Jio 599 Plan: 12 OTT আৰু 1000 GB ডাটা, জিঅ’ৰ এই সস্তীয়া প্লেনৰ সবিশেষ জানক
এই প্ৰতিবেদনত আপোনাক Jio ৰ 599 Plan ৰ বিষয়ে ক'বলৈ বিচৰা হৈছে । এই প্লেনৰ জৰিয়তে আপুনি কিমান ডাটা পাব আৰু কোনবোৰ OTT প্লেটফৰ্মত আপোনাক বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা দিয়া হ'ব? জানক
আপুনি ৰিলায়েন্স জিঅ’ৰ এয়াৰফাইবাৰ নেটৱৰ্ক ব্যৱহাৰ কৰে নেকি ? জিঅ’ৰ এনে এটা কম মূল্যৰ ৰিচাৰ্জ প্লেন আছে যিটোৰ পৰা আপুনি ডাটা আৰু কল কৰাৰ সুবিধা লাভ কৰাৰ উপৰি অ’টিটিৰ সুবিধাও লাভ কৰিব । এই প্ৰতিবেদনত আপোনাক Jio ৰ 599 Plan ৰ বিষয়ে ক’বলৈ বিচৰা হৈছে । এই প্লেনৰ জৰিয়তে আপুনি কিমান ডাটা পাব আৰু কোনবোৰ OTT প্লেটফৰ্মত আপোনাক বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা দিয়া হ’ব? জানক
জিঅ’ এয়াৰফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে ৰিলায়েন্স জিঅ’ৰ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেন ৫৯৯ টকা । কম মূল্যত এই প্লেনৰ জৰিয়তে অধিক সুবিধা আদায় কৰিব পাৰে ।
জিঅ’ 599 প্লেনৰ সবিশেষ
৫৯৯ টকাৰ এই ৰিলায়েন্স জিঅ’ প্লেনৰ সৈতে 1000GB হাই স্পীড ডাটা দিয়া হৈছে । এই প্লেনত 30 এমবিপিএছ স্পীড লাভ কৰিব । তদুপৰি এই প্লেনত এয়াৰফাইবাৰ ব্যৱহাৰকাৰীসকলক বিনামূলীয়া আনলিমিটেড কলিং আৰু ৮০০ৰো অধিক লাইভ টিভি চেনেলৰ সুবিধা প্ৰদান কৰা হৈছে। কোম্পানীয়ে ১০০০ টকা বিনামূলীয়া ইনষ্টলেচনৰ সুবিধা দিছে । এই তথ্য কোম্পানীটোৰ অফিচিয়েল চাইটত দিয়া হৈছে।
এই জিঅ’ এয়াৰফাইবাৰ প্লেনৰ জৰিয়তে Disney Plus Hotstar, Sony Liv, ZEE5, JioCinema Premium, Sun NXT, Hoichoi, Discovery Plus, Alt Balaji, Eros Now, Lionsgate Play আৰু ShemarooMe কে ধৰি আন বহুতো অ’টিটি এপৰ সুবিধা প্ৰদান কৰা হৈছে।
এয়াৰটেল ৫৯৯ প্লেনৰ বিৱৰণ
এয়াৰটেলৰ ৫৯৯ টকীয়া এক্সট্ৰিম ফাইবাৰ প্লেনত 30 এমবিপিএছ পৰ্যন্ত ইণ্টাৰনেট গতি , ৩৫০ টাতকৈও অধিক লাইভ টিভি চেনেল আৰু Disney Plus Hotstarকে ধৰি ২০টাতকৈও অধিক অ’টিটি এপ উপলব্ধ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই প্লেনত এফ ইউ পি লিমিটৰ সৈতে 3300GB ডাটা দিয়া হৈছে । এটা কথা মন কৰিবলগীয়া যে, এয়াৰটেল প্লেনৰ সৈতে কলিং বেনিফিট দিয়া হোৱা নাই। নতুন সংযোগ লোৱাৰ সময়ত যদি আপুনি ৬ বা ১২ মাহৰ প্লেন বাছি লয় তেন্তে আপুনি ইনষ্টলেচন চাৰ্জ দিব নালাগিব, কিন্তু যদি আপুনি মাহেকীয়া প্লেন বাছি লয় তেন্তে আপুনি ১৫০০ টকা ইনষ্টলেচন চাৰ্জ দিব লাগিব।
৫৯৯ টকাৰ ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ প্লেনৰ ১৮ শতাংশ জিএছটিৰ পিছত ৭০৬.৮২ টকা খৰচ ভৰিব লাগিব । ৫৯৯ টকাৰ লগতে ১০৭.৮২ টকা চাৰ্জ লোৱা হয়।