শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Jio ৰ 249 বা Airtel ৰ 299, কোনটো ৰিচাৰ্জ প্লেন আপোনাৰ বাবে লাভজনক, চাওক সবিশেষ…

Jio আৰু Airtel ৰ মাজত তুলনা কৰিলে দেখা যায় যে, Jio কোম্পানীয়ে Airtel তকৈ কম মূল্যৰ ৰিচাৰ্জ প্লেন গ্ৰাহক প্ৰদান কৰি আহিছে । যদি আপুনি এয়াৰটেলৰ ২৯৯ টকা প্লেনৰ বিপৰীতে জিঅ’ৰ ২৪৯ টকা প্লেনৰ তুলনা কৰে, তেতিয়া দেখা পাব যে, দুয়োটা প্লেনৰ মূল্য বেলেগ বেলেগ হ'লেও ডাটা আৰু বৈধতা সমান।

Jio ৰ 249 বা Airtel ৰ 299, কোনটো ৰিচাৰ্জ প্লেন আপোনাৰ বাবে লাভজনক, চাওক সবিশেষ…
Jio Airtel
manas-borah
Manas Borah | Updated On: 18 Jan 2025 13:29 PM

কোনসমূহ টেলিকম কোম্পানীয়ে ভাল ৰিচাৰ্জ প্লেন গ্ৰাহকসকলক প্ৰদান কৰি আহিছে ? Jio আৰু Airtel ৰ মাজত তুলনা কৰিলে দেখা যায় যে, Jio কোম্পানীয়ে Airtel তকৈ কম মূল্যৰ ৰিচাৰ্জ প্লেন গ্ৰাহক প্ৰদান কৰি আহিছে । যদি আপুনি এয়াৰটেলৰ ২৯৯ টকা প্লেনৰ বিপৰীতে জিঅ’ৰ ২৪৯ টকা প্লেনৰ তুলনা কৰে, তেতিয়া দেখা পাব যে, দুয়োটা প্লেনৰ মূল্য বেলেগ বেলেগ হ’লেও ডাটা আৰু বৈধতা সমান।

দেখা যায় যে, বহু গ্ৰাহকে প্লেনৰ সুবিধা অনুসৰি ৰিচাৰ্জ কৰে আৰু সেই অনুসৰি, তেওঁলোকে টেলিকম সেৱা গ্ৰহণ কৰে । ধৰি লওক কোনো এজন গ্ৰাহকে যদি Jio ৰ পৰা কম মূল্যত ভাল সেৱা লাভ কৰে তেন্তে তেওঁ Jio সেৱা গ্ৰহণ কৰিব । আজি কালি বহুতে ডুৱেল চিম ফোনত Jio আৰু Airtel ৰ দুয়োটা কোম্পানীৰে টেলিকম সেৱা গ্ৰহণ কৰা দেখা গৈছে । তেওঁলোকে সুবিধা অনুসৰি যিকোনো এটা চিমত ৰিচাৰ্জ কৰে । আপুনিও যদি দুটা চিম ব্যৱহাৰ কৰে, তেন্তে কোনটো কোম্পানীয়ে কম দামত অধিক সুবিধা আগবঢ়াইছে সেই বিষয়ে জানক…

এয়াৰটেলৰ ২৯৯ প্লেন

২৯৯ টকাৰ এয়াৰটেলৰ প্লেনৰ সৈতে কোম্পানীয়ে আপোনাক প্ৰতিদিনে 1GB হাই স্পীড ডাটা দিব। ইয়াৰ উপৰিও যিকোনো নেটৱৰ্কত আনলিমিটেড ফ্ৰী কলিং আৰু প্ৰতিদিনে 100 SMS সুবিধা উপলব্ধ হ’ব। এই পৰিকল্পনাৰ সৈতে আপুনি স্পেম সতৰ্কবাণী আৰু বিনামূলীয়া Hellotune ৰ সুবিধাও পাব।

Jio ৰ 249 প্লেনৰ সবিশেষ

প্ৰতিদিনে 1GB ডাটাৰ সুবিধা ২৪৯ টকীয়া ৰিলায়েন্স জিঅ’ৰ এই প্ৰিপেইড প্লেনত লাভ কৰিব । স্থানীয় আৰু এছটিডিৰ বাবেও বিনামূলীয়া আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 SMS ৰ সুবিধা লাভ কৰিব । ডাটা, কলিং আৰু SMSৰ বাহিৰেও জিঅ’ৰ ২৪৯ টকীয়া প্লেনৰ জৰিয়তে জিঅ’ ক্লাউড, জিঅ’ টিভি আৰু জিঅ’ চিনেমাৰ বিনামূলীয়া সুবিধা লাভ কৰিব।

ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ প্লেনত কিছু মিল আছে কাৰণ দুয়োটা ৰিচাৰ্জ প্লেনে ব্যৱহাৰকাৰীক একে ডাটা, ফ্ৰী কলিং আৰু এছএমএছ প্ৰদান কৰে। কিন্তু দুয়োটা কোম্পানীৰে অতিৰিক্ত সুবিধাৰ ক্ষেত্ৰত পাৰ্থক্য দেখিব পাৰে ।

Latest News