গ্ৰাহকলৈ জিঅ’ৰ অনন্য অফাৰঃ মাত্ৰ ১৭৫ টকাৰ প্লেনত লাভ কৰিব এনে সুবিধা

বৰ্তমান সময়ত অধিকাংশ লোকৰে OTT প্লেটফৰ্মত নতুন চিনেমা আৰু ৱেব ছিৰিজ চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। মনোৰঞ্জনৰ এই বিশেষ মাধ্যম OTT প্লেটফৰ্মসমূহৰ চাবস্ক্ৰিপচনৰ বাবে গ্ৰাহকে ভৰিব লগা হয় অতিৰিক্ত ধন। গ্ৰাহকৰ এই ৰুচি পূৰ কৰিবলৈ জিঅ’ই আগবঢ়াইছে এক বিশেষ ৰিছাৰ্জ প্লেন।

গ্ৰাহকলৈ জিঅ’ৰ অনন্য অফাৰঃ মাত্ৰ ১৭৫ টকাৰ প্লেনত লাভ কৰিব এনে সুবিধা

গ্ৰাহকলৈ জিঅ’ৰ বিশেষ অফাৰ

Published: 

08 Feb 2025 11:40 AM

গ্ৰাহকক আকৃষ্ট কৰিবলৈ টেলিকম কোম্পানীসমূহে সময়ে সময়ে আগবঢ়ায় কিছুমান বিশেষ অফাৰ। এনে অফাৰ আগবঢ়োৱাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ ৰুচিৰ প্ৰতিও লক্ষ্য ৰাখে। বৰ্তমান সময়ত অধিকাংশ লোকৰে OTT প্লেটফৰ্মত নতুন চিনেমা আৰু ৱেব ছিৰিজ চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। মনোৰঞ্জনৰ এই বিশেষ মাধ্যম OTT প্লেটফৰ্মসমূহৰ চাবস্ক্ৰিপচনৰ বাবে গ্ৰাহকে ভৰিব লগা হয় অতিৰিক্ত ধন। গ্ৰাহকৰ এই ৰুচি পূৰ কৰিবলৈ জিঅ’ই আগবঢ়াইছে এক বিশেষ ৰিছাৰ্জ প্লেন।

জিঅ’ৰ এই প্লেনত গ্ৰাহকসকলে কেইবাটাও অ’টিটি প্লেনৰ সুবিধা উপভোগ কৰিব পাৰিব। টেলিকম কোম্পানীটোৱে মাত্ৰ ১৭৫ টকাত আগবঢ়াইছে এই বিশেষ প্লেন। এই প্লেনৰ দ্বাৰা জিঅ’ৰ গ্ৰাহকসকলে ১০ জিবি হাই স্পীড ডাটাৰ লগতে ১০ টা OTT এপ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। গ্ৰাহকসকলে এই প্লেনত Sony LIV, ZEE5, JioCinema Premium, Lionsgate Play, Discovery Plus, Sun Next, Kancha Lanka, Planet Marathi, Chaupal, Hoichoi ৰ বিনামূলীয়া সুবিধা লাভ কৰিব।

এই প্লেনেৰে ৰিছাৰ্জ কৰাৰ পিছত গ্ৰাহকসকলে জিঅ’ চিনেমা প্ৰিমিয়ামৰ ২৮ দিনৰ চাবস্ক্ৰিপচন কুপন লাভ কৰিব। এই কুপন গ্ৰাহকসকলে মাই জিঅ’ একাউণ্টত দেখিবলৈ পাব। আনহাতে জিঅ’ টিভিৰ মোবাইল এপৰ জৰিয়তে বাকী থকা এপসমূহৰ সুবিধা উপভোগ কৰিব পাৰিব গ্ৰাহকসকলে। অৱশ্যে এই প্লেনত কেৱল OTT আৰু মোবাইল ডাটাহে লাভ কৰিব গ্ৰাহকে। অৰ্থাৎ ফোন কল বা এছএমএছৰ সুবিধা এই পৰিকল্পনাত উপলব্ধ নহয়।

১৭৫ টকাৰ এই ৰিলায়েন্স জিঅ’ প্ৰিপেইড প্লেনৰ বৈধতা ২৮ দিনৰ। অৰ্থাৎ ওপৰত উল্লেখ কৰা ১০টা অ’টিটি এপৰ সুবিধা ২৮ দিনৰ বাবে লাভ কৰিব পাৰিব। জিঅ’ৰ বাহিৰেও দেশৰ আন এটা বহুল প্ৰচলিত টেলিকম কোম্পানী এয়াৰটেলেও গ্ৰাহকসকললৈ এনে এক অ’টিটি প্লেন আগবঢ়ায়। এয়াৰটেলৰ এই প্লেনৰ দাম ১৮১। এই প্লেনত এয়াৰটেলৰ গ্ৰাহকসকলে ১৫ জিবি হাই স্পীড ডাটাৰ উপৰিও ২২ টা অ’টিটি এপৰ সুবিধা লাভ কৰে।

কোম্পানীটোৰ অফিচিয়েল চাইটত পোৱা তথ্য অনুসৰি এই প্লেনত গ্ৰাহকসকলে Sony LIV, Lionsgate Play, Sun Next, Chaupal, Hoichoiৰ দৰে ২২টা অ’টিটিৰ সুবিধা ল’ব পাৰিব। ১৮১ টকাৰ এয়াৰটেলৰ ৰিছাৰ্জ প্লেনৰ জৰিয়তে কোম্পানীটোৱে ৩০ দিনৰ বৈধতা প্ৰদান কৰিছে। অৰ্থাৎ এই প্লেনৰ দ্বাৰা ৩০ দিনৰ বাবে ২২টা অ’টিটি এপ আৰু ১৫ জিবি হাই স্পীড ডাটাৰ সুবিধা লাভ কৰিব গ্ৰাহকে।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ