কোনো কাৰণত ৰে’ল বাতিল হ’লে টিকটৰ ধন ঘূৰাই পাবনে? নিয়ম জানি লওক
How to Get Full Refund of Train Ticket: ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’লৰ পথ সলনি বা ৰে’ল বাতিল হ’লে টিকটৰ ধন ঘূৰাই পাব । ইয়াৰ বাবে আপুনি TDR ফাইল কৰিব লাগিব। ৰে’ল এখনত ৩ ঘণ্টা বা তাতকৈ অধিক সময় পলম হ’লে টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হয়। কিন্তু যদি আপুনি থকা ঠাইত বান পৰিস্থিত সৃষ্টি হয় আৰু ষ্টেচনলৈ যাব নোৱাৰে বা কোনো কাৰণত ৰে'লখন ধৰিব নোৱাৰে, তেন্তে ৰে'লৱেক অৱগত কৰক।
বাৰিষাৰ কালত বতৰৰ বিধি-পথালিৰ বাবে প্ৰায়ে ৰে’ল সেৱা পলম বা বাতিল হোৱা দেখা যায় । এই সময়ছোৱাত ৰে’ল বাতিলৰ কাৰণ- ধাৰাসাৰ বৰষুণ, বান সমস্যা, ভূমিস্খলন আদি হ’ব পাৰে । ৰে’ল সেৱা বাতিল বা ডাইভাৰ্ট কৰাৰ ফলত যাত্ৰীসকলে সাংঘাতিক ধৰণে সমস্যাত পৰা দেখা যায় । ৰে’ল সেৱা বাতিল বা আপুনি যাত্ৰা কৰিবলগীয়া ৰে’লখন যদি বাতিল কৰে তেন্তে আপোনাৰ মনত সততে উত্থাপিত প্ৰশ্নটো হৈছে- আপুনি টিকটৰ ধন কেনেকৈ ঘূৰাই পাব ?
ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’লৰ পথ সলনি বা ৰে’ল বাতিল হ’লে টিকটৰ ধন ঘূৰাই পাব । ইয়াৰ বাবে আপুনি TDR ফাইল কৰিব লাগিব। ৰে’ল এখনত ৩ ঘণ্টা বা তাতকৈ অধিক সময় পলম হ’লে টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হয়। কিন্তু যদি আপুনি থকা ঠাইত বান পৰিস্থিত সৃষ্টি হয় আৰু ষ্টেচনলৈ যাব নোৱাৰে বা কোনো কাৰণত ৰে’লখন ধৰিব নোৱাৰে, তেন্তে ৰে’লৱেক অৱগত কৰক। কিন্তু এই ক্ষেত্ৰত টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা অতি কম।
টি ডি আৰ কি?
টিডিআৰ হৈছে টিকট বাতিলৰ প্ৰক্ৰিয়া। টিডিআৰ অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰ জৰিয়তে ফাইল কৰিব পাৰি। ৰে’লৰ নিৰ্ধাৰিত সময়ৰ ১ ঘণ্টা আগতে টিডিআৰ দাখিল কৰিব লাগিব ৬০ দিনৰ ভিতৰত আপোনাৰ টিকটৰ ধন আপোনাৰ একাউণ্টত জমা হ’ব।
TDR কেনেকৈ ফাইল কৰিব?
- প্ৰথমে IRCTC একাউণ্টত লগইন কৰক।
- “Booked Ticket History” ত ক্লিক কৰক।
- ট্ৰেইনৰ PNR নম্বৰ দিয়ক আৰু তাৰ পিছত “File TDR” অপচনত ক্লিক কৰক ।
- যিজন যাত্ৰীৰ নামত টিডিআৰ দাখিল কৰিব লাগে তেওঁৰ নাম লিখক ।
- TDR দাখিল কৰাৰ কাৰণ নিৰ্বাচন কৰক বা “Other” ত ক্লিক কৰি আপোনাৰ কাৰণ লিখক।
- “Submit” বিকল্পত ক্লিক কৰক।
- এতিয়া এটা টেক্সট বক্স খোল খাব, ইয়াত টিকট বাতিলৰ কাৰণ লিখক আৰু “Submit” বুলি লিখিব। তেতিয়াহে TDR ফাইল হ’ব।