শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025 ৰ পূৰ্বে আকৰ্ষণীয় অফাৰ Jio ৰ, ৯০ দিনৰ বাবে বিনামূলীয়াকৈ লাভ কৰক এই সুবিধাবোৰ…

ক্ৰিকেট অনুৰাগীৰ বাবে Jio য়ে লৈ আহিছে Unlimited Offer। ৰিলায়েন্স জিঅ'ৰ এই নতুন অফাৰটো কোম্পানীটোৰ বৰ্তমান আৰু নতুন ব্যৱহাৰকাৰীৰ উভয়ে গ্ৰহণ কৰিব পাৰে । Jio য়ে কেনেধৰণৰ অফাৰ আগবঢ়াইছে আৰু এই অফাৰ কেনেকৈ লাভ কৰিব ? জানক

IPL 2025 ৰ পূৰ্বে আকৰ্ষণীয় অফাৰ Jio ৰ, ৯০ দিনৰ বাবে বিনামূলীয়াকৈ লাভ কৰক এই সুবিধাবোৰ…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 17 Mar 2025 18:25 PM

IPL 2025 ৰ মেচ ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব । এই উপলক্ষে ক্ৰিকেট অনুৰাগীৰ বাবে Jio য়ে লৈ আহিছে Unlimited Offer। ৰিলায়েন্স জিঅ’ৰ এই নতুন অফাৰটো কোম্পানীটোৰ বৰ্তমান আৰু নতুন ব্যৱহাৰকাৰীৰ উভয়ে গ্ৰহণ কৰিব পাৰে । Jio য়ে কেনেধৰণৰ অফাৰ আগবঢ়াইছে আৰু এই অফাৰ কেনেকৈ লাভ কৰিব ? জানক

Jio Cricket Offer 2025

ৰিলায়েন্স Jio ৰ শেহতীয়া অফাৰৰ অধীনত কোটি কোটি Jio ৰ ব্যৱহাৰকাৰীক কোম্পানীটোৱে Jio Hotstar বিনামূলীয়া সুবিধা প্ৰদান কৰিছে। বিশেষ কথাটো হ’ল কোম্পানীয়ে আপোনাক মাত্ৰ এটাই নহয় তিনিটা সুবিধা দিছে, প্ৰথমটো সুবিধা হৈছে 4K গুণগত মান, দ্বিতীয়টো সুবিধা হৈছে মোবাইলত Jio Hotstar আৰু তৃতীয়টো সুবিধা হৈছে টিভিতো Jio Hotstar ৰ সুবিধা।

কেনেকৈ লাভ কৰিব এই অফাৰ ?

যদি আপুনি Jio Hotstar বিনামূলীয়াকৈ উপলব্ধ কৰিব বিচাৰে তেন্তে আপুনি Jio 299 Plan বা তাৰ ওপৰৰ যিকোনো প্লেন কিনিব লাগিব। প্লেন ক্ৰয় কৰাৰ পিছত ৯০ দিনৰ বাবে বিনামূলীয়াকৈ দিয়া হ’ব Jio Hotstar।

কেৱল Jio Hotstar য়ে নহয়, Jio Home সেৱাও ৫০ দিনৰ বাবে প্ৰদান কৰা হৈছে । ইয়াৰ অধীনত আপুনি ৮০০ৰো অধিক লাইভ টিভি চেনেল, ১১টাতকৈও অধিক অ’টিটি এপ আৰু আনলিমিটেড ৱাই-ফাইৰ সুবিধা লাভ কৰিব। মন কৰিবলগীয়া যে, কোম্পানীটোৱে 2GB দৈনিক ডাটা আৰু তাৰ ওপৰৰ প্লেনৰ সৈতে আনলিমিটেড 5G ডাটা আগবঢ়ায়।

এই অফাৰৰ সুবিধা ল’বলৈ আজিৰ পৰা অৰ্থাৎ ১৭ মাৰ্চৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব । কিন্তু ১৭ মাৰ্চৰ পূৰ্বে ৰিচাৰ্জ কৰাসকলে ১০০ টকাৰ এড-অন পেক লৈ এই অফাৰৰ সুবিধা ল’ব পাৰিব। ১৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ ৰিচাৰ্জ কৰিলেহে এই অফাৰৰ সুবিধা লাভ কৰিব। Jio Hotstar পেকটো ২২ মাৰ্চৰ পৰা লাইভ হ’ব আৰু ৯০ দিনৰ বাবে বৈধ হ’ব।