শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিমান GB ৰেমৰ স্মাৰ্টফোন ক্ৰয় কৰিলে আপোনাৰ সুবিধা হ’ব ? জানক

নতুন স্মাৰ্টফোন বা লেপটপ কিনাৰ কথা ভাবিলে প্ৰচেছৰ (CPU)ক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কাৰণ ই আপোনাৰ ডিভাইচে কিমান দ্ৰুতভাৱে কাম কৰিব সেইটো নিৰ্ধাৰণ কৰে। কিন্তু প্ৰচেছৰৰ লগতে ৰেম সমানেই গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত আপোনাৰ স্মাৰ্টফোনৰ বাবে ৰেম কিমান গুৰুত্বপূৰ্ণ সেয়া জানক।

কিমান GB ৰেমৰ স্মাৰ্টফোন ক্ৰয় কৰিলে আপোনাৰ সুবিধা হ’ব ? জানক
স্মাৰ্টফোন
manas-borah
Manas Borah | Published: 03 Feb 2025 19:53 PM

বৰ্তমান সময়ত প্ৰত্যেক লোককে স্মাৰ্টফোনৰ প্ৰয়োজন । স্মাৰ্টফোন দৈনন্দিন কাম-কাজৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে । এনে পৰিস্থিতিত আপুনি স্মাৰ্টফোন ক্ৰয় কৰাৰ আগতে প্ৰতিটো ফিচাৰৰ ওপৰত অধিক গুৰুত্ব দিয়ে । নতুন স্মাৰ্টফোন বা লেপটপ কিনাৰ কথা ভাবিলে প্ৰচেছৰ (CPU)ক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কাৰণ ই আপোনাৰ ডিভাইচে কিমান দ্ৰুতভাৱে কাম কৰিব সেইটো নিৰ্ধাৰণ কৰে। কিন্তু প্ৰচেছৰৰ লগতে ৰেম সমানেই গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত আপোনাৰ স্মাৰ্টফোনৰ বাবে ৰেম কিমান গুৰুত্বপূৰ্ণ সেয়া জানক।

ৰেমৰ কাম কি?

RAM আপোনাৰ ডিভাইচৰ হ্ৰস্বম্যাদী মেমৰিৰ দৰে। ইয়াত ডাটা আৰু এপসমূহ সাময়িকভাৱে সংৰক্ষণ কৰা হয়। যেতিয়া আপুনি এটা এপ বা ফাইল খোলে, ই ৰেমত লোড হয়। ইয়াৰ সহায়ত স্মাৰ্টফোনৰ এপ বা ফাইলত দ্ৰুতভাৱে প্ৰৱেশ কৰিব পাৰে । অধিক ৰেম থাকিলে একেলগে একাধিক এপ চলাব পাৰিব। ইয়াৰ বাবে আপোনাৰ ডিভাইচ হেং নহয়।

এই স্মাৰ্টফোনবোৰত অধিক ৰেম প্ৰদান কৰা হৈছে

iPhone 15 ছিৰিজৰ প্ৰ’ মডেলত আছে 8GB ৰেম। আনহাতে iPhone 15 আৰু 15 প্লাছত মাত্ৰ 6GB ৰেম আছে। iPhone 16 ছিৰিজৰ সকলো মডেলতে 8GB ৰেম আছে। ভৱিষ্যতে এপলৰ AI বৈশিষ্ট্যৰ বাবে কমেও 16GB ৰেমৰ প্ৰয়োজন হ’ব পাৰে। 12GB ৰেমৰ সৈতে Google Pixel 9 ছিৰিজ প্ৰতিটো মডেল আৰম্ভ হয়।

আনহাতে Pixel 8ত আছিল মাত্ৰ 8GB ৰেম। Google Pixel 9 প্ৰ’ মডেলত আছে 16GB পৰ্যন্ত ৰেম। Samsung Galaxy S25 ত এতিয়া 12GB ৰেম আছে। পূৰ্বৰ Samsung Galaxy S24 তকৈ ৰেম বৃদ্ধি কৰা হৈছে । আনহাতে OnePlus 13 ত 24GB পৰ্যন্ত ৰেমৰ বিকল্প দিয়া হৈছে। এই OnePlus 13 য়ে সৰ্বাধিক ৰেম বিকল্প প্ৰদান কৰিছে ।

ৰেম শক্তিশালী হোৱাটো গুৰুত্বপূৰ্ণ

যি স্মাৰ্টফোন কিনিব, পৰ্যাপ্ত ৰেম থকাটো অতি প্ৰয়োজনীয়। ই আপোনাৰ ডিভাইচৰ পাৰফৰমেনচৰ ওপৰত প্ৰভাৱ পেলায়। লগতে ভৱিষ্যতে AI ৰ দৰে ডাটা প্ৰচেছিং ফিচাৰসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।