JioBharat K1 Karbonn 4G : ৬৯৯ টকীয়া এই ফোনটোৰ ৰিচাৰ্জ প্লেনৰ মূল্য কিমান ? কি কি সুবিধা লাভ কৰিব ? জানক
ৰিলায়েন্স জিঅ'ই এনে এটা সস্তীয়া ফোন আগবঢ়াইছে যাৰ দাম মাত্ৰ ৬৯৯ টকা । এই ফোনটোৰ নাম হৈছে JioBharat K1 Karbonn 4G । কোম্পানীটোৰ এই ফোনটোৰ বাবে তিনিটা ৰিচাৰ্জ প্লেন উপলব্ধ ।

ৰিলায়েন্স জিঅ' ভাৰতৰ ফোন ৰিচাৰ্জ প্লেন কিমান?
ৰিলায়েন্স জিঅ’ৰ সস্তীয়া ৰিচাৰ্জ প্লেনেই নহয় সুলভ মূল্যৰ ফোনও উপলব্ধ। ৰিলায়েন্স জিঅ’ই এনে এটা সস্তীয়া ফোন আগবঢ়াইছে যাৰ দাম মাত্ৰ ৬৯৯ টকা । এই ফোনটোৰ নাম হৈছে JioBharat K1 Karbonn 4G । ৬৯৯ টকাত আপুনি এই ফোনটোৰ Black and Grey ভেৰিয়েন্ট ক্ৰয় কৰিব পাৰে । ইফালে, Black and Red ভেৰিয়েণ্টটো কিনিবলৈ হ’লে ৯৩৯ টকা খৰচ কৰিব লাগিব। এই মূল্যত আপুনি এই ফোনটো জিঅ’মাৰ্ট চাইটৰ লগতে ই-কমাৰ্চ প্লেটফৰ্ম আমাজনতো পাব।
JioBharat K1 Karbonn 4G বৈশিষ্ট্য
এই ফোনত উপলব্ধ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে, আপুনি এই ফোনটো পাব 0.5 GB ৰেম আৰু 128 GB ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে। মনকৰিবলগীয়া যে, এছ ডি কাৰ্ডৰ সহায়ত ইণ্টাৰনেল ষ্ট’ৰেজ বৃদ্ধি কৰিব পাৰিব।
এই ফোনটোত এটাই Nano SIM ব্যৱহাৰ কৰাৰ সুবিধা পাব । কিন্তু এই ফোনত কেৱল Jio কোম্পানীৰ SIM য়েহে কাম কৰিব । কাৰণ Airtel, Vodafone Idea ওৰফে Vi বা BSNL কোম্পানীৰ SIM এই ডিভাইচত সমৰ্থিত নহয়। 1.77 ইঞ্চি স্ক্ৰীণৰ সৈতে অহা এই ফিচাৰ ফোনটোৰ স্ক্ৰীণ ৰিজ’লিউচন 720 পিক্সেল। এই ফোনটোৰ পিছফালে এটা ডিজিটেল কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।
ফোনটোৰ বিশেষত্ব কি?
মাত্ৰ ৬৯৯ টকাৰ মূল্যত অহা এই ফোনটোত 4G নেটৱৰ্ক সমৰ্থন কৰে আৰু এই ফোনটোৰ ৰিচাৰ্জ প্লেনও অতি সস্তা। এই ফোনটোৱে লাইভ টিভি চোৱাৰ বাবে Jio TV, সংগীত শুনিবলৈ Jio Saavn আৰু পেমেণ্টৰ বাবে Jio Pay আদি এপসমূহ সমৰ্থন কৰিব। কেৱল এয়াই নহয়, কোম্পানীয়ে এই ফোনটোত এনে এটা বেটাৰী প্ৰদান কৰিছে যিটো এবাৰ চাৰ্জ হ’লে বহু ঘণ্টা ব্যৱহাৰ কৰিব পাৰিব ।
JioBharat ৰিচাৰ্জৰ প্লেন
কোম্পানীটোৰ এই ফোনটোৰ বাবে তিনিটা ৰিচাৰ্জ প্লেন উপলব্ধ । এটা সস্তা প্লেনৰ দাম ১২৩ টকা। এই প্লেনৰ জৰিয়তে ২৮ দিনৰ বৈধতাৰে প্ৰতিদিনে ০.৫ জিবি ডাটা, আনলিমিটেড ভইচ কলিং আৰু ৩০০ এছএমএছ লাভ কৰিব । ১২৩ টকাৰ উপৰিও ২৩৪ টকীয়া প্লেনও উপলব্ধ যিটোৰ বৈধতা ৫৬ দিনৰ। এই পৰিকল্পনাতো ২৮ দিনৰ বাবে দৈনিক ০.৫ জিবি ডাটা, বিনামূলীয়া কলিং আৰু ৩০০ এছএমএছ দিয়া হৈছে।
JioBharat ফোন ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীৰ বাবে কোম্পানীটোৰ এটা লং ভেলিডিটি প্লেনও আছে যাৰ মূল্য ১২৩৪ টকা। এই প্লেনত প্ৰতিদিনে ০.৫ জিবি হাই স্পীড ডাটা, আনলিমিটেড কলিং আৰু ৩৩৬ দিনৰ বৈধতাৰে ২৮ দিনৰ বাবে ৩০০ এছএমএছৰ ব্যৱস্থা আছে। এই তিনিওটা প্লেনত Jio Saavn, Jio TV আৰু Jio Cinema ৰ বিনামূলীয়া সুবিধাও দিয়া হৈছে।