সস্তা হ’ল Jioৰ প্লেনঃ এতিয়া ইমান টকাতে লাভ কৰিব এমহীয়া প্লেন…

গ্ৰাহকসকললৈ এক সুখবৰ কঢ়িয়াই আনিছে জিঅ’ই। শেহতীয়াকৈ কোম্পানীটোৱে ১৮৯ টকাৰ সস্তীয়া প্লেনৰ বন্ধ কৰি দিছিল যদিও এতিয়া এই প্লেন পুনৰ জিঅ’ৰ অফিচিয়েল চাইটত প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। জিঅ’ৰ এই প্লেনটো গ্ৰাহকসকলে ক’ত দেখিবলৈ পাব আৰু এই ৰিচাৰ্জ প্লেনৰ দ্বাৰা আপুনি কি কি সুবিধা পাব, সেই বিষয়ে চাওঁ আহক।

সস্তা হ’ল Jioৰ প্লেনঃ এতিয়া ইমান টকাতে লাভ কৰিব এমহীয়া প্লেন…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

31 Jan 2025 22:08 PM

টেলিকম বজাৰত প্ৰৱেশ কৰাৰ পিছতে দেশত ধুমুহাৰ সৃষ্টি কৰিছিল ৰিলায়েন্স জিঅ’ই। কম মূল্যতে মোবাইল সেৱা আগবঢ়াই জিঅ’ই দেশজুৰি বৃ্হৎ হাৰত গ্ৰাহকক আকৰ্ষণ কৰিছিল। পিছে শেহতীয়াকৈ মুকেশ আম্বানী মালিকানাধীন কোম্পানীটোৱে প্লেনসমূহৰ দাম যথেষ্ট বৃদ্ধি কৰিছিল। এনে কাৰ্যই টেলিকম কোম্পানীটোৰ গ্ৰাহকসকলক ক্ষুব্ধ কৰি তুলিছিল। পিছে এইবাৰ গ্ৰাহকসকললৈ এক সুখবৰ কঢ়িয়াই আনিছে কোম্পানীটোৱে।

শেহতীয়াকৈ কোম্পানীটোৱে ১৮৯ টকাৰ সস্তীয়া প্লেনৰ বন্ধ কৰি দিছিল যদিও এতিয়া এই প্লেন পুনৰ জিঅ’ৰ অফিচিয়েল চাইটত প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। জিঅ’ৰ এই প্লেনটো গ্ৰাহকসকলে ক’ত দেখিবলৈ পাব আৰু এই ৰিচাৰ্জ প্লেনৰ দ্বাৰা আপুনি কি কি সুবিধা পাব, সেই বিষয়ে চাওঁ আহক-

ৰিলায়েন্স জিঅ’ৰ এই ১৮৯ টকীয়া প্লেন মূল্য শিতানত দেখা যায় যদিও এই শিতানত কোম্পানীটোৱে এফ’ৰ্ডেবল পেক নামৰ এটা শাখাৰ সৃষ্টি কৰিছে। এই শাখাটোত ১৮৯ টকীয়া প্লেন ৰিচাৰ্জৰ বাবে উপলব্ধ। এই একেটা প্লেনৰ মূল্য বিগত বছৰৰ জুলাই মাহত শুল্ক বৃদ্ধিৰ পূৰ্বে ১৫৫ টকা আছিল। শেহতীয়াকৈ এই প্লেন আঁতৰোৱাৰ তথ্য টেলিকম টকৰ প্ৰতিবেদনৰ পৰা লাভ কৰা হৈছে।

এতিয়া কোম্পানীটোৱে ৮৪ দিনৰ বৈধতাৰে নিজৰ আটাইতকৈ কম মূল্যৰ প্লেন পুনৰ গ্ৰাহকসকলক প্ৰদান কৰিব নে নকৰে, সেয়া লক্ষণীয় হ’ব। উল্লেখ্য যে ৮৪ দিনৰ বৈধতা প্ৰদান কৰা জিঅ’ৰ আটাইতকৈ কম মূল্যৰ এই প্লেনটো ৪৭৯ টকাত পোৱা গৈছিল।

উল্লেখ্য যে ১৮৯ টকীয়া ৰিলায়েন্স জিঅ’ প্লেনৰ জৰিয়তে মুঠ ২ জিবি হাইস্পীড ডাটা লাভ কৰিব গ্ৰাহকে। লগতে যিকোনো আনলিমিটেড বিনামূলীয়া কলিং আৰু ৩০০ এছএমএছৰ সুবিধাও দিয়া হৈছে। এই প্লেনটোৰ বৈধতা হ’ব ২৮ দিন। এই প্লেনৰ সৈতে গ্ৰাহকে জিঅ’ টিভি, জিঅ’ চিনেমা আৰু জিঅ’ ক্লাউডৰ বিনামূলীয়া সুবিধা লাভ কৰিব।

জিঅ’ৰ এই প্লেনৰ ডাটা শেষ হোৱাৰ পিছত গতি ৬৪Kbps লৈ হ্ৰাস পাব। ২৮ দিনৰ বৈধতা প্ৰদান কৰা ১৮৯ টকীয়া এই প্লেনেই হৈছে জিঅ’ৰ আটাইতকৈ কম মূল্যৰ প্লেন। যদি আপুনি অধিক ডাটা বিচাৰে তেন্তে জিঅ’ৰ ১৯৯ টকীয়া প্লেনেৰে ৰিছাৰ্জ কৰিব পাৰে। এই প্লেনত ১.৫ জিবি হাই স্পীড ডাটা, ফ্ৰী কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা লাভ কৰিব। কিন্তু ১৯৯ টকীয়া প্লেনৰ ক্ষেত্ৰত গ্ৰাহকসকলে মাত্ৰ ১৮ দিনৰ বৈধতা লাভ কৰিব।

সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া
দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল