এই সপ্তাহত কোন কেইটা নতুন স্মাৰ্টফোন মুকলি হ’ব ? জানক... | Infinix Zero Flip 5G and Google Pixel 9 Pro new Upcoming Smartphones; all details in Assamese Assam news - Assam Tv9

Infinix Zero Flip 5G পৰা Google Pixel 9 Pro লৈ, বজাৰত প্ৰৱেশ কৰিবলৈ গৈ আছে এইকেইটা স্মাৰ্টফোন…

Upcoming Smartphones : যদি এই সপ্তাহত নতুন ফোন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে অপেক্ষা কৰক । এই সপ্তাহত দুটাকৈ নতুন স্মাৰ্টফোন মুকলি হ’ব । বিশ্বৰ আগশাৰীৰ দুটা কোম্পানীয়ে মুকলি কৰিব এই স্মাৰ্টফোন দুটা ।

Infinix Zero Flip 5G পৰা Google Pixel 9 Pro লৈ, বজাৰত প্ৰৱেশ কৰিবলৈ গৈ আছে এইকেইটা স্মাৰ্টফোন...

প্ৰতীকী ফটো

Published: 

15 Oct 2024 14:06 PM

নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? যদি এই সপ্তাহত নতুন ফোন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে অপেক্ষা কৰক । এই সপ্তাহত দুটাকৈ নতুন স্মাৰ্টফোন মুকলি হ’ব । বিশ্বৰ আগশাৰীৰ দুটা কোম্পানীয়ে মুকলি কৰিব এই স্মাৰ্টফোন দুটা । এই সপ্তাহত মুকলি কৰা হ’ব নতুন স্মাৰ্টফোন Infinix Zero Flip 5G আৰু Google Pixel 9 Pro । ইতিমধ্যে এই দুয়োটা ফোনৰ লঞ্চ কৰাৰ তাৰিখ প্ৰকাশ পাইছে । এই নতুন স্মাৰ্টফোন দুটা কোন তাৰিখে মুকলি কৰা হ’ব আৰু এই ফোন দুটাৰ বিশেষত্ব কি? এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ জানক ।

Infinix Zero Flip 5G মুকলিৰ তাৰিখ

এই সপ্তাহৰ ১৭ অক্টোবৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব Infinix Zero Flip 5G ফোনটো। মুকলিৰ পিছত কোম্পানীটোৰ এই প্ৰথম ফ্লিপ ফোনটো Motorola Razr 50 আৰু Tecno Phantom V Flip 5G দৰে ফোনতকৈ অধিক গ্ৰাহকৰ মাজত জনপ্ৰিয় হোৱাৰ সম্ভৱনা আছে ।

Infinix Zero Flip 5G বিশেষত্ব

ইনফিনিক্স ব্ৰেণ্ডৰ এই ফ্লিপ ফোনটোত থাকিব 12o হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু 1100 নিটছ পিক ব্ৰাইটনেছ সৈতে 3.64 ইঞ্চি AMOLED কভাৰ স্ক্ৰীণ। ইয়াৰ উপৰিও সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হ’ব গৰিলা গ্লাছ ভিক্টাছ 2।

7.68 mm পাতল আৰু 195 গ্ৰাম ওজনৰ এই ইনফিনিক্স ফ্লিপ ফোনটো ৪ লাখতকৈ অধিক বাৰ ভাঁজ কৰি পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও এই হেণ্ডছেটত থাকিব 6.9 ইঞ্চি LTPO ফ্লেক্সিবল AMOLED স্ক্ৰীণ, 120 হাৰ্টজ ডাইনামিক ৰিফ্ৰেছ ৰেট, 1400 নিট পিক ব্ৰাইটনেছ সমৰ্থন।

ইয়াৰ লগতে 50 মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা আৰু 50 মেগাপিক্সেলৰ চেলফি কেমেৰাৰ সৈতে এই ফোনটোত এআই ফিচাৰ সুবিধা লাভ কৰিব। এই হেণ্ডছেটোত 4720 mAh ৰ শক্তিশালী বেটাৰী প্ৰদান কৰা হৈছে। স্পীড আৰু মাল্টিটাস্কিঙৰ বাবে এই ফোনত থাকিব মিডিয়াটেক ডাইমেনচন 8020 প্ৰচেছৰ, 16 জিবি ৰেম আৰু 512 জিবি পৰ্যন্ত ষ্ট’ৰেজ।

Google Pixel 9 Pro মুকলিৰ তাৰিখ

এই ফোনটো ১৭ অক্টোবৰত গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। আজিৰ পৰাই গ্ৰাহকৰ বাবেও ফোনটোৰ প্ৰি-বুকিং আৰম্ভ হ’ব। Google Pixel 9 Pro ৰ 16 জিবি ৰেম / 256 জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ১ লাখ ০৯ হাজাৰ ৯০০ টকা। ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ পৰা চাৰিটা ভিন্ন ৰঙৰ এই ফোনটো ক্ৰয় কৰিব পাৰিব।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?