শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget: ভাৰতক অৰ্ধপৰিবাহীৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা লক্ষ্য ! বাজেটত ইলেক্ট্ৰনিক্স প্ৰকল্পৰ বাবে আবণ্টন ৮৪ শতাংশ বৃদ্ধি কেন্দ্ৰৰ

বাজেটত প্ৰযুক্তি প্ৰকল্পৰ বাবে আবণ্টিত ধনৰাশি প্ৰায় ৮৪ শতাংশ বৃদ্ধি কৰিছে । অহা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰই মূল প্ৰযুক্তি প্ৰকল্পৰ বাবে ১৮,০০০ কোটি টকা আবণ্টন কৰিছে।

Budget: ভাৰতক অৰ্ধপৰিবাহীৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা লক্ষ্য ! বাজেটত ইলেক্ট্ৰনিক্স প্ৰকল্পৰ বাবে আবণ্টন ৮৪ শতাংশ বৃদ্ধি কেন্দ্ৰৰ
বাজেট ২০২৫
manas-borah
Manas Borah | Updated On: 02 Feb 2025 00:43 AM

কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন, আই টি হাৰ্ডৱেৰ, অৰ্ধপৰিবাহী প্ৰকল্প আৰু ইণ্ডিয়াএআই মিছনৰ বাবে প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই)কে ধৰি মূল প্ৰযুক্তি প্ৰকল্পৰ বাবে আবণ্টিত ধনৰাশি প্ৰায় ৮৪ শতাংশ বৃদ্ধি কৰিছে । অহা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰই মূল প্ৰযুক্তি প্ৰকল্পৰ বাবে ১৮,০০০ কোটি টকা আবণ্টন কৰিছে।

বাজেটৰ নথি অনুসৰি, চলিত বিত্তীয় বৰ্ষত ইলেক্ট্ৰনিকছ খণ্ডৰ মূল প্ৰকল্পৰ বাবে সংশোধিত আবণ্টন প্ৰায় ৯,৭৬৬ কোটি টকা। ইণ্ডিয়াএআই মিছনৰ বাবে আবণ্টন ১১ গুণ বৃদ্ধি কৰি ২০০০ কোটি টকা কৰা হৈছে। চলিত বিত্তীয় বৰ্ষৰ সংশোধিত আবণ্টিত ধনৰাশি ১৭,৫৬৬.৩১ কোটি টকাৰ বিপৰীতে ২০২৫-২৬ বৰ্ষৰ বাবে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মুঠ আবণ্টন প্ৰায় ৪৮ শতাংশ বৃদ্ধি কৰি ২৬,০২৬.২৫ কোটি টকা হৈছে।

বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ বাবে পিএলআই প্ৰকল্পৰ বাবে সৰ্বাধিক ৮,৮৮৫ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াত মোবাইল ফোন উৎপাদনত গুৰুত্ব দিয়া হৈছে। এই আঁচনিৰ অধীনত অন্তৰ্ভুক্তহৈছে এপলৰ বিক্ৰেতা ফক্সকন, টাটা ইলেক্ট্ৰনিকছ, ডিক্সন টেকন’লজিছ, লাভা ইণ্টাৰনেশ্যনেল আদি।

চলিত বিত্তীয় বৰ্ষৰ সংশোধিত আবণ্টন ১২০০ কোটি টকাৰ বিপৰীতে ২০২৫-২৬ বৰ্ষৰ বাবে ২৪৯৯.৯৬ কোটি টকা অৰ্ধপৰিবাহী প্ৰকল্পৰ বাবে আবণ্টন দিয়া হৈছে । এই আবণ্টন দুগুণতকৈও অধিক বৃদ্ধি কৰিছে কেন্দ্ৰই । বিভিন্ন অৰ্ধপৰিবাহী প্ৰকল্পৰ বাবে চৰকাৰে মুঠ ১.৫২ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে।