৰ অৰ্থ হৈছে ফু দিয়া লোকজনে সুৰা পান কৰা নাই। অৰ্থাৎ এই লোকসকলে বাহন চলোৱাৰ বাবে সেউজ সংকেট লাভ কৰে। আনহাতে যদি ফু দিয়াৰ পিছত হালধীয়া আৰু ৰঙা লাইট জ্বলি উঠে, তাৰ অৰ্থ হ’ব ফু দিয়া লোকজনে মদ্যপান কৰিছে। অৱশ্যে কিছুমান ব্ৰেথ এনালাইজাৰত এনে লাইটৰ ব্যৱস্থা নথকাও দেখা যায়।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?