ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা কেনেকৈ সহজে ধন উপাৰ্জন কৰিব পাৰি? জানক সকলো…
আপুনিও ইনষ্টাগ্ৰাম বা ইউটিউবৰ বাবে ভিডিঅ' প্ৰস্তুত কৰে নেকি? তেন্তে ইয়াৰ পৰা কেনেকে ধন উপাৰ্জন কৰিব পাৰি জানেনে? কিছুমান সহজ উপায়ৰ দ্বাৰা আপুনি ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা ধন উপাৰ্জন কৰিব পাৰে।

ইনষ্টাগ্ৰাম-ইউটিউবImage Credit source: Getty Images
আজিকালি ডিজিটেলৰ যুগ। এনে পৰিস্থিতিত বহু মানুহে আজিৰ সময়ত Instagram আৰু YouTube ৰ জৰিয়তেও ধন ঘটা দেখা যায়। ইনষ্টাগ্ৰাম বা ইউটিউব কেৱল মনোৰঞ্জনৰ বাবে নহয়, বহু মানুহে ইয়াৰ নিজৰ কেৰিয়াৰ হিচাপেও গঢ় দি তুলিছে। বিভিন্ন সময়ত বহুতে খাদ্য, ভ্ৰমণ, বাতৰি, খেল আদি বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে। যাৰ ফলত তেওঁলোকৰ ফলোৱাৰ, লাইক আদি বৃদ্ধি পাই আৰু ই টকাৰ ঘটাৰ অন্য এক উপায় হৈ পৰে। কিন্তু সামাজিক মাধ্যমৰ পৰা কেনেকৈ আয় কৰিব পাৰি। এই লেখাটোত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-
ইনষ্টাগ্ৰামৰ পৰা আয়
ইনষ্টাগ্ৰামৰ পৰা আয় কৰাৰ বাবে বহু উপায় আছে। যদি আপুনি ভাল বিষয়-বস্তুৰ ওপৰত ভিডিঅ’ প্ৰস্তুত কৰে আৰু ভাল ফলোৱাৰ আছে তেন্তে সহজে আয় হ’ব পাৰে।
- Brand Collaborations: যদি আপোনাৰ যথেষ্ঠ সংখ্যক ফলোৱাৰ আছে তেন্তে আপুনি কোনো কোম্পানী বা ব্ৰেণ্ডৰ সৈতে কোলাবৰেশ্যন কৰিব পাৰে। আপুনি আপোনাৰ ভিডিঅ’ৰ যোগেদি তেওঁলোকৰ প্ৰডাক্ট প্ৰমোট কৰিলে সেই কোম্পানীটোৱে আপোনাক ধন দিব। গতিকে এনেকৈ আপুনি টকা ঘটিব পাৰিব।
- Affiliate Marketing: ইনষ্টাগ্ৰামত এফিলিয়েট লিংক শ্বেয়াৰ কৰিও আপুনি ধন উপাৰ্জন কৰিব পাৰে। যেতিয়া কোনোবাই আপোনাৰ শ্বেয়াৰ কৰা লিংকৰ পৰা কোনো সামগ্ৰী কিনে, তেতিয়া আপুনি কমিচন লাভ কৰিব। ইয়াৰ বাবে আপোনাৰ ফলোৱাৰে ভালপোৱা সামগ্ৰী আপুনি প্ৰচাৰ কৰিব লাগিব।
- Sponsored Posts:ব্ৰেণ্ডসমূহে প্ৰায়ে স্পোনছাৰ পোষ্ট কৰিব বিচাৰে। এই পোষ্টৰ জৰিয়তে ব্ৰেণ্ড বা প্ৰডাক্টৰ প্ৰচাৰ কৰা হয়। যদি আপোনাৰ পোষ্টবোৰে ভাল লাইক আৰু কমেন্ট লাভ কৰে তেন্তে সেই কোম্পানীয়ে আপোনাক ধন দিব
- Instagram Shop:ইনষ্টাগ্ৰামতো নিজাকৈ অনলাইন ষ্ট’ৰ চলাব পাৰিব। যদি আপোনাৰ নিজৰ প্ৰডাক্ট আছে তেন্তে ইনষ্টাগ্ৰামৰ শ্বপিং ফিচাৰ ব্যৱহাৰ কৰিব পাৰিব। আপুনি আপোনাৰ ফ’ল’ৱাৰক পোনপটীয়াকৈ প্ৰডাক্ট বিক্ৰী কৰিব পাৰিব।
YouTube ৰ পৰা আয়
- AdSense: ইউটিউবৰ AdSense ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি। যেতিয়া আপোনাৰ ভিডিঅ’ত কোনোবাই এড চাই তেন্তে আপুনি ইয়াৰ বাবে টকা লাভ কৰে। ইয়াৰ বাবে চেনেলত কমেও ১০০০ চাবস্ক্ৰাইবাৰ হব লাগিব আৰু ৪,০০০ ঘন্টাৰ ভিউ টাইম হব লাগিব।
- Sponsored Videos: ব্ৰেণ্ড আৰু কোম্পানীয়ে ইউটিউবত স্পোনছাৰ কৰাৰ বাবে ধন দিয়ে। ইনষ্টাগ্ৰামৰ দৰে ইউটিউবতো ব্ৰেণ্ডৰ সামগ্ৰীৰ প্ৰচাৰ কৰিব পাৰে আৰু বিনিময়ত ধন লাভ কৰিব পাৰে।
- Super Chats- Super Stickers: ইউটিউবৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত আপোনাৰ ফলোৱাৰে Super Chat আৰু super Stickers ক্ৰয় কৰিব পাৰে। ইয়াৰ বিনিময়ত আপুনি টকা লাভ কৰিব।
- Channel Membership: যদি আপোনাৰ চেনেলত যথেষ্ঠ সংখ্যৰ চাবস্ত্ৰাইবাৰ আছে তেন্তে চেনেলত মেম্বাৰশ্বিপৰ অপশ্যন আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত চাবস্ত্ৰাইবাৰে বিশেষ বিষয়বস্তুৰ বাবে টকা দি মেম্বাৰশ্বিপ লব লাগিব। যাৰ বিনিময়ত আপুনি ধন লাভ কৰিব।
- Affiliate Marketing: ইউটিউবত এফিলিয়েট লিংক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ভিডিঅত আপুনি যি প্ৰডাক্টৰ বিষয়ে কয়, সেই প্ৰডাক্টৰ এফিলিয়েট লিংক বিৱৰণত দি দিব পাৰে। সেই লিংকৰ পৰা মানুহে প্ৰডাক্ট ক্ৰয় কৰিলে আপুনি টকা লাভ কৰিব।
অন্য খবৰ পঢ়কঃ আপোনাৰ আধাৰ নম্বৰ দুষ্ট চক্ৰই অপব্যৱহাৰ কৰি আছে নেকি? এই সহজ প্ৰক্ৰিয়াৰে জানক সকলো…