5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অপেক্ষাৰ অন্ত! আইফোন 16 ছিৰিজ ক্ৰয়ৰ বাবে এপল ষ্ট’ৰত গ্ৰাহকৰ দীঘলীয়া শাৰী

আজিৰ পৰা আৰম্ভ হৈছে নতুন আইফোনৰ বিক্ৰী। ইয়াৰ লগতে আইফোন প্ৰেমীসকলক ক্ৰয় কৰাৰ আকাংক্ষাও বৃদ্ধি পাইছে। এপল ষ্ট'ৰত আইফোন কিনিবলৈ ভিৰ কৰিছে গ্ৰাহকসকলে। আনকি এপল ষ্ট'ৰ খোলাৰ আগতেই মানুহে তাত লাইনত থিয় হৈছিল।

অপেক্ষাৰ অন্ত! আইফোন 16 ছিৰিজ ক্ৰয়ৰ বাবে এপল ষ্ট’ৰত গ্ৰাহকৰ দীঘলীয়া শাৰী
আইফোন 16 ছিৰিজ ক্ৰয়ৰ বাবে এপল ষ্ট’ৰত গ্ৰাহকৰ দীঘলীয়া শাৰী
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 20 Sep 2024 12:17 PM

আপুনি হয়তো আগতে কোনো ফোনৰ প্ৰতি ইমান উন্মাদনা দেখা নাই। নতুন আইফোনটো বিনামূলীয়াকৈ বা সস্তাত বিতৰণ কৰা নাই। কিন্তু এপল প্ৰেমীসকলৰ ভিৰ দেখি, এনে লাগিছে যেন এপল ষ্ট’ৰত আইফোন বিতৰণ কৰা হৈছে। দেশৰ প্ৰায় সকলো এপল ষ্ট’ৰত ৰাতিপুৱা হোৱা ব্যস্ততাই প্ৰমাণ কৰিছে যে বিক্ৰীৰ প্ৰথম দিনটোতে ফোন এটা কিনাটো মানুহৰ বাবে কিমান গুৰুত্বপূৰ্ণ।
বহুলোকে এক্স প্লেটফৰ্মত এপল দোকানৰ সন্মুখত ভিৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।

আইফোন নিৰ্মাতা কোম্পানী এপলে ভাৰতৰ লগতে সমগ্ৰ বিশ্ব বজাৰত মুকলি কৰিলে নতুন আইফোন 16 ছিৰিজ । কোম্পানীটোৱে প্ৰথমখন ষ্ট’ৰ মুম্বাইৰ বিকেচি আৰু দিল্লীৰ চাকেত খুলিছিল। এই দুয়োখন দোকানত ৰাতিপুৱাৰে পৰা মানুহৰ যথেষ্ট ভিৰ দেখা গৈছে। আইফোন-16 বজাৰত মুকলি কৰাৰ পৰাই এপল লাভৰ্ছে ইয়াক লৈ অতি উৎসাহিত হৈ আছে। এপল ষ্ট’ৰ খোলাৰ আগতেই ইয়াৰ সন্মুখত সমবেত হোৱা ভিৰেই ইয়াৰ প্ৰমাণ। কেৱল এয়াই নহয় বৰ্তমান আইফোন 16-ৰ হেচটেগটো এক্স প্লেটফৰ্মত ট্ৰেণ্ডিং হৈ আছে।

 

এই ফোনটো প্ৰায় ৯-১০ দিন আগতে মুকলি কৰা হৈছিল। কোম্পানীটোৱে ইয়াৰ প্ৰি-বুকিংও আৰম্ভ কৰিছিল। অৱশেষত আজি ইয়াৰ বিক্ৰী আৰম্ভ হৈছে।

iPhone 16ৰ দাম

ওপৰত উল্লেখ কৰা ভিৰৰ কথা ভাবি আইফোনটো বিনামূলীয়াকৈ উপলব্ধ বুলি নাভাবিব। ইয়াৰ দামৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ ইয়াত জানক। আইফোন 16ৰ বেছ ভেৰিয়েণ্ট 128GB ষ্ট’ৰেজ মডেলৰ দাম ৭৯,৯০০ টকাৰ পৰা আৰম্ভ হৈছে। যদি আপুনি ইয়াৰ 256GB ষ্ট’ৰেজ ভেৰিয়েণ্ট ক্ৰয় কৰে, তেন্তে আপুনি ৮৯.৯০০ টকাৰ পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও,512GB ষ্ট’ৰেজ ভেৰিয়েণ্ট ক্ৰয় কৰিবলৈ, আপুনি ১,০৯,৯০০ টকাৰ বাজেট প্ৰস্তুত কৰিব লাগিব।

যদি আপুনি এটা আইফোন ক্ৰয় কৰিব বিচাৰে, তেন্তে এপলৰ অফিচিয়েল ৱেবছাইট, ই-কমাৰ্চ প্লেটফৰ্ম – আমাজন, ফ্লিপকাৰ্ট আৰু বিজয় চেলছ আদিৰ পৰা ক্ৰয় কৰিব পাৰে। আইফোন-16 ছিৰিজটো খুচুৰা বিপনীসমূহৰ পৰাও ক্ৰয় কৰিব পাৰি।

Latest News