শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হোৱাটছএপৰ নিষেধাজ্ঞা কেনেকৈ আঁতৰাব পাৰি ? এই প্ৰক্ৰিয়া অনুসৰণ কৰক

আপোনাৰ হোৱাটছএপ একাউণ্ট কোম্পানীয়ে ব্লক কৰিছে নেকি ? হোৱাটছএপে যদি আপোনাৰ একাউণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, তেন্তে সেই নিষেধাজ্ঞা আঁতৰাবলৈ কি কৰিব ? জানক

হোৱাটছএপৰ নিষেধাজ্ঞা কেনেকৈ আঁতৰাব পাৰি ? এই প্ৰক্ৰিয়া অনুসৰণ কৰক
Whatsapp
manas-borah
Manas Borah | Published: 09 Feb 2025 10:52 AM

আপোনাৰ ফোন নম্বৰৰ জৰিয়তে আপুনি হোনাটছএপ লগইন কৰিব পৰা নাই নেকি ? বা আপোনাৰ হোৱাটছএপ একাউণ্ট কোম্পানীয়ে ব্লক কৰিছে নেকি ? যদি এনে পৰিস্থিতিৰ সন্মুখীন হৈছে তেন্তে আপুনি কি কৰিব ? যেতিয়া এটা হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হয় তেতিয়া ব্যৱহাৰকাৰীলৈ এক জাননী প্ৰেৰণ কৰা হয়। এই জাননীত একাউণ্টটো নিষিদ্ধ কৰাৰ আঁৰৰ কাৰণ উল্লেখ কৰা থাকে। আপোনাৰ একাউণ্ট কিয় নিষিদ্ধ কৰা হৈছে বা আপুনি কি কি নিয়ম উলংঘা কৰিছে? সকলো সবিশেষ সেই জাননীত উল্লেখ থাকে । প্ৰতিটো কাৰণতে নিজৰ ন্যায্যতা দাঙি ধৰিব লাগিব।

হোৱাটছএপৰ নিষেধাজ্ঞা কেনেকৈ আঁতৰ কৰিব পাৰি ?

যদি কোনো ভুল নোহোৱাকৈ আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে, তেন্তে আপুনি হোৱাটছএপ সমৰ্থন দলৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব। তেওঁলোকৰ সৈতে যোগাযোগ কৰি আপুনি তেওঁলোকক আপোনাৰ সমস্যাটো ক’ব পাৰে আৰু আপোনাৰ একাউণ্ট পৰ্যালোচনা কৰিব পাৰে।

WhatsApp ত Settings লৈ গৈ Help section option ত ক্লিক কৰক। ইয়াৰ পিছত আপুনি আপোনাৰ সমস্যা আৰু সম্পূৰ্ণ বিৱৰণ ইমেইলত ৰিপৰ্ট কৰিব লাগিব। এটা কথা মনত ৰাখিব লাগিব যে, আপোনাৰ নাম আৰু যোগাযোগ নম্বৰৰ বাহিৰেও আপুনি ইমেইলত সম্পূৰ্ণ বিৱৰণ লিখিব লাগে। ইয়াৰ পিছত আপোনাৰ একাউণ্টটো কিয় নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ স্পষ্টীকৰণত আপুনি কি ক’ব সেই কথা উল্লেখ কৰিব লাগিব ।

হোৱাটছএপৰ নিষেধাজ্ঞা আঁতৰিবলৈ কিমান দিন লাগে?

বহুক্ষেত্ৰত যদি WhatsApp এ আপোনাৰ একাউণ্টটো সাময়িকভাৱে নিষিদ্ধ কৰে, তেন্তে এই নিষেধাজ্ঞা ২৪ ঘণ্টাৰ পৰা ৩০ দিনৰ ভিতৰত সমাধান কৰিব পৰা যাব। কিন্তু এই সময়ছোৱাত ভুলতে কোনো তৃতীয় পক্ষৰ হোৱাটছএপ মোড GBWhatsApp বা WhatsApp Plus ব্যৱহাৰ নকৰিব।

বহু সময়ত তৃতীয় পক্ষৰ এপ ব্যৱহাৰৰ বাবে হোৱাটছএপে আপোনাৰ একাউণ্টটো সাময়িকভাৱে নিষিদ্ধ কৰে। এই প্লেটফৰ্মসমূহৰ হোৱাটছএপৰ সৈতে কোনো সম্পৰ্ক নাই। যদি আপুনি সেইবোৰ ব্যৱহাৰ কৰি আছে তেন্তে হোৱাটছএপৰ নিৰ্দেশনা উলংঘা কৰিছে।