চাবস্ক্ৰিপচনৰ অবিহনে Hotstar ত কেনেকৈ উপভোগ কৰিব চিনেমা ?

চাবস্ক্ৰিপচনৰ অবিহনে Disney Plus Hotstar চিনেমা উপভোগ কৰাটো সম্ভৱ নে ? Disney Plus Hotstar ত বিনামূলীয়াকৈ চিনেমা উপভোগ কৰাৰ উপায়ো আছে।

চাবস্ক্ৰিপচনৰ অবিহনে Hotstar ত  কেনেকৈ উপভোগ কৰিব চিনেমা ?

বিনামূলীয়াকৈ Hotstar ত উপভোগ কৰক চিনেমা

Updated On: 

12 Jan 2025 13:31 PM

আপুনিও OTT প্লেটফৰ্মত চিনেমা চাই ভাল পায় নেকি? আপুনি চাবস্ক্ৰিপচন নোলোৱাকৈ Disney Plus Hotstar ত বিনামূলীয়াকৈ চিনেমা উপভোগ কৰিব বিচাৰে নেকি ? কিন্তু চাবস্ক্ৰিপচনৰ অবিহনে Disney Plus Hotstar চিনেমা উপভোগ কৰাটো সম্ভৱ নে ? Disney Plus Hotstar ত বিনামূলীয়াকৈ চিনেমা উপভোগ কৰাৰ উপায়ো আছে।

অন্যান্য OTT প্লেটফৰ্মৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ কোম্পানীসমূহে এতিয়া আকৰ্ষণীয় অফাৰ আৰু বিনামূলীয়া চিনেমা উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিছে । ইয়াৰ বাবে আপুনি বিশেষ একো কৰিব নালাগে, প্ৰথমে আপোনাৰ ফোনত Hotstar এপটো ডাউনলোড কৰক। ইয়াৰ পিছত যদি আপোনাৰ Hotstar ত একাউণ্ট নাই, তেন্তে প্ৰথমে এটা একাউণ্ট তৈয়াৰ কৰক। একাউণ্ট তৈয়াৰ কৰাৰ পিছত চাইন ইন কৰাৰ লগে লগে এপটোৰ হোমপেজত চিনেমা চোৱাৰ সুবিধা লাভ কৰিব ।

ইচ্ছা কৰিলে চাবস্ক্ৰিপচন লব পাৰে । কিন্তু আপুনি বিনামূলীয়াকৈ চিনেমা উপভোগ কৰিব পাৰে । যিসমূহ চিনেমাত FREE লিখা থাকিব সেই চিনেমা আপুনি উপভোগ কৰিব পাৰে । মন কৰিবলগীয়া যে, সকলো চিনেমা বিনামূলীয়া নহয়, ডিজনী প্লাছ হটষ্টাৰত আপুনি কেৱল নিৰ্বাচিত চিনেমাহে বিনামূলীয়াকৈ চাব পাৰিব।

চিনেমাৰ লগতে যদি আপুনি Disney Plus Hotstarত ৱেব ছিৰিজও চাব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি এটা চাবস্ক্ৰিপচনৰ প্ৰয়োজন হ’ব। একেবাৰে সস্তা প্লেনৰ মূল্য ১৪৯ টকা, কিন্তু এই প্লেন কেৱল মোবাইল সমৰ্থিত । এই প্লেনৰ সময়সীমা তিনি মাহলৈকে থাকিব । মন কৰিবলগীয়া কথাটো হ’ল, এই প্লেনত আপুনি কন্টেন্ট উপভোগ কৰাৰ সময়ত বিজ্ঞাপন চাব লাগিব।

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা