শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Huawei Mate XT: বিশ্বৰ প্ৰথমটো ফোন, যাৰ বৈশিষ্টই আকৰ্ষিত কৰিব আপোনাক…

 Huawei Mate XT: হুৱেই ট্ৰাই-ফল্ড ​​হ’ব পাৰে আটাইতকৈ দামী ফল্ডেবল স্মাৰ্টফোন।  ট্ৰিপল ফল্ডেবল স্মাৰ্টফোনৰ সম্ভাৱ্য মূল্য ২৯,০০০ ইউয়ান অৰ্থাৎ প্ৰায় ৩.৩৫ লাখ টকা হ’ব পাৰে। 

Huawei Mate XT: বিশ্বৰ প্ৰথমটো ফোন, যাৰ বৈশিষ্টই আকৰ্ষিত কৰিব আপোনাক…
স্মাৰ্টফোন
barasha-sarma
Barasha Sarma | Published: 03 Sep 2024 17:11 PM

যিসকলে এপল আইফোন ১৬ ছিৰিজৰ বাবে অপেক্ষা কৰি আছে সেইসকলৰ অপেক্ষা অতি শীঘ্ৰই সমাপ্ত হ’ব। কিয়নো অহা ৯ ছেপ্টেম্বৰত মুকলি কৰা হ’ব আইফোন ১৬ (I-phone 16)। আইফোনৰ এই ছিৰিজটো ফিচাৰ আৰু অন্যান্য ক্ষেত্ৰত আগতকৈ উন্নত হ’ব বুলি ধৰা হৈছে। এপলে এই আইফোন মুকলি কৰাৰ পিছদিনাই হুৱেইয়ে মুকলি কৰিব বিশ্বৰ প্ৰথমটো ট্ৰিপল ফল্ডেবল স্মাৰ্টফোন। হুৱেইৰ ট্ৰাই ফল্ড ফোনটোৰ নাম হ’ব পাৰে Huawei Mate XT। হুৱেই হৈছে চীনৰ স্মাৰ্টফোন কোম্পানী। এই কোম্পানীটোৱে মুকলি কৰিব লগা নতুন ফোনটো এতিয়া বিশেষ চৰ্চাত আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ট্ৰিপল ফল্ডেবল স্মাৰ্টফোনটো হুৱেইৰ এজন জ্যেষ্ঠ বিষয়াৰ হাতত দেখা গৈছে। এইটোৱেই হ’ব হুৱেইৰ মেট ছিৰিজৰ নতুন স্মাৰ্টফোন। এপলে এতিয়াও ফল্ডেবল ফোন ছেগমেণ্ট মুকলি কৰা নাই। হুৱেইৰ বাহিৰে চেমচাং আৰু গুগলৰ দৰে শীৰ্ষ প্ৰযুক্তি কোম্পানীয়ে ফল্ডেবল ফোন বিক্ৰী কৰে।

তথ্য অনুসৰি, হুৱেই কনজিউমাৰ বিজনেছ গ্ৰুপৰ চিইঅ’ ৰিচাৰ্ড ইউয়ে চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱেইব’ত এই কথা প্ৰকাশ কৰিছে। এই ফোনটোক Huawei Mate XT নামেৰে জনা যাব। ৫ বছৰ কঠোৰ পৰিশ্ৰমৰ ফলত এই ফোন কোম্পানীটোৱে মুকলি কৰিব বুলি জানিবলৈ দিয়ে। এই ফোনটো চীনত মুকলি কৰা হ’ব ২০২৪ চনৰ ১০ ছেপ্টেম্বৰত ভাৰতৰ সময় অনুসৰি দিনৰ ১২ বজাত।

huawei-mate-xt-teaser

ফোনটো

জানিব পৰা মতে এই ফোনটো হুৱেই মেট এক্সটি ৰিচাৰ্ড ইউৰ হাতত দেখা গৈছে। ফোনটোত স্ক্ৰীনৰ তিনিটা অংশ দেখিবলৈ পোৱা যায়। ইয়াত বহু নতুন নতুন প্ৰযুক্ত সংযোজন কৰা হৈছে। স্ক্ৰীণৰ আকাৰ ১০ ইঞ্চি হ’ব পাৰে। ফ্ৰন্টৰ কেমেৰা হোল-পাঞ্চ কাটাআউট থকাৰ সম্ভাৱণা আছে। ঘূৰণীয়া ধৰণৰ কেমেৰাও হ’ব পাৰে।

দাম

হুৱেই ট্ৰাই-ফল্ড ​​হ’ব পাৰে আটাইতকৈ দামী ফল্ডেবল স্মাৰ্টফোন।  ট্ৰিপল ফল্ডেবল স্মাৰ্টফোনৰ সম্ভাৱ্য মূল্য ২৯,০০০ ইউয়ান অৰ্থাৎ প্ৰায় ৩.৩৫ লাখ টকা হ’ব পাৰে।  অৱশ্যে মুকলিৰ পাছতেই এই ফোনটোৰ সকলো তথ্য নিশ্চিতকৈ জানিব পৰা যাব।

Latest News