5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মাহে ৩,৭৭৭ টকাৰ EMI ! iPhone 16 ত লাভ কৰিছে আকৰ্ষণীয় ৰেহাই…সবিশেষ জানক

ৰেহাইৰ সৈতে ইএমআইত আপুনি ক্ৰয় কৰিব পাৰিব iPhone 16 । আপোনাৰ বাজেটৰ বাহিৰত নোযোৱাকৈ ইএমআইত এই ফোন কিনিব পাৰে। আটাইতকৈ ভাল কথাটো হ’ল, ইয়াৰ বাবে আপুনি আপোনাৰ পছন্দৰ যিকোনো পৰিকল্পনা বাছি ল’ব পাৰে আৰু ইয়াৰ বাবে আপুনি কোনো ধৰণৰ সুতৰ হাৰ দিব নালাগিব।

মাহে ৩,৭৭৭ টকাৰ EMI !  iPhone 16 ত লাভ কৰিছে আকৰ্ষণীয় ৰেহাই…সবিশেষ জানক
আইফোন
manas-borah
Manas Borah | Updated On: 30 Nov 2024 14:56 PM

সকলোৰে আইফোন ক্ৰয় কৰাৰ এটা সপোন থাকে । কিন্তু ইয়াৰ দামৰ বাবে বহুতে আইফোন ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় । যিসকলে আইফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, সেই গ্ৰাহকসকলৰ বাবে ভাল খবৰ । গ্ৰাহকসকলে আইফোনত এক আকৰ্ষণীয় ৰেহাইৰ সুবিধা গ্ৰহণ কৰিব পাৰে ।

ৰেহাইৰ সৈতে ইএমআইত আপুনি ক্ৰয় কৰিব পাৰিব iPhone 16 । আপোনাৰ বাজেটৰ বাহিৰত নোযোৱাকৈ ইএমআইত এই ফোন কিনিব পাৰে। আটাইতকৈ ভাল কথাটো হ’ল, ইয়াৰ বাবে আপুনি আপোনাৰ পছন্দৰ যিকোনো পৰিকল্পনা বাছি ল’ব পাৰে আৰু ইয়াৰ বাবে আপুনি কোনো ধৰণৰ সুতৰ হাৰ দিব নালাগিব।

iPhone 16

আইফোন ১৬

iPhone 16 ত ৰেহাই

আইফোন ১৬ৰ মূল মূল্য ৭৯,৯০০ টকা যদিও আপুনি মাত্ৰ ৭৭,৯০০ টকাৰ ৰেহাইত আমাজনৰ পৰা ক্ৰয় কৰিব পাৰে । ইয়াৰ উপৰিও নিৰ্বাচিত বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে ৫০০০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব। ইয়াৰ ১২৮ জিবি ভেৰিয়েণ্টটো আপুনি ইএমআই বিকল্পত কিনিব পাৰে। ইয়াত আপুনি মাহিলী প্ৰায় ৩,৭৭৭ টকা ইএমআই দিব লাগিব।

আটাইতকৈ ভাল কথাটো হ’ল যে, ফোনটো কিনাৰ সময়ত আপুনি বেছি ডাউন পেমেণ্ট দিব নালাগে । কিন্তু যদি আপুনি আপোনাৰ বাজেট অনুসৰি অধিক ডাউন পেমেণ্ট প্ৰদান কৰে তেন্তে আপুনি মহিলী কম ইএমআইৰ সুবিধা লাভ কৰিব।

৮৯,৯০০ টকাত ২৫৬ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট ইএমআইত কিনিবলৈ হ’লে মাহে প্ৰায় ৪,৩৫৯ টকা দিব লাগিব। আনহাতে ৫১২ জিবি ভেৰিয়েন্টৰ মূল্য ১,০৯,৯০০ টকা কিন্তু যদি আপুনি ইয়াক ইএমআইত কিনে তেন্তে আপুনি ৫,৩২৮ টকাৰ ইএমআই দিব লাগিব।

iPhone 16 ৰ কেমেৰা আৰু বৈশিষ্ট্য

iPhone 16 ত ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে ৪৮ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু ১২ মেগাপিক্সেল ছেকেণ্ডাৰী কেমেৰা পাব। ইয়াৰ উপৰিও চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ১২ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা লাভ কৰিব । এই ফোনত মেক্ৰ’ ফটোগ্ৰাফীৰ বাবেও সুবিধা পাব। এই ফোনটোত Apple A18 চিপছেট আছে । ইয়াত আপুনি এটা কাষ্টমাইজেবল একচন বুটাম পাব যিটো ফোনটোৰ সোঁফালে তলৰ পৰা অলপ ওপৰলৈ ৰখা হৈছে।

Latest News