আকৰ্ষণীয় ফিচাৰৰ সৈতে মুকলি হ’বলৈ গৈ আছে Vivo V50 আৰু iQOO Neo 10R, সবিশেষ জানক

আকৰ্ষণীয় ফিচাৰৰ সৈতে গ্ৰাহকৰ বাবে মুকলি হ'বলৈ গৈ আছে দুটাকৈ নতুন স্মাৰ্টফোন । এটা হৈছে IQ ব্ৰেণ্ডৰ iQOO Neo 10R আৰু আনটো হৈছে Vivo V50 । iQoo আৰু Vivo দুয়োটা কোম্পানীয়ে এই আগন্তুক স্মাৰ্টফোনত আকৰ্ষণীয় ফিচাৰ প্ৰদান কৰিছে ।

আকৰ্ষণীয় ফিচাৰৰ সৈতে মুকলি হবলৈ গৈ আছে Vivo V50 আৰু iQOO Neo 10R, সবিশেষ জানক

New Smartphone

Published: 

08 Feb 2025 13:29 PM

আপুনি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? আকৰ্ষণীয় ফিচাৰৰ সৈতে গ্ৰাহকৰ বাবে মুকলি হ’বলৈ গৈ আছে দুটাকৈ নতুন স্মাৰ্টফোন । এটা হৈছে IQ ব্ৰেণ্ডৰ iQOO Neo 10R আৰু আনটো হৈছে Vivo V50 । iQoo আৰু Vivo দুয়োটা কোম্পানীয়ে এই আগন্তুক স্মাৰ্টফোনত আকৰ্ষণীয় ফিচাৰ প্ৰদান কৰিছে ।

iQOO Neo 10R

এই স্মাৰ্টফোনটো অহা ১১ মাৰ্চত মুকলি কৰা হ’ব । কোম্পানীটোৱে জনাইছে যে, এই ফোনটো স্পীড আৰু মাল্টিটাস্কিঙৰ বাবে Snapdragon 8S Generation 3 chipset ৰ সৈতে মুকলি কৰা হ’ব । আল্ট্ৰা গেমিং মোডৰ সৈতে ২০০০ হাৰ্টজ টাচ চেম্পলিং ৰেট  চাপ’ৰ্ট থাকিব। এই স্মাৰ্টফোনটোৰ মূল্য এতিয়াও প্ৰকাশ কৰা নাই কোম্পানীটোৱে ।

Vivo V50

Vivo ব্ৰেণ্ডৰ এই আগন্তুক ফোনটো অহা ১৭ ফেব্ৰুৱাৰীত দুপৰীয়া ১২ বজাত মুকলি কৰা হ’ব। এই ফোনটোৰ বাবে ই-কমাৰ্চ প্লেটফৰ্ম আমাজনত এটা মাইক্ৰ’ছাইট তৈয়াৰ কৰা হৈছে, য’ত ফোনটোত উপলব্ধ বিশেষ ফিচাৰৰ বিষয়ে উল্লেখ কৰা হৈছে ।

এই ফোনত উপলব্ধ ফিচাৰৰ কথা ক’বলৈ গ’লে, এই ফোনত থাকিব AI বৈশিষ্ট্য, আল্ট্ৰা স্লিম কোৱাড কাৰ্ভড ডিছপ্লে, 6000mAh বেটাৰী, 90 ৱাট ফাষ্ট চাৰ্জ সমৰ্থন, 50 মেগাপিক্সেল ZEISS প্ৰাইমেৰী কেমেৰা, 50 মেগাপিক্সেল ZEISS আল্ট্ৰা ৱাইড এংগল কেমেৰা আৰু 50MP ZEISS চেলফি কেমেৰা। এই ভিভ’ ফোনটোৰ মূল্য ৩৭,৯৯৯ টকাৰ পৰা আৰম্ভ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ