5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এটা মোবাইল নম্বৰৰ সৈতে কেইটা আধাৰ কাৰ্ড লিংক কৰিব পাৰি ? জানক

যিধৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়, সেই একেধৰণে আধাৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰাটো অতি প্ৰয়োজন । কিয়নো ডিজিটেল সেৱাৰ ক্ষেত্ৰত ই সুৰক্ষিত অ’টিপি ভিত্তিক প্ৰমাণীকৰণৰ সুবিধা প্ৰদান কৰে । আপোনাৰ মনত প্ৰশ্ন উত্থাপন হ'ব পাৰে যে, এটা মোবাইল নম্বৰত কেইটা আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰিব পাৰি ?

এটা মোবাইল নম্বৰৰ সৈতে কেইটা আধাৰ কাৰ্ড লিংক কৰিব পাৰি ? জানক
আধাৰ
manas-borah
Manas Borah | Updated On: 20 Nov 2024 16:51 PM

বৰ্তমান সময়ৰ দৈনন্দিন জীৱনত ডিজিটেল পৰিচয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । চৰকাৰী-বেচৰকাৰী প্ৰতিটো কামতে আধাৰ কাৰ্ড অতি প্ৰয়োজন । আধাৰ কাৰ্ডৰ অবিহনে কোনো এটা অফিচিয়েল কামেই সম্পাদন কৰিব নোৱাৰি । যিধৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়, সেই একেধৰণে আধাৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰাটো অতি প্ৰয়োজন । কিয়নো ডিজিটেল সেৱাৰ ক্ষেত্ৰত ই সুৰক্ষিত অ’টিপি ভিত্তিক প্ৰমাণীকৰণৰ সুবিধা প্ৰদান কৰে ।

ইকেৱাইচি, চৰকাৰী কাম-কাজ আৰু বেংকিং লেনদেনৰ দৰে অনলাইন সেৱাসমূহৰ সুবিধা লাভৰ বাবে আধাৰ লিংক থকা মোবাইল নম্বৰত যোৱা অ’টিপি প্ৰয়োজন হয় । এই অ’টিপিয়ে আধাৰৰ বিৱৰণ নিশ্চিত কৰে । ইয়াৰ উপৰিও মোবাইল সংযোগে সেৱাসমূহ সহজ কৰাৰ লগতে ডিজিটেল কাম কাজত অধিক স্বচ্ছতা প্ৰদান কৰে । তদুপৰি ই অত্যাৱশ্যকীয় সেৱাসমূহ সুবিধা আৰু সুৰক্ষিতভাৱে লাভ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

একেটা মোবাইল নম্বৰৰ লগত কেইটা আধাৰ নম্বৰ লিংক কৰিব পাৰি?

এইখিনিতে আপোনাৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে যে, এটা মোবাইল নম্বৰত কেইটা আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰিব পাৰি ? তথ্য অনুসৰি, এটা মোবাইল নম্বৰৰ সৈতে কিমান আধাৰ নম্বৰ লিংক কৰিব সেই ক্ষেত্ৰত কোনো বাধা নাথাকে । কিন্তু মন কৰিব যে, আপোনাৰ নিজৰ মোবাইল নম্বৰ বা যিটো নম্বৰ আপুনি সুৰক্ষিত বুলি ভাৱে সেই নম্বৰৰ সৈতে আপোনাক আধাৰ লিংক কৰিবলৈ পৰামৰ্শ দিয়ে UIDAI য়ে । ইয়াৰ কাৰণ হৈছে লিংক থকা মোবাইল নম্বৰত যোৱা অ’টিপি ভিত্তিত আপোনাৰ আধাৰৰ প্ৰমাণীকৰণ কৰা হয়  ।

আধাৰ কাৰ্ডৰ অ’টিপিৰ প্ৰয়োজনীয়তা

আধাৰৰ ভিত্তিত সম্পাদন কৰা যিকোনো আনলাইন কামৰ বাবে প্ৰমাণীকৰণৰ ক্ষেত্ৰত অ’টিপিৰ প্ৰয়োজন হয় । যিটো অ’টিপি আপুনি আপোনাৰ লিংক থকাৰ মোবাইল নম্বৰত লাভ কৰিব । যাৰ বাবে আধাৰৰ সৈতে লিংক থকা প্ৰাথমিক মোবাইল নম্বৰটো অতি গুৰুত্বপূৰ্ণ। মন কৰিব যে, আপোনাৰ অ’টিপিয়ে ডিজিটেল সেৱাৰ ক্ষেত্ৰত প্ৰমাণীকৰণ কৰাৰ লগতে আপোনাক সুৰক্ষা প্ৰদান কৰে । এই ক্ষেত্ৰত আপোনাৰ মোবাইল নম্বৰটো বৈধ আৰু সক্ৰিয় হৈ থকাটো অতি প্ৰয়োজন।

আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব?

আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত যদি মোবাইল নম্বৰ পঞ্জীয়ন কৰা নাই তেন্তে আধাৰ সেৱা কেন্দ্ৰলৈ গৈ মোবাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব। মোবাইল নম্বৰ সলনি কৰিব বিচাৰিলেও আধাৰ সেৱা কেন্দ্ৰৰ জৰিয়তে সলনি কৰিব লাগিব। https://bhuvan-app3.nrsc.gov.in/aadhaar জৰিয়তে আপুনি আধাৰ সেৱা কেন্দ্ৰৰ সন্ধান ল’ব পাৰে ।

Latest News