শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

iPhone 16e প্ৰিমিয়াম এণ্ড্ৰইড ফোনৰ বিকল্প হ’ব পাৰিব নে ?

শেহতীয়া iPhone 16e ​​ আটাইতকৈ ‘সুলভ’ বিকল্প হিচাপে পৰিগণিত হৈছে । প্ৰশ্ন হয় এই ফোনটোৱে প্ৰিমিয়াম এণ্ড্ৰইড ফোনসমূহৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিবনে ? OnePlus, iQOO আৰু Realme ৰ দৰে ব্ৰেণ্ডৰ তুলনাত iPhone 16e ৰ যাত্ৰা ইমান সহজ নহয় ।

iPhone 16e প্ৰিমিয়াম এণ্ড্ৰইড ফোনৰ বিকল্প হ’ব পাৰিব নে ?
Iphone 16e
manas-borah
Manas Borah | Published: 23 Feb 2025 14:44 PM

শেহতীয়াকৈ এপলে iPhone 16e ​​মুকলি কৰিছে । এই স্মাৰ্টফোনটো শেহতীয়া আইফোন ছিৰিজৰ আটাইতকৈ ‘সুলভ’ বিকল্প হিচাপে পৰিগণিত হৈছে । প্ৰশ্ন হয় এই ফোনটোৱে প্ৰিমিয়াম এণ্ড্ৰইড ফোনসমূহৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিবনে ? OnePlus, iQOO আৰু Realme ৰ দৰে ব্ৰেণ্ডৰ তুলনাত iPhone 16e ৰ যাত্ৰা ইমান সহজ নহয় ।

iPhone 16e: বৈশিষ্ট্য আৰু মূল্য

iPhone 16e ৰ 128GB ভেৰিয়েন্টৰ আৰম্ভণিৰ মূল্য ৫৯,৯০০ টকা। ইয়াত 6.1 ইঞ্চিৰ এলচিডি ডিছপ্লে (60Hz ৰিফ্ৰেছ ৰেট) আৰু 1,200 নিটৰ শীৰ্ষ উজ্জ্বলতা দিয়া হৈছে । এপলে ইয়াত A18 চিপছেট দিছে যদিও iPhone 16 আৰু 16 plus তুলনাত ইয়াৰ GPU দুৰ্বল। কেমেৰা ছেটআপৰ কথা ক’বলৈ গ’লে ইয়াত আছে একক 48MP ৰিয়াৰ কেমেৰা আৰু 12MP ফ্ৰন্ট কেমেৰা।

এণ্ড্ৰইড ফ্লেগশ্বিপৰ সৈতে প্ৰতিযোগিতা কৰাটো কিমান কঠিন?

যদি আমি এই মূল্যৰ ৰেঞ্জৰ এণ্ড্ৰইড ফোনসমূহ চাওঁ, তেন্তে OnePlus 12, iQOO 12, আৰু Samsung Galaxy S23 FE ৰ দৰে মডেলত উন্নত বৈশিষ্ট্য আছে। এইবোৰৰ 120Hz AMOLED ডিছপ্লে, ট্ৰিপল কেমেৰা ছেটআপ, 100W লৈকে ফাষ্ট চাৰ্জিং আৰু 6000mAh লৈকে বেটাৰী আছে। এই সকলোবোৰে ইয়াক iPhone 16e তকৈ অধিক শক্তিশালী আৰু মূল্যৰ বিনিময়ত বিকল্প কৰি তুলিছে।

এপলৰ ব্ৰেণ্ড নামটোৱেই যথেষ্ট হ’বনে?

এপলৰ iOS আৰু ব্ৰেণ্ড মূল্যই বহু ব্যৱহাৰকাৰীক আকৰ্ষণ কৰে । কিন্তু ভাৰতীয় বজাৰত দাম অতি গুৰুত্বপূৰ্ণ। যদি কোনো গ্ৰাহকে ইএমআইত ফোন কিনাৰ কথা ভাবিছে, তেন্তে তেওঁ অলপ বেছি খৰচ কৰি iPhone 16 বা iPhone 15 কিনিবলৈ পছন্দ কৰিব । কাৰণ এই মডেলবোৰৰ ডিছপ্লে আৰু কেমেৰা চেটআপ ভাল।

iPhone 16e ক বাজেট আইফোন হিচাপে চাব পাৰি যদিও প্ৰিমিয়াম এণ্ড্ৰইড ফোনতকৈ ই দুৰ্বল। যদি এপলে এই ডিভাইচটো ভাৰতীয় গ্ৰাহকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিব বিচাৰে তেন্তে ইয়াৰ মূল্য ৫০ হাজাৰ টকাতকৈ কম কৰিব লাগিব বুলি ধাৰণা কৰা হৈছে ।