শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০৩০ ৰ ভিতৰত দেশত আৰম্ভ হ’ব ফ্লাইং টেক্সি সেৱা ! কিমান হ’ব ভাড়া ? কি কি সুবিধা পাব যাত্ৰীসকলে ?

শীঘ্ৰে আৰম্ভ হ'ব ফ্লাইং টেক্সি সেৱা । বিশেষকৈ মহানগৰত বাস কৰা লোকসকল এই সেৱাৰ জৰিয়তে সৰ্বাধিক উপকৃত হ'ব । এই সেৱা আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ কাৰ্যালয় যাত্ৰা হ'ব সম্পূৰ্ণ উৰণীয়া ।

২০৩০ ৰ ভিতৰত দেশত আৰম্ভ হ’ব ফ্লাইং টেক্সি সেৱা ! কিমান হ’ব ভাড়া ? কি কি সুবিধা পাব যাত্ৰীসকলে ?
ফ্লাইং টেক্সিImage Credit source: X Handle
manas-borah
Manas Borah | Published: 29 Apr 2025 13:18 PM

কিছুদিনৰ পাছৰ পৰা পথৰ যান-জঁটক লৈ চিন্তাৰ কৰাৰ প্ৰয়োজন নাই । সময়মতে কৰ্মস্থলীত উপস্থিত হ’ব পাৰিব আপুনি । শীঘ্ৰে আৰম্ভ হ’ব উৰণীয়া টেক্সি সেৱা । বিশেষকৈ মহানগৰত বাস কৰা লোকসকল এই সেৱাৰ জৰিয়তে সৰ্বাধিক উপকৃত হ’ব । এই সেৱা আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ কাৰ্যালয় যাত্ৰা হ’ব সম্পূৰ্ণ উৰণীয়া । এই টেক্সিখন নিৰ্মাণ কৰা হৈছে ভাৰতত ।

বাংগালুৰুস্থিত কোম্পানী সৰলা এভিয়েশনে নিৰ্মাণ কৰিছে এই ফ্লাইং টেক্সিখন। ইয়াৰ ডিজাইন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি, এই এয়াৰ টেক্সিখন বেটাৰী জৰিয়তে চলিব । ইয়াৰ ফলত ইন্ধনৰ খৰচ ৰাহি হোৱাৰ লগতে পৰিৱেশ সুৰক্ষিত হ’ব বুলি আশা কৰা হৈছে ।

‘সৰলা এভিয়েশন’ কোম্পানীটোৰ নাম সৰলা ঠকৰালৰ নামেৰে ৰখা হৈছে। তেওঁ হৈছে বিমান উৰুৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। এটা সাক্ষাৎকাৰত কোম্পানীটোৰ এজন বিষয়াই কয় যে, প্ৰথম অৱস্থাত এই টেক্সিখনৰ প্ৰিমিয়াম সেৱা আৰম্ভ কৰা হ’ব। পিছত ইয়াৰ ভাড়া অধিক হ্ৰাস পাব বুলি কয় বিষয়াগৰাকীয়ে। লগতে তেওঁ দাবী কৰে যে, কেইবছৰমানৰ ভিতৰতে এই বিলাসী টেক্সিখনৰ ভাড়া অটোৰিক্সাৰ ভাড়াৰ সমান হ’ব।

এই উৰণীয়া টেক্সিখনত কি কি সুবিধা থাকিব?

  • এই টেক্সিখনত ৬ জনৰ বাবে বহিব পৰা সুবিধা থাকিব।
  • এজন হেলিকপ্টাৰ পাইলটে এই এয়াৰ টেক্সিখন চলাব পাৰে, কিন্তু ইয়াক উৰুৱাবলৈ বিশেষ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন।
  • ইয়াত ৭টা প্ৰপেলাৰ আৰু ৭টা মটৰ থাকিব। ইয়াৰ লগত থাকিব বেক আপ মটৰ। এটা মটৰ কাম বন্ধ কৰিলে আনটো মটৰ চলিবলৈ আৰম্ভ কৰিব।
  • এই টেক্সিখন বেটাৰীত চলিব। ইয়াৰ মুঠ ৪ টা বেটাৰী থাকিব, এফালে দুটা আৰু আনফালে দুটা। বেটাৰীৰ এটা ফালে সমস্যা হ’লে আনটো ফালৰ বেটাৰীয়ে কাম আৰম্ভ হ’ব।
  • এই উৰণীয়া টেক্সিখনৰ ৰেঞ্জ ১৬০ কিলোমিটাৰ। ইয়াৰ গতি হ’ব প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ।
  • এই টেক্সিখনে ৪০০০ ফুট উচ্চতালৈকে উৰিব পাৰে, যিটো বিমান বা হেলিকপ্টাৰতকৈ কম।
  • নিৰাপত্তাৰ বাবে ছিটবেল্ট থাকিব। বহাৰ ব্যৱস্থাও যথেষ্ট আৰামদায়ক।

কোৱা হৈছে যে, এই ফ্লাইং টেক্সি প্ৰথমে বাংগালুৰুত চলিব। পিছত পুনে, মুম্বাই, কলকাতাকে ধৰি কেইবাখনো ব্যস্ত চহৰত ইয়াক মুকলি কৰা হ’ব। আৰু কোম্পানীয়ে ২০৩০ চনৰ ভিতৰত সেই চহৰবোৰত এই ফ্লাইং টেক্সিবোৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে।