IPL 2025 Live Online: বিনামূলীয়াকৈ IPL মেচ চাওক, এটকাও দিব নালাগে…!
আই পি এলৰ অ’ টি টি ৰাইট কেৱল Jio Hotstar ৰ হাতত। সকলো খেল লাইভ চাব পাৰিব Jio Hotstar ত। Jio Hotstar ৰ কম মূল্যৰ চাবস্ক্ৰিপচন প্লেনও ল’ব পাৰিব। তদুপৰি চাবস্ক্ৰিপচনৰ অবিহনে কেনেকৈ Jio Hotstar ত আইপিএল চাব পাৰিব জানক ।

২২ মাৰ্চ শনিবাৰৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ( IPL 2025)। IPL 2025 ৰ প্ৰতিখন মেচ উপভোগ কৰাৰ বাবে আপুনি চাবস্ক্ৰিপচনৰ কথা ভাবিছে নেকি ? উল্লেখ্য যে, আই পি এলৰ অ’ টি টি ৰাইট কেৱল Jio Hotstar ৰ হাতত। সকলো খেল লাইভ চাব পাৰিব Jio Hotstar ত। Jio Hotstar ৰ কম মূল্যৰ চাবস্ক্ৰিপচন প্লেনও ল’ব পাৰিব। য’ত আপুনি বহুতো সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰেও আপুনি Jio Hotstar অবিহনে Smart TV ত চাব IPL পাৰিব । তদুপৰি চাবস্ক্ৰিপচনৰ অবিহনে কেনেকৈ Jio Hotstar ত আইপিএল চাব পাৰিব জানক ।
JioHotstar ৰ কম মূল্যৰ প্লেন (মোবাইল)
Jio য়ে ব্যৱহাৰকাৰীসকলৰ বাবে বহুতো প্লেন আগবঢ়াইছে। য’ত JioHotstar বিনামূলীয়াকৈ উপলব্ধ। কিন্তু যদি আপুনি কেৱল Jio Hotstar ৰ চাবস্ক্ৰাইব কৰিব বিচাৰে তেন্তে এই প্লেন গ্ৰহণ কৰিব পাৰে । JioHotstar মোবাইল প্লেন ১৪৯ টকাত উপলব্ধ। এই প্লেনৰ বৈধতা ৩ মাহ। যদি আপুনি বাৰ্ষিক প্লেন ল’ব বিচাৰে তেন্তে ৪৯৯ টকাৰ প্লেন ল’ব পাৰে। এই প্লেনত আপুনি টিভি বা আন কোনো ডিভাইচত আইপিএল চাব নোৱাৰে। কেৱল মোবাইলত খেলখন চাব পাৰিব। এই প্লেনত আপুনি বিজ্ঞাপনৰ সৈতে মেচখন চাব লাগিব।
স্মাৰ্ট টিভিত খেল চাবলৈ কিমান খৰচ হ’ব ?
যদি আপুনি পৰিয়ালৰ সৈতে IPL মেচ চোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি JioHotstar ৰ ২৯৯ টকাৰ প্লেন ল’ব লাগিব। এই প্লেনৰ বৈধতা ৩ মাহৰ সৈতে আহে। কিন্তু এই প্লেনত বিজ্ঞাপন চাব লাগিব। বাৰ্ষিক প্লেনৰ বাবে আপোনাৰ খৰচ হ’ব ৮৯৯ টকা। এই প্লেন আপুনি দুটা ডিভাইচত আইপিএল চাব পাৰিব ।
এড ফ্ৰী প্লেন
যদি আপুনি JioHotstar ত এড ফ্ৰী কন্টেন্ট চাব বিচাৰে তেন্তে আপুনি ২৯৯ টকাৰ মাহিলী প্লেন ল’ব লাগিব। তিনিমাহৰ বৈধতাৰ বাবে ল’ব বিচাৰিলে ৪৯৯ টকা খৰচ কৰিব লাগিব। এবছৰৰ বৈধতাৰ বাবে এড ফ্ৰী প্লেন পাবলৈ হ’লে ১৪৯৯ টকাৰ প্লেন ল’ব লাগিব। এই প্লেনত আপুনি চাৰিটা ডিভাইচ ব্য়ৱহাৰ কৰিব পাৰিব । ইয়াৰ উপৰিও যদি আপুনি টিভি চেনেলত আই পি এল চাব বিচাৰে তেন্তে ষ্টাৰ স্পৰ্টছ চেনেলত চাব পাৰিব।
প্ৰিপেইড ৰিচাৰ্জ প্লেন
ইফালে যদি JioHotstar বিনামূলীয়াকৈ পাবলৈ Jio, Vi আৰু Airtel প্ৰিপেইড প্লেনৰ সহায় ল’ব পাৰিব। এই তিনিটা টেলিকম কোম্পানীয়ে তেওঁলোকৰ প্ৰিপেইড প্লেনত JioHotstar বিনামূলীয়া চাবস্ক্ৰিপচন প্ৰদান কৰে।